/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-07/cjaawdv0/WhatsApp-Image-2024-10-07-at-1.27.12-PM-2.jpeg)
Pobitora Wildlife Sanctuary
Pobitora Wildlife Sanctuary : অসমৰ পৰ্যটনস্থল সমূহৰ ভিতৰত এখন অন্যতম উল্লেখনীয় স্থান হৈছে পবিতৰা অভয়াৰণ্য। বিশ্ব বিখ্যাত এশিঙীয়া গঁড়ৰ বাবে এই অভয়াৰণ্য পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ব্ৰক্ষ্মপুত্ৰ নদীৰ দক্ষিণপাৰে মৰিগাঁও জিলাৰ মায়ং মৌজাত এই অভয়াৰণ্যখন অৱস্থিত। এই অভয়াৰণ্যত গঁড়ৰ সংখ্যাৰ ঘনত্ব পৃথিবীৰ ভিতৰত সৰ্বাধিক।
পবিতৰা নামটোৰ উৎপত্তি সম্পৰ্কে কেবাটাও ব্যাখ্যা পোৱা যায়।সেই অনুসৰি, পুৰণি কালত মায়ং ৰাজ্য নামে এখন ৰাজ্য আছিল। এই ৰাজ্যৰ প্ৰথমজন ৰজা আছিল শুইনত সিংহ। ১৫২৯ শতাব্দৰ পৰা এইজন ৰজাই ৰাজপাটত বহি ২০ বছৰ ৰাজত্ব কৰিছিল। ৰজাৰ বৰ জীয়াৰীৰ নাম আছিল ৰাজকুমাৰী পবিত্ৰা সিংহা। পবিত্ৰা ৰজাৰ অতি মৰমৰ আছিল। কিন্তু মৰমৰ জীয়াৰী পবিত্ৰাৰ অকাল মৃত্যু হয়। ৰজাই পবিত্ৰাৰ নাম চিৰযুগমীয়া কৰিবৰ বাবে এই বনাঞ্চলৰ নাম পবিত্ৰা ৰাখিছিল। কালক্ৰমত মানুহৰ মুখবাগৰি এই পবিত্ৰা পবিতৰা হয়। আন এটা প্ৰবাদমতে, এই বনাঞ্চলত পাতিদৈয়া আৰু তৰা আদি উদ্ভিদৰে ভৰপুৰ আছিল। পাতিদৈ আৰু তৰাৰ প্ৰাচুৰ্য্যতাৰ বাবে এই হাবিডৰাক পাতিতৰা বুলিছিল। পাতিতৰাৰ পৰাই পিছলৈ ‘পবিতৰা’ হোৱা বুলি কয়। হাদুগ নামৰ বিল খনৰ উত্তৰ পাৰৰ হাদুগপাৰ গাঁৱৰ মানুহে বিলৰ দক্ষিণপাৰে থকা হাবি কাটি চাফা কৰি খেতিৰ বাবে মাটি উলিয়াই লৈছিল। ৰাইজে হালবাবলৈ বহুদুৰ বাট যাব লগা হৈছিল। সেয়ে পুৱতি তৰা ওলোৱাৰ সময়ত ৰাইজ একেলগে হাল বাবলৈ গৈছিল। পুৱতি তৰা ওলোৱাৰ সময়ত সকলো লগ লোৱাৰ বাবে এই খেতিপথাৰ খনৰ নাম পুৱতি তৰা ৰাখিছিল। কালক্ৰমত পুৱতি তৰাৰ পৰাই পবিতৰা হোৱা বুলিও শুনা যায়। অৱশ্যে, এই সকলোবোৰৰ কোনো প্ৰামাণিক তথ্য নাই।
