Advertisment

গংগাৰ পানী সবাতোকৈ লেতেৰা, মৃতদেহ দলিয়াই দিছে নদীখনতঃ জয়া বচ্ছন...

মহাকুম্ভ মেলাৰ ব্যৱস্থাপনা আৰু বিসংগতিক লৈ কঠোৰ সমালোচনা সমাজৱাদী পাৰ্টিৰ সাংসদ জয়া বচ্ছনৰ। তেওঁ সংবাদমাধ্যমৰ আগত কয় যে, মহাকুম্ভ মেলা পানী হৈছে আটাইতকৈ দূষিত পানী।

author-image
Asomiya Pratidin
New Update
জয়া বচ্ছন

জয়া বচ্ছন Photograph: (জয়া বচ্ছন)

ডিজিটেল ডেস্কঃ মহাকুম্ভ মেলাৰ ব্যৱস্থাপনা আৰু বিসংগতিক লৈ কঠোৰ সমালোচনা সমাজৱাদী পাৰ্টিৰ সাংসদ জয়া বচ্ছনৰ। তেওঁ সংবাদমাধ্যমৰ আগত কয় যে, মহাকুম্ভ মেলা পানী হৈছে আটাইতকৈ দূষিত পানী। শেহতীয়াকৈ মেলাত মৃত্যু হোৱা লোকৰ মৃতদেহ নদীত দলিয়াই দিয়া হৈছিল আৰু সেই পানীতে ভক্তসকলে স্নান কৰিছে। এয়া কেনে কথা! এই কথাবোৰক লৈ কিয় আলোচনা হোৱা নাই?

Advertisment

সাংসদগৰাকীয়ে লগতে মেলালৈ অহা ভক্তৰ সংখ্যাক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয় যে, মেলালৈ অহা সাধাৰণ নাগৰিকক কোনো বিশেষ সুবিধা প্ৰদান কৰা নাই। তেওঁলোকৰ বাবে তেনে কোনো ব্যৱস্থাই নাই। ইয়াৰ বিপৰীতে এটাৰ পাছ এটা মিছা কথা কৈছে যে, তাত কোটি কোটি লোকৰ সমাগম হৈছে। ইমান কোটি কোটি লোক এটা সময়তে একেটা স্থানত কেনেকৈ সমাগম হ'ব পাৰে!

জয়া বচ্ছনে লগতে বিজেপি চৰকাৰ আৰু একাংশ ধাৰ্মিক সংগঠনক তীক্ষ্ণ সমালোচনা কৰি কয় যে, বিজেপিয়ে দৰাচলতে ক্ষমা খুজিব লাগে। তেওঁলোকে হিন্দুৰ আস্থাৰ কথা কয়, আচলতেঁ তেওঁলোকে হিন্দুক অপমানহে কৰিছে। তেওঁলোকে বিভ্ৰান্তিকৰ তথ্য ৰাজহুৱা কৰি সাধাৰণ লোকক বিপথে পৰিচালিত কৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে, মহাকুম্ভ মেলাৰ ব্যৱস্থাপনা আৰু বিসংগতিক লৈ ইয়াৰ পূৰ্বে প্ৰশ্ন উত্থাপন কৰিছিল সমাজৱাদী পাৰ্টিৰ মুৰব্বী অখিলেখ যাদৱে। তেওঁ মন্তব্যত কৈছিল যে, মহাকুম্ভৰ সকলো সুৰক্ষা আৰু ব্যৱস্থাপনাৰ দায়িত্ব চমজাই দিব লাগে সেনাক। 

ইফালে জয়া বচ্ছনে প্ৰদান কৰা এই বক্তব্যৰ ভিত্তিত উত্তৰ প্ৰদেশ চৰকাৰে স্পষ্ট কৰি দিছে যে, কোনো মৃতদেহ নদীত দলিয়াই দিয়া হোৱা নাই। এয়া মিছা অভিযোগ। 

 

 

 

 

 

মহাকুম্ভ মেলা