এতিয়া আৰু শকত হোৱাৰ ভয়ত আপুনি কমাই খাব নালাগে

বৰ্তমান মেদবহুলতা এক গুৰুতৰ স্বাস্থ্য সমস্যাত পৰিণত হৈছে। কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে এই সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াক 'গ্ল'বেল মেদবহুলতা মহামাৰী' বুলিও কোৱা হয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
web ap tablets

ডিজিটেল ডেস্ক: বৰ্তমান মেদবহুলতা এক গুৰুতৰ স্বাস্থ্য সমস্যাত পৰিণত হৈছে। কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে এই সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াক 'গ্ল'বেল মেদবহুলতা মহামাৰী' বুলিও কোৱা হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই ন’ভ’ নৰ্ডিস্ক নামৰ এটা বিখ্যাত ঔষধ প্ৰস্তুতকাৰী কোম্পানীয়ে CagriSema নামৰ এক ঔষধ প্ৰস্তুত কৰিছে। যিয়ে কমাব পাৰে শৰীৰৰ ওজন।

Advertisment

কি এই CagriSema ?

CagriSema হৈছে Cagrilintide আৰু Semaglutide নামৰ দুটা ঔষধৰ সংমিশ্ৰণ। এই একেটা উপাদানেই জনপ্ৰিয় ঔষধ Ozempic আৰু Wegovy তো পোৱা যায়, যিবোৰ টাইপ-২ ডায়েবেটিছ আৰু ওজন হ্ৰাসৰ বাবে ব্যৱহাৰ কৰা হয়। ওজন হ্ৰাস কৰাত CagriSema কিমান ফলপ্ৰসূ আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়া কি সেই বিষয়ে জানিবলৈ এটা নতুন পৰীক্ষা আৰম্ভ কৰা হৈছে। বিশেষকৈ মেদবহুল বা ওজনৰ লগত জড়িত স্বাস্থ্যজনিত সমস্যা, যেনে টাইপ-২ ডায়েবেটিছ, উচ্চ ৰক্তচাপৰ সমস্যাত ভোগা লোকসকলৰ এই পৰীক্ষা কৰা হৈছে।

ভাৰতীয়ই ব্যৱহাৰ কৰিব পাৰিবনে এই ঔষধ ?

এই ঔষধ উদ্ভাৱনৰ লক্ষ্য হৈছে মেদবহুলতাত আক্ৰান্ত ৰোগীক নিৰাপদ আৰু ফলপ্ৰসূ চিকিৎসা প্ৰদান কৰা। পূৰ্বৰ পৰীক্ষাসমূহত CagriSemaয়ে ওজন হ্ৰাসৰ ক্ষেত্ৰত উৎকৃষ্ট ফলাফল দেখুৱাইছে, এতিয়া ইয়াক বৃহৎ পৰিসৰত পৰীক্ষা কৰা হৈছে। যদি এই ঔষধ সফল হয় আৰু এফ ডি এৰ দৰে নিয়ন্ত্ৰক সংস্থাৰ পৰা অনুমোদন পায়, তেন্তে ভৱিষ্যতে ভাৰতকে ধৰি বহু দেশত মেদবহুলতাৰ চিকিৎসাৰ বাবে এই ঔষধ উপলব্ধ হ’ব পাৰে।

মেদবহুলতা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ কাৰণ-

জাংক ফুড, প্ৰচেছড ফুডৰ অত্যধিক গ্ৰহণ

ওজন বৃদ্ধিত ফাষ্ট ফুড, শীতল পানীয়, পেকেটত ভৰোৱা জলপান আদিয়ে মুখ্য ভূমিকা পালন কৰে।

বহি থকা জীৱনশৈলী

মানুহে এতিয়া পূৰ্বতকৈ বেছি বহি বহি কাম কৰে, অফিচ, ম’বাইল, টিভিৰ বাবে শাৰীৰিক ক্ৰিয়া-কলাপ বহুত কমিছে। যাৰ বাবে মেদবহুলতাৰ সমস্যা অভাৱনীয়ভাৱে বদ্ধি পাইছে। 

মানসিক চাপ, টোপনিৰ অভাৱ

মানসিক চাপ আৰু টোপনিৰ অভাৱত হৰম’নৰ পৰিৱৰ্তন ঘটে। যাৰ ফলত ভোক আৰু দ্ৰুতগতিত ওজন বৃদ্ধি পায়।

জেনেটিক্স

পৰিয়ালত মেদবহুল লোক থাকিলে, তেওঁলোকৰ প্ৰজন্মবোৰৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰে। কিন্তু উপযুক্ত খাদ্য আৰু ব্যায়ামৰ দ্বাৰা ইয়াক প্ৰতিৰোধ কৰিব পাৰি।

ঔষধৰ পাৰ্শ্বক্ৰিয়া

কিছুমান ঔষধ যেনে এন্টি ডিপ্ৰেছন বা হৰম’ন সম্পৰ্কীয় ঔষধেও ওজন বৃদ্ধি কৰিব পাৰে।

মেদবহুলতা কিয় বিপদজনক?

মেদবহুলতাৰ ফলত বহুতো গুৰুতৰ ৰোগ হব পাৰে-

-ডায়েবেটিছ (টাইপ ২)

-ৰক্তচাপ

-হৃদৰোগ

-বাতবিষ (গাঁঠিৰ বিষ)

-স্লিপ এপনিয়া

-গৰ্ভধাৰণত অসুবিধা

Also Read: বিবাহৰ দিন, বৈবাহিক সম্পৰ্ক ঠুনুকা হ'ব নে শক্তিশালী, হাততে স্পষ্ট হৈ থাকে সকলো