/asomiyapratidin/media/media_files/2025/09/04/web-2025-09-04-14-17-36.jpg)
ডিজিটেল ডেস্ক:চিকিৎসালয়ৰ বিচনাৰ পৰা পৰি এটি নৱজাতক, নলাত পৰি এটি চাৰি বছৰীয়া শিশুৰ মৃত্যু পাছত এইবাৰ পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ ঘটনা। হয়, চিকিৎসালয়ত নিগনিয়ে কামোৰাৰ ফলত এইবাৰ প্ৰাণ গ'ল দুই নৱজাতকৰ।
এই নৱজাতক দুটা শিশু ইউনিট (এনআইচিইউ) আৰু পেডিয়াট্ৰিক আইচিইউ (পিআইচিইউ)ত ভৰ্তি হৈ আছিল। নিশা সংঘটিত হয় এই ঘটনা। দুয়োটা শিশু চিকিৎসালয়ৰ বিচনাত শুই থকা অৱস্থাতে নিগনিয়ে হাতৰ আঙুলিত কামোৰে আৰু এদিনৰ অগা-পিছাকৈ দুয়োটা শিশুয়েই প্ৰাণ ত্যাগ কৰে।
ক'ত সংঘটিত হৈছে এই কৰুণ ঘটনা ?
এই দুৰ্ভাগ্যজনক ঘটনাটো ইন্দোৰৰ সৰ্ববৃহৎ চৰকাৰী চিকিৎসালয় মহাৰাজা যশৱন্ত ৰাও চিকিৎসালয়ত সংঘটিত হৈছে। কিন্তু, চিকিৎসালয় কৰ্তৃপক্ষই এই দুয়োটি শিশুৰ মৃত্যু নিগনিয়ে কামোৰাৰ ফলত হোৱাৰ কথা অস্বীকাৰ কৰিছে। তেওঁলোকৰ মতে, জন্মগত অসুবিধাৰ ফলতহে দুয়োটা শিশুৰ মৃত্যু হৈছে।
আনহাতে, এই ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মোহন যাদৱে কয়, ‘আমাৰ চৰকাৰে কোনো ধৰণৰ অসাৱধানতা সহ্য নকৰে। মই কালেক্টৰক নিৰ্দেশনা জাৰি কৰি স্বাস্থ্য বিভাগৰ প্ৰধান সচিবক অৱগত কৰিছো। স্বাস্থ্যমন্ত্ৰীকো ব্যৱস্থা ল'বলৈ কৈছো।’ নৱজাতকৰ পৰিয়ালে মৰণোত্তৰ পৰীক্ষা কৰিবলৈ অস্বীকাৰ কৰি মৃতদেহটো ঘৰলৈ লৈ যায় বুলিও মুখ্যমন্ত্ৰী যাদৱে জানিবলৈ দিয়ে।
ডিনে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা
চিকিৎসালয়খনৰ ডিনগৰাকীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি স্পষ্টভাৱে কয় যে, এনে গাফিলতি সহ্য কৰা নহ’ব। তেওঁ কৰ্তব্যৰত নাৰ্চ আৰু নাৰ্চিং অধীক্ষকক শীঘ্ৰে নিলম্বন কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু ভৱিষ্যতে এনে গাফিলতি সহ্য কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়ে।
তদন্তৰ বাবে গঠন কৰা হৈছে বিশেষ সমিতি
বিষয়টোৰ ভয়াৱহতা বিবেচনা কৰি চৰকাৰে ৫জন চিকিৎসকৰ বিশেষ তদন্তকাৰী দল গঠন কৰিছে। এই দলটোৱে সমগ্ৰ বিষয়টোৰ বিশদ তদন্ত কৰি শীঘ্ৰে প্ৰতিবেদন দাখিল কৰিব। চিকিৎসালয়ত নিগনিৰ আক্ৰমণ কেনেকৈ বৃদ্ধি হ'ল, দায়িত্বশীল বিষয়াসকলে কিয় কৰ্তব্য পালন নকৰিলে? ভৱিষ্যতে এনে দুৰ্ভাগ্যজনক ঘটনা কেনেকৈ ৰোধ কৰিব পাৰি ? আদিবোৰ পোহৰলৈ অনাটোয়েই এই সমিতিৰ মূল উদ্দেশ্য।