অভাৱনীয় হাৰত বৃদ্ধি পাইছে আমেৰিকাত পঢ়িবলৈ যোৱা ভাৰতীয় শিক্ষাৰ্থীৰ সংখ্যা

উচ্চ শিক্ষাৰ বাবে শিক্ষাৰ্থীসকল বিদেশলৈ যোৱাটো আজিকালি একেবাৰেই সাধাৰণ হৈ পৰিছে।এই ক্ষেত্ৰত ভাৰতীয় শিক্ষাৰ্থীসকলৰ প্ৰথম পছন্দ হৈছে আমেৰিকা।হয়, শেহতীয়া এক পৰিসংখ্যাৰ পৰা এই বিষয়ে স্পষ্ট হৈছে। উচ্চ শিক্ষাৰ লগতে উজ্জ্বল ভৱিষ্যতৰ সন্ধানত আমেৰিকালৈ যোৱা ভাৰতীয়ৰ সংখ্যা ৩৫ শতাংশলৈকে বৃদ্ধি হৈছে। ২০২২-২৩ শিক্ষাবৰ্ষত এতিয়ালৈকে সৰ্বাধিক ২,৬৮,৯২৩ জন শিক্ষাৰ্থী আমেৰিকালৈ গৈছে।

author-image
Asomiya Pratidin
New Update
অভাৱনীয় হাৰত বৃদ্ধি পাইছে আমেৰিকাত পঢ়িবলৈ যোৱা ভাৰতীয় শিক্ষাৰ্থীৰ সংখ্যা

ডিজিটেল ডেস্ক: উচ্চ শিক্ষাৰ বাবে শিক্ষাৰ্থীসকল বিদেশলৈ যোৱাটো আজিকালি একেবাৰেই সাধাৰণ হৈ পৰিছে।এই ক্ষেত্ৰত ভাৰতীয় শিক্ষাৰ্থীসকলৰ প্ৰথম পছন্দ হৈছে আমেৰিকা।হয়,  শেহতীয়া এক পৰিসংখ্যাৰ পৰা এই বিষয়ে স্পষ্ট হৈছে। উচ্চ শিক্ষাৰ লগতে উজ্জ্বল ভৱিষ্যতৰ সন্ধানত আমেৰিকালৈ যোৱা ভাৰতীয়ৰ সংখ্যা ৩৫ শতাংশলৈকে বৃদ্ধি হৈছে। ২০২২-২৩ শিক্ষাবৰ্ষত এতিয়ালৈকে সৰ্বাধিক ২,৬৮,৯২৩ জন শিক্ষাৰ্থী আমেৰিকালৈ গৈছে। 

Advertisment

আন্তৰ্জাতিক শিক্ষা সপ্তাহৰ আৰম্ভণিতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, আমেৰিকা যুক্তৰাজ্য হৈছে উচ্চ শিক্ষাৰ বাবে ভাৰতীয় শিক্ষাৰ্থীৰ প্ৰথম পছন্দ। ভাৰতীয় শিক্ষাৰ্থীসকলৰ এই ধাৰা একেৰাহে তিনি বছৰ ধৰি আছে। প্ৰতিবেদন অনুসৰি, ভাৰতৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যোৱা শিক্ষাৰ্থীৰ সংখ্যা প্ৰায় ৩৫ শতাংশ বৃদ্ধি পাইছে। ২০২২-২৩বৰ্ষত এই সংখ্যা ২.৬৮ লাখ শিক্ষাৰ্থী অতিক্ৰম কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰত অধ্যয়ন কৰা মুঠ বিদেশী শিক্ষাৰ্থীৰ ২৫ শতাংশই ভাৰতীয়।

ভাৰতীয় শিক্ষাৰ্থীসকলে এতিয়া এই ক্ষেত্ৰত চীনকো অতিক্ৰম কৰিছে। এক নতুন প্ৰতিবেদন অনুসৰি, ২০০৯-১০ বৰ্ষৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত স্নাতক হোৱা ভাৰতীয় শিক্ষাৰ্থীৰ সংখ্যা ৬৩ শতাংশ বৃদ্ধি হৈ ১.৬৫ লাখতকৈও অধিক হৈছে, যি চীনৰ শিক্ষাৰ্থীসকলৰ তুলনাত বেছি। যোৱা বছৰ আমেৰিকাত স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীৰ সংখ্যাও ১৬ শতাংশ বৃদ্ধি পাইছে। 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে প্ৰকাশ কৰা মতে, ২০২৩ বৰ্ষৰ জুন-আগষ্টত ভাৰতীয় শিক্ষাৰ্থীসকলৰ ৯৫২৬৯টা ভিছা জাৰি কৰা হৈছিল, যিয়ে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় স্নাতক শিক্ষাৰ্থীৰ সংখ্যা ৬৩ শতাংশ বৃদ্ধি হৈ ১,৬৫,৯৩৬ জন হৈছে। আনহাতে, ভাৰতীয় স্নাতক শিক্ষাৰ্থীৰ সংখ্যাও ১৬ শতাংশ বৃদ্ধি পাইছে। ২০২২ চনৰ তুলনাত ই ১৮ শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত এৰিকা গাৰ্চেটিয়ে সকলো ভাৰতীয়কে ধন্যবাদ জনাইছে।

Also Read: কোনবোৰ ছোৱালীৰ প্ৰতি ল’ৰা আটাইতকৈ বেছি আকৰ্ষিত হয় জানেনে ?