গোপনে বাগদান সম্পন্ন উৰ্ফী জাভেদৰ, ভাইৰেল হ’ল ফটো

উৰ্ফি জাভেদ, নামেই যাৰ পৰিচয়।নিতৌ আজৱ-গজৱ ডিজাইনৰ কাপোৰ পিন্ধি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা উৰ্ফি যিমানেই জনপ্ৰিয়, সিমানেই বিতৰ্কিত। এইবাৰ পিছে উৰ্ফী কাপোৰৰ বাবে নহয়, এখন বিশেষ ফটোৰ বাবেহে চৰ্চালৈ আহিছে।এই ফটোখন বাগদানৰ ফটো বুলি দাবী কৰিছে অনুৰাগীসকলে।

author-image
Asomiya Pratidin
New Update
গোপনে বাগদান সম্পন্ন উৰ্ফী জাভেদৰ, ভাইৰেল  হ’ল ফটো

ডিজিটেল ডেস্ক: উৰ্ফি জাভেদ, নামেই যাৰ পৰিচয়।নিতৌ আজৱ-গজৱ ডিজাইনৰ কাপোৰ পিন্ধি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা উৰ্ফি যিমানেই জনপ্ৰিয়, সিমানেই বিতৰ্কিত। এইবাৰ পিছে উৰ্ফী কাপোৰৰ বাবে নহয়, এখন বিশেষ ফটোৰ বাবেহে চৰ্চালৈ আহিছে।হয়, শেহতীয়াকৈ এই মডেল-অভিনেত্ৰীগৰাকীৰ এখন বিশেষ ফটো ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে।এই ফটোখন বাগদানৰ ফটো বুলি দাবী কৰিছে অনুৰাগীসকলে।

Advertisment

ইফালে, ‘অনুপমা’ খ্যাত পৰাশ কালভানাতৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্ক বিচ্ছেদ হোৱাৰ পাছত   উৰ্ফীয়ে নিজকে 'ছিংগল' বুলি দাবী কৰি আহিছে।কিন্তু শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত প'ষ্ট কৰা ফটোয়ে সকলোকে আচৰিত কৰি তুলিছে।

এই ফটোখনত উৰ্ফীৰ সংগীৰ মুখখন দেখুওৱা হোৱা নাই যদিও উৰ্ফীক চুৰিদাৰ পিন্ধি বাগদান অনুষ্ঠানটোৰ নিয়ম কৰা দেখা গৈছে।অৱশ্যে অনুৰাগীসকলে উৰ্ফীয়ে কিয় হিন্দু ৰীতি-নীতিয়ে বাগদান কৰিছে, তাক লৈ প্ৰশ্ন উত্থাপিত কৰিছে। আনহাতে, কিছুদিন পূৰ্বে উৰ্ফিয়ে স্পষ্ট কৰিছে যে তেওঁ কাৰোবাৰ পত্নী আৰু মাতৃ হ'বলৈ একেবাৰেই আগ্ৰহী নহয়।বিয়াতকৈ হেনো তেওঁৰ কেৰিয়াৰহে অধিক গুৰুত্বপূৰ্ণ।যাৰ বাবে এয়া বাগদানৰ ফটো হয় নে নহয়, তাক লৈ অনুৰাগীসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে।একাংশ অনুৰাগীয়ে আকৌ এই ফটোখন উৰ্ফীৰ নতুন কামৰ ফটো বুলিও মানি লৈছে।

Also Read: পুনম ধিলনৰ কন্যাৰ প্ৰেমত পৰিল ছনী দেউলৰ পুত্ৰ