
ডিজিটেল ডেস্ক: গ্ৰীষ্মকালত নিৰন্তৰ ঘাম ওলোৱা তথা সূৰ্যৰ তীক্ষ্ম ৰশ্মিৰ প্ৰভাৱত মুখ আৰু শৰীৰৰ ছাল যথেষ্ট বেয়া হৈ পৰে।যাৰ ফলত আমি শালমন, টেনিং, ছানবাৰ্ণ, ছাল কোঁচ খোৱা, ছালত সূক্ষ্ম ৰেখা পৰা, ছালখনৰ উজ্জ্বলতা হ্ৰাস হোৱা আদিৰ দৰে বহু সমস্যাৰ মোকাবিলা কৰিবলগীয়া হয়।ছালৰ এনে সমস্যাবোৰৰ বাবে বতৰৰ ফল কেঁচা আম যথেষ্ট উপকাৰী। কেঁচা আমৰ ফেচপেক লগালে ছালৰ এনে সমস্যাবোৰৰ পৰা সকাহ পোৱাৰ লগতে ই ছালখনক উজ্জ্বল কৰি তোলে।কেঁচা আমক ভিটামিন এ, ভিটামিন চি আৰু লগতে এণ্টি-অক্সিডেণ্টৰ এক ভাল উৎস বুলি গণ্য কৰা হয়।
কেচা আমৰ ফেচপেক তৈয়াৰ কৰাৰ বাবে দৰকাৰী সামগ্ৰীসমূহ-
১টা কেঁচা আম
২-৩ চামুচ ওটছ
৬-৭ টা কাঠবাদাম
২-৩ চামুচ কেঁচা গাখীৰ
এই ফেচপেক তৈয়াৰ কৰাৰ পদ্ধতি
১. প্ৰথমে কেঁচা আম, ওটছ আৰু কাঠবাদামখিনি গুৰি কৰি ল’ব।
২. তাৰ পিছত এই গোটেইখিনি এটা পাত্ৰত লৈ তাত কেঁচা গাখীৰখিনি মিহলি কৰিব।
৩.ইয়াৰ পিছত এই পেকটো আপোনাৰ মুখত প্ৰয়োগ কৰি ১৫ মিনিটৰ পিছত পৰিস্কাৰ পানীৰে ধুই পেলাব।
৪.আপুনি এই পেকটো সপ্তাহত ২-৩ বাৰ ব্যৱহাৰ কৰিব পাৰে।
আপুনি কেঁচা আমৰ ফেচপেকটো বেলেগ এটা ধৰণৰেও তৈয়াৰ কৰিব পাৰে। ইয়াৰ বাবে দৰকাৰী সামগ্ৰীসমূহ হৈছে-
৩-৪টা কেঁচা আম
২-৩ চাহ চামুচ বেচন
১ চাহ চামুচ মৌ
১ চাহ চামুচ দৈ
১ চিমুটি হালধি গুৰি
ফেচপেকটো তৈয়াৰ কৰাৰ পদ্ধতি
১. প্ৰথমে আমখিনি গুৰি কৰি এটা পেষ্ট প্ৰস্তুত কৰিব।
২. ইয়াৰ পাছত এটা পাত্ৰত বেচন, মৌ, দৈ আৰু হালধিখিনি ভালদৰে মিহলি কৰি ল’ব।
৩.এই মিশ্ৰণটো আপোনাৰ মুখ, ডিঙি আৰু শৰীৰৰ আন অংশত প্ৰয়োগ কৰিব আৰু শুকাই গ’লে পানীৰে ভালদৰে ধুই পেলাব।