ডিজিটেল ডেস্ক: বিগত বহু দিনৰ পৰাই বলীউডৰ চেলিব্ৰেটী যুটি অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ৰ বিবাহ বিচ্ছেদৰ খবৰে শিৰোনাম দখল কৰি আহিছে।কিন্তু, তেওঁলোকৰ এই সম্পৰ্ক বিচ্ছেদৰ বিষয়ে আজিও বচ্চন পৰিয়ালে কোনো স্পষ্ট কৰা নাই।অৱশ্যে, তেওঁলোকৰ সম্পৰ্কত যে ফাট মেলা নাই, সেয়া অভিষেকে যেন প্ৰমাণ দিবলৈ বিচাৰিছে।
হয়, শেহতীয়া এক সাক্ষাৎকাৰত অভিষেকে তেওঁৰ বিবাহৰ আঙুঠিটো আঙুলিত পিন্ধি থকা দেখুৱাই তেওঁলোকৰ সম্পৰ্ক যে ঠিকেই আছে, সেয়া প্ৰমাণ কৰাৰ চেষ্টা কৰে। অভিনেতাজনে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে চৰ্চিত উৰাবাতৰি সন্দৰ্ভতো শোক প্ৰকাশ কৰে। তেওঁ কয়, 'মোৰ এই বিষয়ে ক'বলৈ একো নাই, দুখৰ বিষয় যে আপোনালোক সকলোৱে এই গোটেই বিষয়টো অতিৰঞ্জিত কৰিছে। মই বুজি পাওঁ আপোনালোকে কিয় এনে কৰিছে। আপোনালোকক অতিৰঞ্জিত কাহিনী লাগে। আমি চেলিব্ৰেটী।সেয়েহে যিয়েই নহওঁক আমি ইয়াক গ্ৰহণো কৰিব লাগিব।'
উল্লেখ্য যে, অভিষেকৰ ভগ্নী শ্বেতা বচ্চন আৰু মাতৃ জয়া বচ্চনৰ সৈতে ঐশ্বৰ্যৰ সম্পৰ্ক ভাল নোহোৱাটোয়েই এই বিবাহ বিচ্ছেদৰ কাৰণ বুলি চৰ্চা চলি আহিছে। তদুপৰি, অভিষেক-ঐশ্বৰ্যক দীৰ্ঘদিন ধৰি একেলগে দেখা পোৱা নাই। ঐশ্বৰ্য তেওঁৰ কন্যাৰ সৈতে বেলেগে বাস কৰে। যিয়ে এই উৰাবাতৰিক সত্য প্ৰমাণিত কৰাত ইন্ধন যোগাইছে। অভিষেকৰ এই সাক্ষাৎকাৰ ভাইৰেল হোৱাৰ পাছত অৱশ্যে তেওঁলোকৰ অনুৰাগীয়ে ছ'চিয়েল মেডিয়াত এই বিষয়ত মতামত আগবঢ়াইছে।অনুৰাগীৰ মতে, অভিষেকে এই খবৰ গাপ দিবলৈ এনে মন্তব্য প্ৰদান কৰিছে, যি অতি দুৰ্ভাগ্যজনক।