প্ৰসাধন প্ৰিয় মহিলাসকলে এই বিষয়ে জানেনে ?

মহিলাসকল প্ৰসাধন প্ৰিয়।নিজকে সদায় ধুনীয়া কৰি ৰাখিবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে। ইয়াৰে বহুতো সামগ্ৰী অতি ব্যয়বহুল, যিবোৰ ব্যৱহাৰ কৰাৰ পিছত ভালদৰে ৰখাটোও অতি গুৰুত্বপূৰ্ণ।

author-image
Asomiya Pratidin
New Update
প্ৰসাধন প্ৰিয় মহিলাসকলে এই বিষয়ে জানেনে ?

ডিজিটেল ডেস্ক: মহিলাসকল প্ৰসাধন প্ৰিয়।নিজকে সদায় ধুনীয়া কৰি ৰাখিবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে। ইয়াৰে বহুতো সামগ্ৰী অতি ব্যয়বহুল, যিবোৰ ব্যৱহাৰ কৰাৰ পিছত ভালদৰে ৰখাটোও অতি গুৰুত্বপূৰ্ণ। কিছুমান মহিলাৰ মেকআপৰ সামগ্ৰীসমূহ বাথৰুমত বা যিকোনো ঠাইত ৰখাৰ অভ্যাস আছে, যি সামগ্ৰী বিধৰ দীৰ্ঘম্যাদীত্বৰ বাবে ভাল নহয়।কিছু মেকআপ সামগ্ৰীৰ এনে আছে, যিসমূহক ফ্ৰীজত ৰাখিলে আপুনি বহুদিনলৈ সেইসমূহক ভালকৈ ৰাখিব পাৰে।এই প্ৰসাধন সামগ্ৰীসমূহ হৈছে-

Advertisment

লিপষ্টিক

যদি আপোনাৰ প্ৰিয় লিপষ্টিকটো দীঘলীয়া সময়লৈ ব্যৱহাৰ কৰিবলৈ মন আছে, তেন্তে মেকআপ বেগ বা বাথৰুমৰ সলনি লিপষ্টিকটো ফ্ৰীজত ৰাখিব। কিয়নো যদি লিপষ্টিকটো কম বা উচ্চ তাপমাত্ৰাত বাহিৰ হয়, ই সোনকালে নষ্ট হ'ব পাৰে।ফ্ৰীজত থকাৰ ফলত লিপষ্টিকটোৰ ৰঙৰ কোনো তাৰতম্য নঘটি দীঘলীয়া সময়ৰ বাবে ভাল হৈ থাকিব।

ছানস্ক্ৰীণ লোচন

ছানস্ক্ৰীণ অবিহনে ঘৰৰ বাহৰিলৈ ওলাই যোৱাটো এক প্ৰত্যাহ্বান।কিন্তু আপুনি জানেনে ছানক্ৰীণ বাহিৰত ৰাখিলে যে ইয়াৰ এছ.পি.এফ.-ৰ মানদণ্ড প্ৰভাৱিত হয় ? যাৰ ফলত ছানক্ৰীণে ভালদৰে কাম নকৰে।সেয়েহে ইয়াক বাহিৰত ৰখাৰ সলনি ফ্ৰীজত ৰাখিব।

এল'ভেৰা জেল

মুখৰ জ্বলা-পোৰা, শালমইনা, চুলি এল'ভেৰা জেল অতি উপকাৰী। তদুপৰি, ইয়াক খজুৱতি আৰু জ্বলা-পোৰা হ্ৰাস কৰিবলৈও ব্যৱহাৰ কৰা হয়, কিন্তু বেছিভাগ মহিলাই এল'ভেৰাক আন সৌন্দৰ্য সামগ্ৰীৰ দৰে কোঠাৰ উষ্ণতাত বাহিৰত ৰাখে, যিটো একেবাৰেই ভুল। বজাৰৰ পৰা কিনা বা ঘৰত তৈয়াৰ কৰা এল'ভেৰা জেল সদায় ফ্ৰীজত ৰাখিব লাগে। 

পাৰফিউম

পাৰফিউম বা সুগন্ধিও ফ্ৰীজত সংৰক্ষণ কৰিব লাগে। বাহিৰত অত্যাধিক গৰমে ইয়াৰ গোন্ধ নষ্ট কৰিব পাৰে। ইয়াক উচ্চ তাপমাত্ৰা আৰু পোহৰ থকা ঠাইৰ পৰা আঁতৰত ৰাখিব লাগে।

Also Read: ছাল-চুলি নষ্ট হৈ ম্লান হৈ পৰিব আপোনাৰ সৌন্দৰ্য