আজৱ কাৰ্ড দেখি আচৰিত নেটিজেন, মুকলিকৈ প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া

ছ'চিয়েল মেডিয়াত শেহতীয়াকৈ ভাইৰেল হৈছে এখন অতি ব্যক্তিক্ৰমী বিয়াৰ নিমন্ত্ৰণী পত্ৰ। টুইটাৰত খুব কম সময়তে ভাইৰেল হৈ পৰে এই নিমন্ত্ৰণী পত্ৰখন। এই পত্ৰখন ব্যতিক্ৰম হোৱাৰ কাৰণটো জানিলে আপুনিও প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি নোৱাৰিব।হয়, এই পত্ৰখনত দৰা-কইনাৰ নামৰ লগতে লেখা হৈছে তেওঁলোক দুয়োয়ে অধ্যয়ন কৰা প্ৰতিষ্ঠানৰ নাম।

author-image
Asomiya Pratidin
New Update
আজৱ কাৰ্ড দেখি আচৰিত নেটিজেন, মুকলিকৈ প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্ক: ছ'চিয়েল মেডিয়াত শেহতীয়াকৈ ভাইৰেল হৈছে এখন অতি ব্যক্তিক্ৰমী বিয়াৰ নিমন্ত্ৰণী পত্ৰ। টুইটাৰত খুব কম সময়তে ভাইৰেল হৈ পৰে এই নিমন্ত্ৰণী পত্ৰখন। এই পত্ৰখন ব্যতিক্ৰম হোৱাৰ কাৰণটো জানিলে আপুনিও প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি নোৱাৰিব।হয়, এই পত্ৰখনত দৰা-কইনাৰ নামৰ লগতে লেখা হৈছে তেওঁলোক দুয়োয়ে অধ্যয়ন কৰা প্ৰতিষ্ঠানৰ নাম।

Advertisment

পত্ৰখনত উল্লেখ থকা মতে, দৰাৰ নাম পিয়ুষ বাজপেয়ী আৰু কাষতে লেখা আছে আইআইটি বম্বে। ইয়াৰ বিপৰীতে কইনাৰ নাম মমতা মিশ্ৰ আৰু কাষত লেখা আছে আইআইটি দিল্লী। এয়া দেখাৰ পাছতে স্বাভাৱিকভাৱেই ছ'চিয়েল মেডিয়াত বহুজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।অধিকাংশই অৱশ্যে পত্ৰখন দেখি বেছি ৰসহে পাইছে, যি তেওঁলোকে মুকলিকৈ প্ৰকাশো কৰিছে।

এই পত্ৰখন মহেশ নামৰ এজন ব্যৱহাৰকাৰীয়ে টুইটাৰত শ্বেয়াৰ কৰিছে। এই প'ষ্টটো অসংখ্যবাৰ ৰিটুইটো হৈছে। প'ষ্টটোত এজনে ধেমেলিয়াকৈ লেখিছে, 'মই এইখন বিয়ালে গৈছিলো।বিয়াৰ সকলো খাদ্যৰ ওপৰতো আইআইটিৰ নাম উল্লেখ কৰা হৈছে।' আন এজনে লেখিছে, 'আচলতে  পত্ৰখনত আইআইটি বম্বে ৱেডচ আইআইটি দিল্লী বুলিহে লেখিব লাগিছিল।' বহুতেই লেখিছে, 'এয়া আজিৰ দিনৰ ভাৰতীয় বিবাহৰ নাটক।আজিৰ দিনৰ মানুহে পৰম্পৰাক পাহৰি পেলাইছে।' উল্লেখ্য যে, ব্যতিক্ৰমী যদিও এই বিয়াৰ নিমন্ত্ৰণী পত্ৰখন অৱশ্যে পুৰণি।

Also Read: চিনেমা হল কৰ্তৃপক্ষৰ আজৱ কাণ্ড, টিকটৰ মূল্য ঘূৰাই বিচাৰিলে দৰ্শকে