অবিভক্ত নগাঁও আৰু বৰ্তমান মৰিগাঁও জিলাৰ মায়ং ৰাজহচক্ৰৰ মায়ং মৌজাত ব্ৰক্ষ্মপুত্ৰ নদী আৰু কলং সুঁতিয়ে সৃষ্টি কৰা ভূমিখণ্ডৰ মাজত এই পবিতৰা অভয়াৰণ্য অৱস্থিত। নগাঁও সদৰৰ পৰা ৮৩ কিলোমিটাৰ দূৰত্বত আৰু মৰিগাওঁ সদৰৰ পৰা ৩৮ কিলোমিটাৰ দূৰত্বত এই অভয়াৰণ্যখন অৱস্থিত। অসমৰ ৰাজধানী দিছপুৰৰ পবিতৰা অভয়াৰণ্যৰ দূৰত্ব ৪০ কিলোমিটাৰ। পবিতৰা অভয়াৰণ্যৰ অক্ষাংশ (উত্তৰ) ২৬.২৪৩ৰ পৰা ২৬.২২০-লৈ আৰু দ্ৰাঘিমাংশ (পূৱ) ৯২.০৩৯ৰ পৰা ৯২.০৬৯-লৈ বিস্তৃত।
১৯৭১ চনৰ ১৮ নবেম্বৰত (Govt. Notification No/4Settlement/542/65/54 Memo No) অসম চৰকাৰে গেজেট নটিফিকেচন যোগে সীমা নিৰূপণ কৰি পবিতৰাক সংৰক্ষিত বনাঞ্চল ঘোষণা কৰে। ইয়াৰ মাটিকালি আছিল ১৫৮৪.৭৬ হেক্টৰ বা ১২, ০০০ বিঘা। অসম চৰকাৰে পবিতৰা পি. জি আৰক সংৰক্ষিত বনাঞ্চল ঘোষণা কৰি হাদুগা খুটিৰ খুটিয়াল সকলক তাৰপৰা উচ্ছেদ কৰি হাতীগড় ভি.জি.আৰৰ উত্তৰ ফালে ১৫০ বিঘা মাটি সংস্থাপনৰ বাবে আবণ্টন কৰিছিল।
আনহাতে, ১৯৮৭ চনৰ No F.W.R/19/87/39 নং গেজেট নটিফিকেশ্বন মৰ্মে অসম চৰকাৰে পবিতৰা সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্য হিচাবে ঘোষণা কৰে। অভয়াৰণ্য ঘোষণাৰ লগে লগে হাদুগ বিলৰ উত্তৰ পাৰে আঞ্চলিক বন কাৰ্য্যালয় স্থাপন হয়।
পূৰ্বৰ সংৰক্ষিত বনাঞ্চলৰ মাটিকালি আছিল ১৫৮৪.৭৬ হেক্টৰ বা ১২০০ বিঘা। সেই মাটিকালিয়েই পবিতৰা অভয়াৰণ্যৰ মাটিকালি। পৰবৰ্তী সময়ত পূবে আৰু পশ্চিমে দুটা কৰিড'ৰৰ প্ৰস্তাৱ কৰি ১১০৬ হেক্টৰ মাটিও পবিতৰা অভয়াৰণ্যত ধৰা হৈছে। শেহতীয়াভাৱে ৰজামায়ং বনাঞ্চলখনো চৰকাৰে পৰিতৰা অভয়াৰণ্যৰ লগত সংযোজিত কৰিছে। ইয়াৰ মাটিকালি অছিল ১১৯.৮৬ হেক্টৰ। বৰ্তমান পবিতৰা অভয়াৰণ্যৰ মুঠ মাটিকালি হ'ল ২৭৭৬.৬২ হেক্টৰ (৩৮.৮০ বৰ্গ কিলোমিটাৰ)।
পবিতৰা অভয়াৰণ্যৰ উত্তৰে ৰজামায়ং, মূৰকটা আৰু শিলদুবী ৰাজহ গাঁও।দক্ষিণে আছে হাতীগড় আৰু ঠংভাঙ্গা ভি জি আৰ।পূৱে নখোলা ভকত গাওঁ, মনহা, ৰজামায়ং, কাজলিচকি গড়কাপ্টানী পথ আৰু পশ্চিমে আছে গৰঙা বিল আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথ।
পৱিতৰা অভয়াৰণ্য তথা ইয়াৰ আশে-পাশে থকা অঞ্চলটোৰ জলবায়ু নাতিশীতোষ্ণ। বৰষুণৰ মাত্ৰা অত্যধিক। ইয়াত ৭০ৰ পৰা ৯০ শতাংশ বৰষুণ হয়। অৱশ্যে শীত কালত বৰষুণৰ পৰিমাণ স্বাভাৱিক ভাবেই কমি যায়। সৰ্বাধিক তাপমান ৯০ ডিগ্ৰী চেণ্টিগ্ৰেড।
