/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-17/9i7sxtv2/WhatsApp Image 2024-08-17 at 1.19.50 PM.jpeg)
Anant-Radhika's honeymoon
ডিজিটেল ডেস্ক: বিশ্বৰ নামী-দামী তাৰকাৰ উপস্থিতিত বিয়া পাতি এতিয়া মধুচন্দ্ৰিমাত ব্যস্ত মুকেশ আম্বানীৰ কণিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু নতুন বোৱাৰী ৰাধিকা মাৰ্চেণ্ট।এই নৱদম্পতিহালে আমেৰিকাত তেওঁলোকৰ ব্যক্তিগত সময় অতিবাহিত কৰি আছে।
শেহতীয়াকৈ তেওঁলোক দুয়োকে আমেৰিকাৰ পানামাৰ এখন গহনাৰ দোকানত দেখা গৈছে। ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত অনন্ত আৰু ৰাধিকাক এখন গহনাৰ দোকানৰ ভিতৰত দেখা পোৱা গৈছে।এই দোকানখনৰ কৰ্মচাৰীসকলৰ লগত দুয়োয়ে ফটোৰ বাবে প’জ দিছে।
উল্লেখ্য যে, ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু তেওঁৰ পত্নী নীতা আম্বানীৰ সৰু পুত্ৰ অনন্ত আম্বানীয়ে ১২ জুলাইত ৰাধিকা মাৰ্চেণ্টক বিয়া কৰাইছিল। বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত তেওঁলোকে জামনগৰলৈ গৈছিল। জামনগৰত আম্বানী পৰিয়ালৰ এক বিশাল সম্পত্তি আছে, য'ত তেওঁলোকে তেওঁলোকৰ প্ৰথম 'প্ৰী ৱেডিং' ৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছিল। ইয়াৰ পিছত অনন্ত আৰু ৰাধিকা পেৰিছ অলিম্পিকৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মধুচন্দ্রিমালৈ গৈছিল।
আনহাতে, ১ আগষ্টত দম্পতীহালে মধ্য আমেৰিকাৰ দেশ কোষ্টা ৰিকাত উপস্থিত হয়, যি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু জৈৱিক বৈচিত্ৰ্যৰ বাবে বিখ্যাত। তেওঁলোকে কাছা লাছ ওলাছ নামৰ এখন ৰিজৰ্টত আছিল, য'ত এক নিশাৰ থকাৰ দাম ২৩,০০০ ডলাৰ। কোষ্টা ৰিকাৰ পিছত ৰাধিকা মাৰ্চেণ্ট আৰু অনন্ত আম্বানীক পানামাত দেখা গৈছে।পানামা মধ্য আমেৰিকাৰ আন এখন দেশ যি ইয়াৰ সুন্দৰ সমুদ্ৰ তীৰ, বৰ্ষাৰণ্য আৰু ঐতিহাসিক বসতিৰ বাবে জনাজাত।
Also Read: বিবাহ বিচ্ছেদৰ উৰাবাতৰিক গাপ দিয়াৰ চেষ্টা !