জখলাবন্ধাত ফাৰ্মাচিষ্টক আক্ৰমন স্বয়ম্ভূ চিকিৎসকৰ...

প্ৰতিষ্ঠানটোত প্ৰৱেশ কৰি ফাৰ্মাচিষ্ট ছফিউৰ ৰহমান খানক উপৰ্যুপৰি প্ৰহাৰ কৰাতেই ক্ষান্ত নাথাকি ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ সা-সামগ্ৰী ক্ষতি সাধন কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,কলিয়াবৰ: পঞ্জীয়নভূক্ত ফাৰ্মাচী সন্থা,অসমৰ প্ৰাক্তন সভাপতি তথা মূখ্য উপদেষ্টা ছফিউৰ ৰহমান খানক শনিবাৰে নিশা এজন স্বয়ম্ভূ চিকিৎসক সহ তেওঁৰ পৰিয়ালৰ সদস্যই কলিয়াবৰৰ জখলাবন্ধাত অতৰ্কিতে আক্ৰমণ চলোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

প্ৰাপ্ত অভিযোগ অনুসৰি ছফিউৰ ৰহমান খানে জখলাবন্ধাস্থিত তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠান নিউ এছ পি ফাৰ্মাচীত কৰ্তব্যৰত অৱস্থাত স্বয়ম্ভূ চিকিৎসক ৰূপে অভিযোগ থকা কামাল হাচান নামৰ ব্যক্তিগৰাকীৰ লগতে তেওঁৰ পত্নী,শাহু তথা আত্মীয়ৰে পৰিবেষ্টিত আঠ জনীয়া দলটিয়ে সংশ্লিষ্ট ব্যৱসায়িক প্ৰতিষ্ঠানটোত প্ৰৱেশ কৰি ফাৰ্মাচিষ্ট ছফিউৰ ৰহমান খানক উপৰ্যুপৰি প্ৰহাৰ কৰাতেই ক্ষান্ত নাথাকি ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ সা-সামগ্ৰী ক্ষতি সাধন কৰে।

এই অনাকাংক্ষিত ঘটনাটি প্ৰত্যক্ষ কৰি নিকটবৰ্তীৰ দোকানী ব্যৱসায়ী সকলো হতভম্ব হৈ পৰে ৷ এই ঘটনা সন্দৰ্ভত ফাৰ্মাচিষ্ট ছফিউৰ ৰহমান খানে জানিবলৈ দিয়া  মতে, ভূৱা চাৰ্টিফিকেটৰে নিজকে চিকিৎসক বুলি জাহিৰ কৰি ভূৱা চিকিৎসা প্ৰদান কৰি অহা কুঁৱৰীটোল নিবাসী স্বয়ম্ভু চিকিৎসক কামাল হাচানৰ বিৰুদ্ধে কেইমাহ পূৰ্বে দিচপুৰ থানাত পঞ্জীয়নভূক্ত ফাৰ্মাচী সন্থাই এটি গোচৰ ৰুজু কৰিছিল ৷

তাৰেই প্ৰতিশোধ স্বৰূপে আজিৰ এই আক্ৰমনৰ ঘটনা সংঘটিত হৈছে বুলি তেঁও সদৰী কৰে। ইপিনে আক্ৰমনকাৰী কামাল হাচানে নিউ এছ পি ফাৰ্মাচীখন অবৈধ তথা নবীকৰন নোহোৱাৰ গুৰুত্বৰ অভিযোগ তোলে ৷

আক্ৰমনকাৰী কামাল হাচান বাহিনীয়ে ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত অবৈধ ভাবে প্ৰবেশ কৰি আক্ৰমণ কৰা তথা আইন হাতত তুলি লোৱা কাৰ্যক একে মুখে গৰিহনা দিছে পঞ্জীয়নভূক্ত ফাৰ্মাচী সন্থা অসম তথা স্থানীয় ব্যৱসায়ী সকলে ৷

কলিয়াবৰ