Advertisment

ঘৰত সুখ-শান্তি বৰ্তি থাকিবলৈ কৰক এই কাম

হিন্দু ধৰ্মালম্বী লোকসকলৰ মাজত মহাশিৱৰাত্ৰিৰ গুৰুত্ব অপৰিসীম।ধৰ্মীয় বিশ্বাস অনুসৰি, এই দিনটোত মহাদেৱ আৰু পাৰ্বতী বিবাহপাশত আবদ্ধ হৈছিল।এইবেলি মহাশিৱৰাত্ৰি ৮ মাৰ্চৰ সন্ধিয়া ০৯.৫৭ বজাত আৰম্ভ হৈ ৯ মাৰ্চৰ সন্ধিয়া ০৬.১৭ বজাত সমাপ্ত হ'ব।কোৱা হয় যে এই দিনটোত যিসকল ভক্তই ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ উপাসনা কৰে, তেওঁলোকে জীৱনত সুখ-শান্তি লাভ কৰে।

author-image
Asomiya Pratidin
New Update
ঘৰত সুখ-শান্তি বৰ্তি থাকিবলৈ কৰক এই কাম

ডিজিটেল ডেস্ক: হিন্দু ধৰ্মালম্বী লোকসকলৰ মাজত মহাশিৱৰাত্ৰিৰ গুৰুত্ব অপৰিসীম।ধৰ্মীয় বিশ্বাস অনুসৰি, এই দিনটোত মহাদেৱ আৰু পাৰ্বতী বিবাহপাশত আবদ্ধ হৈছিল।এইবেলি মহাশিৱৰাত্ৰি ৮ মাৰ্চৰ সন্ধিয়া ০৯.৫৭ বজাত আৰম্ভ হৈ ৯ মাৰ্চৰ সন্ধিয়া ০৬.১৭ বজাত সমাপ্ত হ'ব।কোৱা হয় যে এই দিনটোত যিসকল ভক্তই ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ উপাসনা কৰে, তেওঁলোকে জীৱনত সুখ-শান্তি লাভ কৰে। এই দিনটোত মাত্ৰ ৩ বিধ উদ্ভিদ ঘৰত ৰোপন কৰিও আপুনি ঘৰখনলৈ সুখ আৰু সমৃদ্ধি আনিব পাৰে।আজি এই বিষয়ে জানো আহক-

Advertisment

বেল গছ

মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগত বেলপাত আগবঢ়োৱাটো অতি শুভ বুলি গণ্য কৰা হয়।আনহাতে, আপুনি এই বিশেষ দিনটোত এজোপা বেল গছো ঘৰলৈ আনিব পাৰে।ঘৰত বেল গছ থাকিলে ধনাত্মক শক্তি থাকে আৰু মহাদেৱৰ কৃপাত কেতিয়াও ধনৰ অভাৱ নহয়।

ধতুৰা গছ

ঘৰত কাঁইটীয়া গছ ৰোপণ কৰাটো অশুভ বুলি গণ্য কৰা হয় যদিও মহাশিৱৰাত্ৰিত ধতুৰা গছ ৰোপন কৰাটো অতি শুভ। বিশ্বাস কৰা হয় যে, এই উদ্ভিদ শিৱৰ অতি প্ৰিয়।সেয়েহে, ঘৰত এই উদ্ভিদ ৰোপণ কৰিলে শিৱ সন্তুষ্ট হয় আৰু ঘৰখনত সুখ-সমৃদ্ধিয়ে বিৰাজ কৰে।ইয়াৰ দ্বাৰা ঘৰৰ নেতিবাচক শক্তিও দূৰ হয়।

নিলাজী বন বা লাজুকী লতা

নিলাজী বনো মহাদেৱৰ অতি প্ৰিয় উদ্ভিদ।সেয়েহে, মহাদেৱক সন্তুষ্ট কৰিবলৈ আপুনি শিৱৰাত্ৰিত এই উদ্ভিদ ঘৰত ৰোপন কৰিব পাৰে।বিশ্বাস মতে, ঘৰত নিলাজী বন থাকিলে ইতিবাচক শক্তি বৰ্তি থাকে আৰু ঘৰত সুখ-শান্তিয়ে বিৰাজ কৰে।

Also Read: এইবাৰ আপুনি কেতিয়া পালন কৰিব মহাশিৱৰাত্ৰি, ৮ নে ৯ মাৰ্চত ?