/asomiyapratidin/media/media_files/2025/01/24/DHVyWVcGByyhRAgoT5MB.jpg)
ডিজিটেল ডেস্কঃ গুজৰাটৰ কোঅপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেছন চমুকৈ GCMMF এ গ্ৰাহকক গাখীৰ ক্ৰয়ৰ বাবে উৎসাহিত কৰিবলৈ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিখ্যাত আমুল ব্ৰেণ্ডলৈ ডেইৰী সামগ্ৰী যোগান ধৰা গুজৰাট কোঅপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰছনে ডাঙৰ গাখীৰৰ পেকেট ক্ৰয়ৰ বাবে গ্ৰাহকক উ ৎসাহিত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
তেওঁলোকে এক লিটাৰৰ গাখীৰৰ পেকেটত ১ টকাকৈ মূল্য হ্ৰাস কৰিছে। গুজৰাট কোঅপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰছনৰ ব্যৱস্থাপনা পৰিচালক জয়েন মেহতাই এই সন্দৰ্ভত সংবাদ সংস্থা পি টি আইৰ আগত কয় যে, আমি এক লিটাৰ গাখীৰৰ পেকেটসমূহৰ মূল্য প্ৰতি লিটাৰত এক টকাকৈ হ্ৰাস কৰিছো। যাতে গ্ৰাহকসকলে ডাঙৰ গাখীৰৰ পেকেট ক্ৰয়ৰ বাবে আগ্ৰহী হৈ উঠে। ইয়াৰ জৰিয়তে তেওঁলোকে এক সুবিধা লাভ কৰিব।
এই মূল্য হ্ৰাস কৰাৰ পাছত দিল্লীত আমুল গোল্ড গাখীৰৰ মূল্য ৬৮ টকাৰ পৰা ৬৭ টকা হৈছে। আমুল তাজা গাখীৰৰ মূল্য আকৌ প্ৰতি লিটাৰত ৫৬ টকাৰ পৰা ৫৫ টকা হৈছে।
মন কৰিবলগীয়া যে, গুজৰাট কোঅপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰছনৰ বাৰ্ষিৰ টাৰ্ণ অভাৰ ২০২৩-২৪ বিত্তীয় বৰ্ষত ৮ শতাংশ বৃদ্ধি হৈ ৫৯,৪৪৫ কোটি টকা হৈছে। জয়েন মেহতাই উল্লেখ কৰা অনুসৰি এই বছৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱাৰ বাবে কোঅপাৰেটিভখনৰ ৰাজহ দুগুণ হাৰত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।