কণ্ঠৰে শ্ৰোতাক মোহিব নোৱাৰিলে পৰিণীতি চোপ্ৰাই, চৌদিশে সমালোচনা

জীৱনত প্ৰথমবাৰৰ বাবে মঞ্চত গীত পৰিৱেশন কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হ’ল বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী পৰিণীতি চোপ্ৰা। অদমনীয় অভিনয়ৰে দেশবাসীৰ মনত এক সুকীয়া স্থান দখল কৰা পৰিণীতিয়ে এইবাৰ কণ্ঠৰ জৰিয়তে শ্ৰোতাক আকৰ্ষণ কৰাৰ চেষ্টা কৰে যদিও বিফল হয় আৰু সমালোচনাৰ পাত্ৰ হৈ পৰে।

author-image
Asomiya Pratidin
New Update
 কণ্ঠৰে শ্ৰোতাক মোহিব নোৱাৰিলে পৰিণীতি চোপ্ৰাই, চৌদিশে সমালোচনা

ডিজিটেল ডেস্ক: জীৱনত প্ৰথমবাৰৰ বাবে মঞ্চত গীত পৰিৱেশন কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হ’ল বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী পৰিণীতি চোপ্ৰা। অদমনীয় অভিনয়ৰে দেশবাসীৰ মনত এক সুকীয়া স্থান দখল কৰা পৰিণীতিয়ে এইবাৰ কণ্ঠৰ জৰিয়তে শ্ৰোতাক আকৰ্ষণ কৰাৰ চেষ্টা কৰে যদিও বিফল হয় আৰু সমালোচনাৰ পাত্ৰ হৈ পৰে।

হয়, শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত পৰিণীতিয়ে গীত পৰিৱেশন কৰে।এই ‘লাইভ কনচাৰ্ট’ৰ এটা ভিডিঅ' অভিনেত্ৰীগৰাকীয়ে ছ'চিয়েল মেডিয়াত প'ষ্ট কৰাৰ পাছতেই তেওঁ অনুৰাগীৰ ৰোষৰ বলি হ’বলগীয়া হৈছে।ভিডিঅ'টো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে তেওঁ পৰিৱেশন কৰা গীতটো তেওঁৰ ককাকৰ পছন্দৰ গীত বুলি উল্লেখ কৰে।

একাংশ অনুৰাগীয়ে পৰিণীতিৰ গীত শুনি প্ৰশংসা কৰে যদিও অধিকাংশই ছ’চিয়েল মেডিয়াত তেওঁক খুব বেয়াকৈ লক্ষ্য কৰি লয়। এজন ব্যৱহাৰকাৰীয়ে লেখিছে, পৰিণীতি হেনো  'শ্ৰেয়া ভুচল'। আন এজনৰ মতে, পৰিণীতি 'লতা মত গায়া কৰ'। এজনে আকৌ লেখিছে, 'আপুনি মুম্বাইলৈ আহি আছে, কিন্তু খোজকাঢ়ি।’ এনেদৰে বহুতেই অভিনেত্ৰীগৰাকীক ট্ৰ’ল কৰি আছে। উল্লেখ্য যে, পৰিণীতিৰ এই প্ৰচেষ্টাক খুব শলাগ লয় তেওঁ স্বামী ৰাতিনীতিবিদ ৰাঘৱ চদ্ধাই।তেওঁ পৰিণীতিক উদ্দেশ্যি ছ’চিয়েল মেডিয়াত প’ষ্টও কৰিছে।

Also Read: নৰেন্দ্ৰ মোডীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনালে ৰাকুল-জেকীয়ে