পাকিস্তানৰ যুদ্ধজনিত যৌন হিংসাক ৰাষ্ট্ৰসংঘত ভাৰতৰ কঠোৰ সমালোচনা

ৰাষ্ট্ৰসংঘত ভাৰতৰ চাৰ্জ ডি'অফেয়াৰ্ছ এলডোছ মেথিউ পুন্নুছে পাকিস্তানত ১৯৭১ চনৰ পৰা কিদৰে সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাৰ বিৰুদ্ধে যৌন হিংসা অব্যাহত আছে সেই তথ্য ফাদিল কৰিলে।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
পাকিস্তানৰ যুদ্ধজনিত যৌন হিংসাক বিৰুদ্ধে ৰাষ্ট্ৰসংঘত ভাৰতৰ কঠোৰ সমালোচনা

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰসংঘত ভাৰতৰ চাৰ্জ ডি'অফেয়াৰ্ছ এলডোছ মেথিউ পুন্নুছে পাকিস্তানত ১৯৭১ চনৰ পৰা কিদৰে সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাৰ বিৰুদ্ধে যৌন হিংসা অব্যাহত আছে সেই তথ্য ফাদিল কৰিলে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 'যুদ্ধজনিত যৌন হিংসা'ৰ ওপৰত মুকলি বিতৰ্কত তেওঁ কয় যে পাকিস্তানৰ সেনাই ১৯৭১ চনত পূব পাকিস্তানত (বৰ্তমানৰ বাংলাদেশ) হাজাৰ হাজাৰ মহিলাৰ বিৰুদ্ধে জঘন্য যৌন অপৰাধ কৰিছিল, আৰু এই নিন্দনীয় প্ৰথা এতিয়াও অব্যাহত আছে।

Advertisment

পুন্নুছে উল্লেখ কৰে যে পাকিস্তানত ধৰ্মীয় আৰু জাতিগত সংখ্যালঘু মহিলাৰ বিৰুদ্ধে অপহৰণ, মানৱ সৰবৰাহ, বলপূৰ্বক বিবাহ, যৌন হিংসা আৰু ধৰ্মান্তৰকৰণৰ ঘটনা সংঘটিত হৈছে। তেওঁ পাকিস্তানৰ ন্যায়পালিকাকো এই অপৰাধসমূহক বৈধতা প্ৰদানৰ বাবে সমালোচনা কৰে। এনে গোচৰত পাকিস্তানৰ ন্যায় ব্যৱস্থা কৌতুকলৈ ৰূপান্তৰ হোৱা বুলিও কয়। 

তেওঁ জোৰ দিয়ে যে এনে অপৰাধৰ অপৰাধীসকলক কঠোৰ শাস্তি দিয়া উচিত, কিয়নো যুদ্ধজনিত যৌন হিংসাই কেৱল ব্যক্তিৰ জীৱন ধ্বংস নকৰে, সমাজৰ গাঁথনিকো বিধ্বস্ত কৰে। তেওঁ পীড়িতসকলৰ বাবে ন্যায়, চিকিৎসা, মনোসামাজিক সহায়, আইনী সহায় আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ পোষকতা কৰে।

ভাৰত এই বিষয়ত প্ৰথম দেশসমূহৰ ভিতৰত অন্যতম হিচাপে ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ ট্ৰাষ্ট ফাণ্ডত অৰিহণা আগবঢ়াইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতে যৌন শোষণ আৰু হিংসাৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ কাৰ্যকলাপত নেতৃত্বৰ বৃত্তত যোগদান কৰিছে। ভাৰতে লিবেৰিয়াত ২০০৭ চনত প্ৰথম মহিলা পুলিচ ইউনিট মোতায়েন কৰিছিল আৰু বৰ্তমান মনোস্কো, ইউনিচেফ আৰু ইউ.এন.এম.এ.এছত মহিলা দল মোতায়েন কৰিছে।

ভাৰতে নিৰ্ভয়া ফাণ্ডৰ জৰিয়তে মহিলাৰ নিৰাপত্তাৰ বাবে প্ৰায় ১.২ বিলিয়ন ডলাৰৰ এক নন-লেপ্সেবল ফাণ্ড গঠন কৰিছে। ইয়াৰ উপৰি, জৰুৰীকালীন সেৱাৰ বাবে ১১২ নম্বৰৰ জৰুৰী সেৱা আৰু সকলো জিলাৰ মুখ্য কাৰ্যালয়ত ‘সখী ৱান ষ্টপ’ চেণ্টাৰ স্থাপন কৰা হৈছে।

পুন্নুছে কয় যে ভাৰতৰ এই অভিজ্ঞতা আৰু দক্ষতা আগ্ৰহী দেশসমূহৰ সৈতে ভাগ-বতৰা কৰাৰ বাবে ভাৰত প্ৰস্তুত। তেওঁ যুদ্ধজনিত যৌন হিংসা নিৰ্মূল আৰু পীড়িতসকলৰ সমৰ্থনৰ বাবে ভাৰতৰ অটল প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।

পাকিস্তান ৰাষ্ট্ৰসংঘ