বিয়াৰ দিন ঠিক হ’ল অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ

বিয়াৰ দিন ঠিক হ’ল অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ

ডিজিটেল ডেস্ক: আকৌ বিয়াৰ পৰিৱেশত উখল-মাখল হ’ব মুকেশ আম্বানীৰ ঘৰ।আম্বানী  পৰিয়ালৰ লগতে অনুৰাগীসকলৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ এতিয়া অন্ত পৰিল। হয়, বিয়াৰ দিন ঠিক হ’ল নীতা আৰু মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ।

আম্বানী পৰিয়ালৰ পৰা ওলোৱা খবৰ অনুসৰি, অনন্ত আম্বানী আৰু ৰাধিকা মাচেণ্ট  ২০২৪ চনৰ জুলাইত বিবাহ পাশত আৱদ্ধ হ'ব। এই বিয়াৰ কাৰ্যসূচী তিনিদিনীয়াকৈ অৰ্থাৎ ১০,১১ আৰু ১২ জুলাইত অনুষ্ঠিত হ'ব। গণেশ উৎসৱ উপলক্ষে হেনো মুকেশ আম্বানীয়ে নিজেই বিবাহৰ তাৰিখ ঠিক কৰিছে।

উল্লেখ্য যে, এই বছৰৰ আৰম্ভণিতে উদয়পুৰৰ পৰা ৪৮ কিলোমিটাৰ দূৰত ৰাজস্থানৰ নাথৱাড়াত অৱস্থিত শ্ৰীনাথ মন্দিৰত অনন্ত আৰু ৰাধিকাৰ বাগদান অনুষ্ঠান অনুষ্ঠিত হৈছিল।ৰাধিকা মাৰ্চেণ্টক ঈশা আম্বানী আৰু আকাশ আম্বানীৰ বিয়াতো পৰিয়ালৰ সৈতে দেখা গৈছিল। ৰাধিকা ইতিমধ্যেই আম্বানী পৰিয়ালৰ এজন বিশেষ সদস্য হৈ পৰিছে। তেওঁক অলপতে অনুষ্ঠিত গণপতি উৎসৱত শাহুৱেকৰ সৈতে বিশেষভাৱে দেখা গৈছিল।আম্বানী পৰিয়ালত ৰাধিকা তেওঁৰ শাহু নীতা আম্বানীৰ খুবেই প্ৰিয়।

কোন এই ৰাধিকা মাৰ্চেণ্ট ? 

এনক'ৰ হেল্থকেয়াৰৰ মুখ্য কাৰ্যবাহী বিষয়া বীৰেন মাৰ্চেণ্ট আৰু শৈলা মাৰ্চেণ্টৰ কন্যা ৰাধিকা। ৰাধিকা মাৰ্চেণ্ট মূলতে গুজৰাটৰ যদিও তেওঁ মুম্বাইতে ১৯৯৪ চনৰ ১৮ ডিচেম্বৰত জন্ম হৈছিল। মুম্বাইত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে। ৰাধিকা মাৰ্চেণ্ট বৰ্তমান এনক'ৰ হেল্থকেয়াৰত পৰিচালক হিচাপে কাম কৰি আছে। ৰাধিকাই ইয়াৰ পূৰ্বে বিশ্ব বহু আগশাৰীৰ কোম্পানীত চাকৰি কৰিছে।

কিছু বছৰ পূৰ্বে চিনাকি হোৱা অনন্ত আৰু ৰাধিকা প্ৰথমে বন্ধুত্বৰ এনাজৰীৰে বান্ধ খাইছিল যদিও পাছত এই সম্পৰ্কই প্ৰেমৰ ৰূপ লয়। মুকেশ আম্বানী আৰু তেওঁৰ পত্নী নীতা আম্বানীয়ে এই বছৰৰ জুন মাহত মুম্বাইৰ জিঅ' ৱৰ্ল্ড চেণ্টাৰত ৰাধিকাৰ বাবে এক বিশাল  অনুষ্ঠানৰ আয়োজন কৰিছিল। ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ প্ৰশিক্ষিত শিল্পী ৰাধিকাই এই অনুষ্ঠানত পোন প্ৰথমবাৰৰ বাবে মঞ্চত নৃত্য প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

বিয়াৰ দিন ঠিক হ’ল অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ
গোপনে বাগদান সম্পন্ন উৰ্ফী জাভেদৰ, ভাইৰেল হ’ল ফটো

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in