ৰাম মন্দিৰত নিষিদ্ধ কৰা হ'ল ম'বাইল

ৰাম লালাৰ সৈতে ফটো উঠাৰ সপোন হয়তো আপোনাৰ আৰু পূৰণ নহ’ব। হয়, ৰাম মন্দিৰৰ ভিতৰলৈ এতিয়াৰে পৰা দৰ্শনাথীয়ে নিব নোৱাৰিব ম'বাইল।হয়, ৰাম মন্দিৰ ন্যাসে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

author-image
Asomiya Pratidin
New Update
ৰাম মন্দিৰত নিষিদ্ধ কৰা হ'ল ম'বাইল

ডিজিটেল ডেস্ক: ৰাম লালাৰ সৈতে ফটো উঠাৰ সপোন হয়তো আপোনাৰ আৰু পূৰণ নহ’ব। হয়, ৰাম মন্দিৰৰ ভিতৰলৈ এতিয়াৰে পৰা দৰ্শনাথীয়ে নিব নোৱাৰিব ম'বাইল।হয়, ৰাম মন্দিৰ ন্যাসে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। মন্দিৰৰ নিৰাপত্তাৰ দিশসমূহৰ কথা বিবেচনা কৰিয়েই এই সিদ্ধান্ত লোৱা হৈছে। ন্যাসে ভক্তসকলক এই সিদ্ধান্তত সহযোগিতা কৰিবলৈও আহ্বান জনাইছে। 

Advertisment

মন্দিৰৰ ট্ৰাষ্টী অনিল মিশ্ৰাই এই বিষয়ত স্পষ্ট কৰা মতে, ' মন্দিৰ চৌহদত ম'বাইল ফ'নৰ লগতে যিকোনো মূল্যৱান সামগ্ৰী সুৰক্ষিতভাৱে ৰখাৰ বাবে সম্পূৰ্ণ ব্যৱস্থা আছে।সকলো ভক্তই ইয়াৰ সুবিধা লৈ মন্দিৰৰ নিয়ম-শৃংখলা বজাই ৰখাত সহযোগিতা কৰিব লাগে। 

ইয়াৰ লগতে ৰাম মন্দিৰ ন্যাসৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে মন্দিৰৰ চাৰিওফালে ১৪ ফুট বহল দেৱাল নিৰ্মাণৰ কথাও ঘোষণা কৰিছে।এই দেৱালখন এক প্ৰকাৰৰ সুৰক্ষা দেৱাল, যাক সোনকালেই নিৰ্মাণ কৰা হ'ব। মন্দিৰ চৌহদত ভগৱান ভোলেনাথৰ পৰা হনুমানজীলৈকে আৰু ছয়টা মন্দিৰ মন্দিৰত নিৰ্মাণ কৰা হ'ব।

উল্লেখ্য যে, ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই জানিবলৈ দিয়া মতে, ২০২৪ চনৰ ৩০ ডিচেম্বৰৰ ভিতৰত ৰাম মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ প্ৰয়াস কৰা হৈছে। বৰ্তমান প্ৰায় ১,৫০০ শ্ৰমিক মন্দিৰ নিৰ্মাণত নিযুক্ত হৈ আছে আৰু তিনিমহলীয়া মন্দিৰ ভৱনটোৰ দুটা মহলা নিৰ্মাণৰ বাবে ৩,৫০০ তকৈও অধিক শ্ৰমিক নিয়োগ কৰা হৈছে। 

Also Read: আযোধ্যা ভ্ৰমণৰ পৰিকল্পনা কৰিছে যদি এই বিষয়ে জানি লওঁক