এই অভয়াৰণ্যত সাধাৰণতে এশিঙীয়া গঁড়, গাহৰি, বনৰীয়া ম'হ, হৰিণ, নাহৰফুটুকী বাঘ, উলুম'ৰা, কাছ, সাপ ইত্যাদি পোৱা যায়। আহিন মাহৰ পৰা পবিতৰালৈ সুদুৰ চাইবেৰীয়াৰ অঞ্চলৰ পৰা বহুতো পৰিভ্ৰমী চৰাই ( বিশেষকৈ হাঁহ) আহে। পবিতৰাৰ পশ্চিম সীমাত থকা দলনি (তামোলীডোবা)-লৈও বহুতো পৰিভ্ৰমী হাঁহ অহা দেখা যায়। লগতে গাহৰি, গঁড়, বনৰীয়া ম'হ আদিও চৰি ফুৰা দেখা যায়। এইবাবেই পবিতৰা অভয়াৰণ্য দেশী-বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণীয় স্থল হৈ পৰিছে।
২০১২ চনৰ তথ্য অনুসৰি পবিতৰা অভয়াৰণ্যত থকা মুঠ গঁড়ৰ সংখ্যা ৯৩টা। ২০০৯ চনৰ গণনাত ৮৪টা গঁড় পোৱা গৈছিল। ইয়াৰে ৮টা গঁড় মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰ কৰা হয়। ১৯৮৩ অসম চৰকাৰে কৰা এক চুক্তি অনুসৰি পবিতৰা অভয়াৰণ্যৰ পৰা উত্তৰ প্ৰদেশৰ দুধবা অভয়াৰণ্যলৈ ৫টা গড় স্থানান্তৰ কৰিবলৈ থিৰাং কৰে। সেই মৰ্মে বিভাগীয় কৰ্তৃপক্ষই সুদক্ষ লোকৰ হতুৱাই গাঁত খান্দি গাঁতত পেলাই আৰু হাতীৰ ওপৰৰ পৰা ট্ৰেংকুলাইজাৰ প্ৰয়োগ কৰি ৩টা গঁড় উত্তৰ প্ৰদেশলৈ চালান দিয়ে।কাৰিকৰী বিজুতিৰ বাবে এটা গঁড়ৰ মৃত্যু ঘটাত বৰ্তমান গঁড় স্থানান্তৰ কাৰ্য্য বন্ধ ৰখা হৈছে।
গুৱাহাটীৰ পৰা চন্দ্ৰপুৰ হৈ আহিলে এই অভয়াৰণ্য ৩৫ কিলোমিটাৰ আৰু ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰে সোণাপুৰ হৈ আহিলে ৫২ কি.মি. দূৰত্বত অৱস্থিত। দৰ্শনাৰ্থীসকলৰ থকা খোৱাৰ বাবে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ অধীনৰ ৪টা কোঠাযুক্ত ‘মায়ং অতিথিশালা’ (Mayang Tourist Lodge under Tourism Department) আৰু বন বিভাগৰ অধীনৰ দুটা কোঠাৰ ‘মায়ং পৰিদৰ্শন বঙলা’ (Forest Department Inspection Bungalow) আছে। পৰ্যটকৰ সুবিধাৰ বাবে অৰণ্য দৰ্শনৰ হেতু জীপ চাফাৰী আৰু হাতীৰ ব্যৱস্থা আছে। ইয়াৰ গৰঙা বিলৰ আশে-পাশে পিকনিকৰ বাবেও উপযুক্ত ঠাই আছে।
উৎস : ইণ্টাৰনেট
Also Read: Sivasagar : শিৱসাগৰ