আপোনাৰ এনে কামত অসন্তুষ্ট হ'ব পাৰে মহাদেৱ !

হিন্দু ধৰ্মত মহাশিৱৰাত্ৰিক অতি পৱিত্ৰ বুলি গণ্য কৰা হয়।এই দিনটোত ভক্তসকলে শিৱ-পাৰ্বতীক সম্পূৰ্ণ শ্ৰদ্ধাৰে উপাসনা কৰে। এইবাৰ মহাশিৱৰাত্ৰি ৮ মাৰ্চত আৰম্ভ হৈ ৯ মাৰ্চৰ সন্ধিয়া সমাপ্ত হ'ব। জ্যোতিষ শাস্ত্ৰৰ মতে, শিৱৰাত্ৰিত কেতবোৰ কাম কৰাটো অতি অশুভ।

author-image
Asomiya Pratidin
New Update
আপোনাৰ এনে কামত অসন্তুষ্ট হ'ব পাৰে মহাদেৱ !

ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত মহাশিৱৰাত্ৰিক অতি পৱিত্ৰ বুলি গণ্য কৰা হয়।এই দিনটোত  ভক্তসকলে শিৱ-পাৰ্বতীক সম্পূৰ্ণ শ্ৰদ্ধাৰে উপাসনা কৰে। এইবাৰ মহাশিৱৰাত্ৰি ৮ মাৰ্চত আৰম্ভ হৈ ৯ মাৰ্চৰ সন্ধিয়া সমাপ্ত হ'ব। জ্যোতিষ শাস্ত্ৰৰ মতে, শিৱৰাত্ৰিত কেতবোৰ কাম কৰাটো অতি অশুভ। মহাশিৱৰাত্ৰিত কোনসমূহ কাম কৰাৰ পৰা বিৰত থাকিব লাগে, আজি জানো আহক-

Advertisment

এইসমূহ খাদ্য নাখাব 

শিৱৰাত্ৰিৰ দিনা দাইল, চাউল বা ঘেঁহুৰে তৈয়াৰ কৰা খাদ্য নাখাব। উপবাসৰ সময়ত আপুনি গাখীৰ বা ফল খাব পাৰে। লগতে, এই দিনটোত সূৰ্যাস্তৰ পিছত খাদ্য নাখাব। 

সেন্দুৰ

শিৱৰাত্ৰিত ভুলতো শিৱলিংগত সেন্দুৰ নিদিব।ইয়াৰ পৰিৱৰ্তে আপুনি শিৱক সন্তুষ্ট কৰিবলৈ চন্দন আগবঢ়াব পাৰে। অৱশ্যে, আপুনি মা পাৰ্বতীক সেন্দুৰ দিব পাৰে।   

ৰঙা কাপোৰ 

মহাশিৱৰাত্ৰিৰ দিনা গা নোধোৱাকৈ একো খাদ্য মুখত নিদিব। এই দিনটোত ৰঙা কাপোৰ পিন্ধাটোও অশুভ। 

ৰাতি নুশুব 

মহাশিৱৰাত্ৰিত টোপনি নগৈ গোটেই ৰাতি ভগৱান শিৱৰ উপাসনা কৰিব। যদি সম্ভৱ আৰতিও কৰিব। 

ভঙা চাউল 

মহাশিৱৰাত্ৰিৰ পূজাত ভুলতো ভঙা চাউল নিদিব। চাউলক নিখুঁততাৰ প্ৰতীক বুলি গণ্য কৰা হয়। সেয়েহে, শিৱৰাত্ৰিৰ পূজাত ভঙা চাউল একেবাৰেই নিদিব।

তুলসীৰ পাত 

শিৱ পুৰাণৰ মতে, ভগৱান শিৱৰ উপাসনাত কেতিয়াও তুলসীৰ পাত ব্যৱহাৰ কৰিব নালাগে। এনে কৰাটো অশুভ বুলি গণ্য কৰা হয়।

নাৰিকল পানী 

ভগৱান শিৱক নাৰিকলৰ পানীৰ সৈতে অভিষিক্ত নকৰিব। ভোলেনাথৰ পূজাত নাৰিকল বা নাৰিকল পানী ব্যৱহাৰ কৰাটো নিষিদ্ধ বুলি গণ্য কৰা হয়।

Also Read: ঘৰত সুখ-শান্তি বৰ্তি থাকিবলৈ কৰক এই কাম