/asomiyapratidin/media/media_files/2025/02/22/mNEbLFs8cBRz6f09vmEI.jpg)
ডিজিটেল ডেস্ক: বিশ্বাস অনুসৰি, গংগা নদীত স্নান কৰিলে সকলো পাপৰ পৰা মুক্তি পাব পাৰি। কিন্তু কিছুমান পাপ এনেও আছে, যিবোৰ গংগাত গা ধুলেও খণ্ডন নহয়। শেহতীয়াকৈ পোহৰলৈ অহা এক ঘটনাই এই ‘পাপ’ সন্দৰ্ভত আপোনাকো এবাৰ ভাবিবলৈ বাধ্য কৰাব।
হয়, এই ঘটনা ঝাৰখণ্ডৰ ৰামগড় আৰক্ষী থানাৰ অন্তৰ্গত সুভাষ নগৰ কলনীৰ। এই কলনীৰ বাসিন্দা অখিলেশ কুমাৰে সংঘটিত কৰিছে এই অভাৱনীয় কাণ্ড। অখিলেশে তেওঁৰ অসুস্থ মাতৃক ঘৰত বন্দী কৰি পত্নী, সন্তান আৰু শহুৰেকৰ সৈতে কুম্ভমেলাত পবিত্ৰ স্নানৰ বাবে প্ৰয়াগৰাজলৈ যায়। ইয়াৰ পিছত ৬৫ বছৰীয়া মহিলাগৰাকীৰ সৈতে যি ঘটিছিল সেয়া গম পালে আপোনাৰ গাৰ নোম শিঁয়ৰি উঠিব।
১২ দিন পাৰ হোৱাৰ পাছতো পুত্ৰ-বোৱাৰী কুম্ভমেলাৰ পৰা আহি নোপোৱাত গৃহবন্দী হৈ থকা মহিলাগৰাকীৰ ভোকত আধা মৰা অৱস্থা হ'বলৈ ধৰে। এদিন সহায়ৰ বাবে মহিলাগৰাকীয়ে কান্দি থকাত ওচৰ চুবুৰীয়া লোকে তেওঁৰ কান্দোন শুনি উদ্বাৰ কৰিবলৈ সক্ষম হয়। স্থানীয় লোকসকলে ঘৰটোত প্ৰৱেশ কৰোতে মহিলাগৰাকীয়ে প্লাষ্টিক খাই দেখি আচৰিত হয়।
ইফালে, ঝাৰখণ্ডৰ চেণ্ট্ৰেল কোলফিল্ডছ লিমিটেডৰ (চিচিএল)ৰ কৰ্মচাৰী অখিলেশ কুমাৰে এই সমগ্ৰ ঘটনাত তেওঁৰ কোনো দোষ নাই বুলিহে প্ৰকাশ কৰে। তেওঁ কয়, 'মোৰ মা অসুস্থ। সেয়েহে, তেওঁৰ প্ৰয়োজনীয় খাদ্য আৰু পানীয়ৰ সকলো ব্যৱস্থা কৰাৰ পিছতহে প্ৰয়াগৰাজলৈ গৈছিলো।' আনহাতে, অখিলেশৰ ঘৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ দূৰত বাস কৰা তেওঁৰ ভগ্নী চান্দনী দেৱীয়ে কয়, 'মই চুবুৰীয়াৰ পৰা ফোনযোগে এই খবৰ লাভ কৰিছো। ভাতৃয়ে মোক এই বিষয়ে একো জানিবলৈ দিয়া নাছিল। মই গম পোৱা হ'লে মাৰ কোতিয়াও এই অৱস্থা নহয়। ' উল্লেখ্য যে, বন্ধ ঘৰৰ পৰা মহিলাগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পাছত খাদ্য- ঔষধ খাবলৈ দি চিচিএল চিকিৎসালয়ত ভৰ্তি কৰায়। বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ।
Also Read: কুম্ভমেলাৰ অন্তিম স্নান কেতিয়া, শুভ সময় জানি লওঁক