গ্ৰীষ্মকালত ঘৰৰ ভিতৰত ৰাখক এইকেইবিধ উদ্ভিদ

সকলোকে আমনি দিয়া গ্ৰীষ্মকাল আৰম্ভ হ’ল। প্ৰখৰ ৰ'দ আৰু গৰম পৰিৱেশৰ বাবে বাহিৰতটো বাদেই, ঘৰৰ ভিতৰত থকাটোও কেতিয়াবা প্ৰত্যাহ্বান হৈ পৰে।

author-image
Asomiya Pratidin
New Update
গ্ৰীষ্মকালত ঘৰৰ ভিতৰত ৰাখক এইকেইবিধ উদ্ভিদ

ডিজিটেল ডেস্ক: সকলোকে আমনি দিয়া গ্ৰীষ্মকাল আৰম্ভ হ’ল। প্ৰখৰ ৰ'দ আৰু গৰম পৰিৱেশৰ বাবে বাহিৰতটো বাদেই, ঘৰৰ ভিতৰত থকাটোও কেতিয়াবা প্ৰত্যাহ্বান হৈ পৰে। এনে পৰিস্থিতিত ঘৰটো ঠাণ্ডা কৰি ৰাখিবলৈ বহুতেই এচি আৰু কুলাৰৰ আশ্ৰয় লয়। কিন্তু দীঘলীয়া সময়ৰ বাবে এচি আৰু কুলাৰ ব্যৱহাৰ কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।সেয়েহে আজি আমি আপোনাক কিছুমান উদ্ভিদ বিষয়ে জনাম, যিসমূহে  গ্ৰীষ্মকালত ঘৰ শীতল কৰি ৰখাত সহায় কৰে। এই উদ্ভিদসমূহে ঘৰটো শীতল ৰখাৰ লগতে ঘৰখনলৈ ইতিবাচক শক্তিও আকৰ্ষণ কৰে।এই বিষয়ে সৱিশেষ জানো আহক-

Advertisment

এল’ভেৰা 

স্বাস্থ্যৰ বাবে অতি উপকাৰী এল’ভেৰা ঘৰত থকাটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াক ঘৰৰ ভিতৰত ৰাখিলে ঘৰৰ তাপমাত্ৰা শীতল হৈ থাকে। এল’ভেৰাই বায়ুত পোৱা বিষাক্ত পদাৰ্থ আঁতৰ কৰি বায়ু বিশুদ্ধ কৰাতো সহায় কৰে।সেয়েহে, যদি আপুনি গ্ৰীষ্মকালত শীতল অনুভৱ কৰিব বিচাৰে, তেন্তে আপুনি এল’ভেৰা গছ ঘৰত ভিতৰত ৰাখিব পাৰে। 

এৰেকা পাম  

গ্ৰীষ্মকালত ঘৰত ৰোপণ কৰাৰ বাবে এৰেকা পাম এবিধ অতি উত্তম গছ। এইবিধ উদ্ভিদে বায়ু শীতল আৰু সেমেকা কৰি ৰখাত সহায় কৰে।সেয়েহে, ঘৰৰ ভিতৰত এৰেকা পামৰ গছ থাকিলে ই আপোনাক গৰমৰ পৰা সকাহ দিব।এই উদ্ভিদবিধ বায়ুত থকা বিষাক্ত পদাৰ্থ আঁতৰ কৰাতো সহায়ক।

মানি প্লান্ট 

ঘৰৰ ভিতৰত মানি প্লান্ট থকাটো অতি শুভ বুলি গণ্য কৰা হয়।মানি প্লান্টে ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ সমান্তৰালকৈ পৰিৱেশো বিশুদ্ধ কৰি ৰাখে। ইয়াৰ বাহিৰেও, এইবিধ গছে বতাহত থকা অশুদ্ধ বস্তুবোৰ ফিল্টাৰ কৰি এক ইতিবাচক পৰিৱেশ সৃষ্টি কৰাত সহায় কৰে। মানি প্লান্ট ঘৰৰ ভিতৰত ৰাখিলে আপুনি অতি বিশুদ্ধ আৰু সতেজ বতাহ লাভ কৰাৰ লগতে ঘৰৰ পৰিৱেশটোও ইতিবাচক হ'ব। 

ফাৰ্ণ প্লান্ট

ঘৰটো প্ৰাকৃতিকভাৱে শীতল কৰিবলৈ ফাৰ্ণ উদ্ভিদো আপুনি ঘৰৰ ভিতৰত ৰাখিব পাৰে। এই উদ্ভিদে বায়ুত আৰ্দ্ৰতা বজাই ৰখাৰ লগতে পৰিৱেশ বিশুদ্ধ আৰু সতেজ ৰখাত সহায় কৰে। 

ৰবৰ প্লান্ট

আপুনি গ্ৰীষ্মকালত ঘৰটো ইতিবাচক আৰু শীতল কৰি ৰাখিবলৈ এজোপা ৰবৰ গছ ৰোপণ কৰিব পাৰে। এইবিধ উদ্ভিদে গ্ৰীষ্মকালৰ আৰ্দ্ৰতাও হ্ৰাস কৰে। এই উদ্ভিদজোপাক নিয়মীয়াকৈ পানী দিয়াৰ কোনো প্ৰয়োজন নাই।ৰবৰ প্লাণ্টে ঘৰলৈ ইতিবাচকত শক্তি আকৰ্ষণ কৰাৰ লগতে ঘৰৰ পৰিবেশটো শান্ত অনুভৱ কৰাত সহায় কৰে।

Also Read: শালমন, ‘টেনিং’, ‘ছানবাৰ্ণ’কে ধৰি ছালৰ বহু সমস্যা দূৰ কৰে কেঁচা আমে