Advertisment

ৰহস্য ! পদপিষ্টৰ ঘটনাৰ পাছত মহাকুম্ভত সন্ধানহীন ১৫০০ ভক্ত...

মহাকুম্ভত মৌনী অমৱস্যাৰ নিশা অমৃত স্নান কৰিবলৈ যোৱাৰ সময়ত হোৱা পদপিষ্টৰ ঘটনাত প্ৰকৃততে কিমান লোকৰ মৃত্যু হৈছিল তাক লৈ আজিও কোনো স্পষ্ট তথ্য পোহৰলৈ অহা নাই।

author-image
Asomiya Pratidin
New Update
ৰহস্য ! পদপিষ্টৰ ঘটনাৰ পাছত মহাকুম্ভত সন্ধানহীন ১৫০০ ভক্ত...

ডিজিটেল ডেস্কঃ মহাকুম্ভত মৌনী অমৱস্যাৰ নিশা অমৃত স্নান কৰিবলৈ যোৱাৰ সময়ত হোৱা পদপিষ্টৰ ঘটনাত প্ৰকৃততে কিমান লোকৰ মৃত্যু হৈছিল তাক লৈ আজিও কোনো স্পষ্ট তথ্য পোহৰলৈ অহা নাই। উত্তৰ প্ৰদেশ চৰকাৰে যদিও ৩০ জন লোকৰ মৃত্যুৰ তথ্য প্ৰকাশ কৰিছে তথাপিও এই সংখ্যাক লৈ প্ৰশ্নৰ উত্থাপন হৈছে। 

Advertisment

কিয়নো বুধবাৰে নিশা প্ৰায় ২ বজাত সংঘটিত হোৱা পদপিষ্টৰ ঘটনাৰ পাছৰ পৰা সন্ধানহীন হৈ থকা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। তাৰোপৰি প্ৰয়াগৰাজৰ কেইবাখনো হাস্পতালৰ মৰ্গত এতিয়াও বহু মৃতদেহ থকা বুলিও একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

তাৰ মাজতে শুকুৰবাৰে দৈনিক ভাস্কৰে এক ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণ আৰু অনুসন্ধানমূলক প্ৰতিবেদনত উল্লেখ কৰা তথ্যই এতিয়া বহুতকে চকু কপালত তুলিছে। সংবাদ গোষ্ঠীটোৰ প্ৰতিবেদন অনুসৰি বুধবাৰৰ পদপিষ্টৰ ঘটনাৰ পাছৰে পৰা শুকুৰবাৰৰ দিনৰ ১২ বজালৈকে মহাকুম্ভত সন্ধানহীন হোৱা লোকৰ সংখ্যা ১৫০০ লৈ বৃদ্ধি পাইছে।

দৈনিক কোটি কোটি ভক্তৰ আগমণ ঘটা প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাস্থলীত কিছু সময়ৰ বাবে ভক্তৰ সন্ধানহানী হোৱাটো স্বাভাৱিক যদিও আশ্চৰ্যজনকভাৱে বুধবাৰৰ ঘটনাৰ পাছতহে সন্ধানহীনৰ ঘটনা বৃদ্ধি পাইছে। তাৰোপৰি পূৰ্বে সন্ধানহীন হোৱাসকলৰ প্ৰায় সংখ্যকৰেই পাছত সন্ধান পোৱা গৈছিল যদিও সন্ধানহীন হৈ থকা ১৫০০ লোকৰ কিন্তু কোনো সন্ধান নাই।

অৱশ্যে ইয়াৰে এটা অংশই মেলাস্থলী ত্যাগ কৰি পৰবৰ্তী সময়ত ৰেল ষ্টেচন অথবা বাছ আস্থান আদিত পৰিয়ালৰ সৈতে যোগাযোগ কৰি একত্ৰিত হোৱাৰো খবৰ আছে। এটা অংশই আকৌ বিভিন্ন স্থানত সাধুৰ সৈতে ধ্যানত মগ্ন হোৱাৰো আশংকা কৰা হৈছে।

কিন্তু তথাপিও ১৫০০ লোকৰ সন্ধানহীন বিষয়টোৱে বহু প্ৰশ্নৰ সৃষ্টি কৰিছে। কিয়নো প্ৰকৃততে কিমান লোক সন্ধানহীন হৈ আছে তাৰ সঠিক তথ্য দিবলৈ কৰ্তৃপক্ষই বিচৰা নাই। কোনো প্ৰশাসনিক অধিকাৰীয়ে এই তথ্য দিয়া নাই। সেয়ে এই তথ্য অতি কৌশলেৰে প্ৰয়াগৰাজৰ অনুসন্ধানকক্ষৰ পৰা সংগ্ৰহ কৰা হৈছে।

প্ৰয়াগৰাজত থকা মুঠ ১০ টা অনুসন্ধান কক্ষৰ পৰা সংগ্ৰহ কৰা তথ্যইহে ১৫০০ লোক সন্ধানহীন হৈ থকাৰ বিষয়টো পোহৰলৈ আনিছে। এই অনুসন্ধান কক্ষসমূহৰ বাহিৰত বৃদ্ধৰ পৰা শিশুলৈ বহুতেই আপোনজনৰ সন্ধানত এতিয়াও অপেক্ষা কৰি আছে।

অনুৰূপ ধৰণে প্ৰয়াগৰাজৰ প্ৰায় ৮ খন হাস্পতালত পদপিষ্টৰ ঘটনাত আহতক চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছিল। এই হাস্পতাল কেইখনত এতিয়াও বহু আহত চিকিৎসাধীন হৈ আছে। সেয়ে হাস্পতালসমূহতো এতিয়াও সন্ধানহীন আত্মীয়ক বিচাৰি ভক্তৰ আগমণ ঘটিয়েই আছে।

আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে এই হাস্পতালসমূহৰ মৰ্গত এতিয়াও বহু মৃতদেহ থকাৰ তথ্য প্ৰকাশ পাইছে। কিন্তু হাস্পতাল কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে কোনো তথ্যই উল্লেখ কৰা নাই। তাৰোপৰি সংবাদ মাধ্যমক তেনে মৰ্গৰ কাষলৈ যাবলৈ দিয়া হোৱা নাই।

সেয়ে এতিয়া মহাকুম্ভ মেলাৰ পদপিষ্টৰ ঘটনাত প্ৰকৃততে কিমান লোকৰ মৃত্যু হৈছে তাক লৈ সন্দেহৰ সৃষ্টি হৈছে। উত্তৰ প্ৰদেশ চৰকাৰে মৃতকৰ সংখ্যা লুকুৱাবলৈ চেষ্টা কৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে।

উত্তৰ প্ৰদেশ মহাকুম্ভ মেলা