সন্তানক ককাক-আইতাকৰ সৈতে সময় অতিবাহিত কৰিবলৈ দিব

নাতি-নাতিনীৰ সৈতে সময় পাৰ কৰিলে বৃদ্ধসকল স্বাস্থ্যৱান আৰু সুখী হৈ থাকে।এক গৱেষণাত এই বিষয়ে প্ৰমাণ হৈছে। নাতি-নাতিনীৰ সৈতে খেলিলে বৃদ্ধসকলৰ মানসিক স্বাস্থ্য উন্নত হয়।

author-image
Asomiya Pratidin
New Update
সন্তানক ককাক-আইতাকৰ সৈতে সময় অতিবাহিত কৰিবলৈ দিব

grandchildren keeps the-elderly healthy

ডিজিটেল ডেস্ক: নাতি-নাতিনীৰ সৈতে সময় পাৰ কৰিলে বৃদ্ধসকল স্বাস্থ্যৱান আৰু সুখী হৈ থাকে। শেহতীয়া এক গৱেষণাত এই বিষয়ে প্ৰমাণ হৈছে। গৱেষণা অনুসৰি, নাতি-নাতিনীৰ সৈতে খেলিলে বৃদ্ধসকলৰ মানসিক স্বাস্থ্য উন্নত হয়।আনহাতে, বয়স বৃদ্ধিৰ ফলত হোৱা ৰোগ ডিমেনচিয়া, আলঝেইমাৰকে ধৰি বিভিন্ন স্নায়ুজনিত ৰোগৰ পৰাও তেওঁলোক বাচি থাকে।

Advertisment

কেনবৰা বিশ্ববিদ্যালয় (ইউচি) আৰু দক্ষিণ অষ্ট্ৰেলিয়া বিশ্ববিদ্যালয়ৰ (ইউনিছা) গৱেষকসকলে বিশেষকৈ শিশু আৰু প্ৰাপ্তবয়স্কসকলৰ বাবে সাজু কৰা খেলপথাৰ ব্যৱহাৰ কৰি আন্তঃপ্ৰজন্মীয় খেলৰ লাভালাভবোৰ অধ্যয়ন কৰিছে। যেতিয়া সৰু ল'ৰা-ছোৱালীয়ে ককাক-আইতাকৰ সৈতে সময় অতিবাহিত কৰে, তেওঁলোকৰ সৈতে সৃষ্টিশীল আৰু মনোৰঞ্জনমূলক কাৰ্যকলাপত অংশগ্ৰহণ কৰে, তেতিয়া শিশু তথা প্ৰাপ্তবয়স্কসকলৰ মন উৎফুল্লিত হৈ থাকে।যিয়ে মনোভাৱ উন্নত কৰে আৰু মানসিক স্বাস্থ্য সুস্থিৰ কৰে।

দক্ষিণ অষ্ট্ৰেলিয়া বিশ্ববিদ্যালয়ৰ অষ্ট্ৰেলিয়ান গৱেষণা কেন্দ্ৰৰ ইণ্টাৰেক্টিভ এণ্ড ভাৰ্চুৱেল এনভায়ৰনমেণ্ট (আইভিই)ৰ উপ-সঞ্চালক আৰু সহযোগী অধ্যাপক ফানকে পেঙে কয়, ‘যুৱ আৰু বৃদ্ধ লোকসকলৰ মাজত এক সামাজিক বিভাজন আছে যাৰ ফলত ঘৰ আৰু বাহিৰত অৰ্থপূৰ্ণ বাৰ্তালাপ কৰাটো কঠিন হৈ পৰে।যাৰ বাবে শিশুক বৃদ্ধসকলৰ সৈতে তেওঁলোকৰ আচুতীয়া সময় অতিবাহিত কৰিবলৈ দিব লাগে।যিয়ে শিশু তথা বৃদ্ধৰ মানসিক স্বাস্থ্য উন্নত কৰিব।’

উল্লেখ্য যে, কাৰণ লাগিলে যিয়েই নহওঁক, বৰ্তমান সময়ত খুব কম সংখ্যক শিশুহে ককাক-আইতাকৰ সৈতে ডাঙৰ হয়।যাৰ বাবে তেওঁলোকৰ মাজৰ সম্পৰ্ক ঘনিষ্ঠ নহয়। যিয়ে শিশু তথা বৃদ্ধসকলৰ মানসিক স্বাস্থ্যত গুৰুতৰ প্ৰভাৱ পেলায়।সেয়েহে, এই ক্ষেত্ৰত পিতৃ-মাতৃসকল সচেতন হৈ সন্তানক তেওঁলোকৰ ককাক-আইতাকৰ সৈতে সময় পাৰ কৰিবলৈ এৰি দিয়াটো খুবেই জৰুৰী হৈ পৰিছে।

Also Read: বৃদ্ধ বয়সলৈকে সুস্থ হৈ থকাৰ একেবাৰে সহজ উপায় কেইটা জানি লওঁক