বৃদ্ধ বয়সলৈকে সুস্থ হৈ থকাৰ একেবাৰে সহজ উপায় কেইটা জানি লওঁক

আজিকালি কম বয়সতে অসুস্থ হোৱাৰ মূল কাৰণ হৈছে বেয়া জীৱনশৈলী। দৈনন্দিন জীৱনত সকলো ইমানেই ব্যস্ত হৈ পৰিছে যে আমাৰ ভালদৰে খোৱাৰ বা টোপনি যোৱাৰ সময় নাই।যিয়ে, মানসিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলাইছে।

author-image
Asomiya Pratidin
New Update
বৃদ্ধ বয়সলৈকে সুস্থ হৈ থকাৰ একেবাৰে সহজ উপায় কেইটা জানি লওঁক

ডিজিটেল ডেস্ক: আজিকালি কম বয়সতে অসুস্থ হোৱাৰ মূল কাৰণ হৈছে বেয়া জীৱনশৈলী। দৈনন্দিন জীৱনত সকলো ইমানেই ব্যস্ত হৈ পৰিছে যে আমাৰ ভালদৰে খোৱাৰ বা টোপনি যোৱাৰ সময় নাই।যিয়ে, মানসিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলাইছে।যাৰ বাবে এতিয়া আমি আমাৰ খাদ্য আৰু জীৱনশৈলীত কেতবোৰ পৰিৱৰ্তন কৰাটো খুবেই জৰুৰী হৈ পৰিছে। বেছি নালাগে, দৈনিক মাত্ৰ ৫টা কাম কৰিয়েই আপুনি চিৰদিন নিজকে নিৰোগী কৰি ৰাখিব পাৰে। সেয়া হৈছে-

Advertisment

ৰাতিপুৱাৰ আহাৰ

স্বাস্থ্যৱান হৈ থাকিবলৈ সময়মতে ৰাতিপুৱাৰ আহাৰ খোৱাটো অতি দৰকাৰী। ৰাতিপুৱা এটা সময়তে সদায় আহাৰ খোৱাৰ অভ্যাস কৰিব লাগে। এক গৱেষণাত প্ৰমাণ হৈছে যে, ৰাতিপুৱাৰ আহাৰত পুষ্টিকৰ খাদ্য গ্ৰহণ কৰা লোকসকলে গোটেই দিনটো সতেজ অনুভৱ কৰে। একে সময়তে, তেওঁলোকৰ ওজনো সন্তুলিত হয়। আমি ৰাতিপুৱাৰ আহাৰত কণী, গাখীৰ, মাখন, ফল আদি খাব পাৰো।কিন্তু কেতিয়াও ৰাতিপুৱাৰ আহাৰত বেছি ভজা-পোৰা খাদ্য নাখাব।

ব্যায়াম

স্বাস্থ্যৱান হৈ থাকিবলৈ ব্যায়াম কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। আমি প্ৰতিদিনে ৩০ ৰ পৰা ৪০ মিনিট ব্যায়াম কৰা উচিত। দৈনিক ব্যায়ামে শৰীৰত শক্তিৰ প্ৰণালী বজাই ৰখাৰ লগতে শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰে। ব্যায়াম সদায় ৰাতিপুৱা কৰিব লাগে। ব্যায়ামৰ লগতে সাঁতোৰা, যোগ আৰু ধ্যান কৰাটোও শৰীৰৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়।

ভালকৈ টোপনি যোৱা

যদি আপুনি গোটেই জীৱন নিজকে স্বাস্থ্যৱান কৰি ৰাখিবলৈ বিচাৰে, তেনেহ'লে আপুনি ভালদৰে টোপনি যোৱাটো খুবেই বেছি দৰকাৰ। ভাল টোপনিয়ে শাৰীৰিক আৰু মানসিক ভাগৰ দুয়োটাৰে পৰা সকাহ দিয়ে। বহুতো অধ্যয়নত প্ৰমাণ হৈছে যে টোপনিৰ অভাৱৰ ফলত মেদবহুলতা আৰু হৃদৰোগকে ধৰি বহুতো ৰোগ হ'ব পাৰে। সেয়েহে, প্ৰতিদিনে কমেও সাতৰ পৰা আঠ ঘণ্টা টোপনি যোৱাটো প্ৰয়োজন।

সন্তুলিত আহাৰ 

আমি খোৱা খাদ্যই আমাৰ স্বাস্থ্যক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰে। উদাহৰণ স্বৰূপে, যদি আমি পোৰা-ভজা বস্তু, ঠাণ্ডা পানীয় আৰু জাংক ফুড আদি বেছিকৈ খাওঁ, তেনেহ'লে আমাৰ শৰীৰৰ চৰ্বি বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। কেৱল এয়াই নহয়, এনে খাদ্য খোৱাৰ ফলত আমাৰ বহু বেমাৰো হয়। সেয়েহে, আপোনাৰ খাদ্যতালিকাত সদায় ফল, পাচলি, সম্পূৰ্ণ শস্য, প্ৰ'টিনসমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰিব।

দিনত আঠ গিলাচ পানী খাব

আয়ুৰ্বেদৰ মতে, পানী সদায়ে চুমুক দি লাহে লাহে খাব লাগে। আমি ৰাতিপুৱা সাৰ পোৱাৰ পৰা ৰাতি টোপনি যোৱালৈকে আঠ গিলাচ পানী খাব লাগে।যিয়ে আমাক চিৰদিন সুস্থ ৰখাত সহায় প্ৰত্যক্ষভাৱে সহায় কৰে।

Also Read: বহু গুৰুতৰ ৰোগৰ পৰা আপোনাক মুক্তি দিব পাৰে গোলাপৰ পাহিয়ে