চিনেমা হল কৰ্তৃপক্ষৰ আজৱ কাণ্ড, টিকটৰ মূল্য ঘূৰাই বিচাৰিলে দৰ্শকে

সদ্যমুক্তিপ্ৰাপ্ত ছবি ‘জৱান’ৰ সফলতাৰ বিষয়ে হয়তো দোহৰাৰ প্ৰয়োজন নাই।এটাৰ উপৰি আন এটা অভিলেখ সৃষ্টি কৰি বলীউড আটাইতকৈ সফল ছবি হিচাপে বিবেচিত হৈছে বলীউডৰ ‘বাদশ্বাহ’ শ্বাহৰুখ খানৰ 'জৱান'। ‘জৱান’ উপভোগ কৰিবৰ বাবে প্ৰতিটো চিনেমা হলতে এতিয়াও দৰ্শকৰ যথেষ্ট ভিৰ।পিছে কেইদিনমান পূৰ্বে এটা বিশেষ চিনেমা হল কৰ্তৃপক্ষই দৰ্শকক বাৰুকৈয়ে নিৰাশ কৰিলে।

author-image
Asomiya Pratidin
New Update
চিনেমা হল কৰ্তৃপক্ষৰ আজৱ কাণ্ড, টিকটৰ মূল্য ঘূৰাই বিচাৰিলে দৰ্শকে

ডিজিটেল ডেস্ক: সদ্যমুক্তিপ্ৰাপ্ত ছবি ‘জৱান’ৰ সফলতাৰ বিষয়ে হয়তো দোহৰাৰ প্ৰয়োজন নাই।এটাৰ উপৰি আন এটা অভিলেখ সৃষ্টি কৰি বলীউড আটাইতকৈ সফল ছবি হিচাপে বিবেচিত হৈছে বলীউডৰ ‘বাদশ্বাহ’ শ্বাহৰুখ খানৰ 'জৱান'। ‘জৱান’ উপভোগ কৰিবৰ বাবে প্ৰতিটো চিনেমা হলতে এতিয়াও দৰ্শকৰ যথেষ্ট ভিৰ।পিছে কেইদিনমান পূৰ্বে এটা বিশেষ চিনেমা হল কৰ্তৃপক্ষই দৰ্শকক বাৰুকৈয়ে নিৰাশ কৰিলে।যাৰ বাবে কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্তেজিত হৈ পৰে দৰ্শকসকল।

Advertisment

প্ৰকৃততে, এই চিনেমা হলটোত দৰ্শকক প্ৰথম অংশৰ পৰিৱৰ্তে প্ৰথমে দেখুওৱা হ'ল দ্বিতীয় অংশ।হয়, প্ৰথমে এই বিষয়ে দৰ্শকসকলে গম পোৱা নাছিল যদিও সময় পাৰ হোৱাৰ লগে লগে তেওঁলোকে এই বিষয়ে জানিব পাৰি খঙত অগ্নিশৰ্মা হৈ পৰে।দৰ্শকসকলে হল কৰ্তৃপক্ষক তেওঁলোকৰ ভুলৰ বিষয়ে অৱগত কৰি আৰু টিকটৰ মূল্যও ঘুৰাই বিচাৰে। 

এগৰাকী দৰ্শকে এই সমগ্ৰ বিষয়টোৰ বিষয়ে টুইট কৰি শ্বাহৰুখ খানক জনাবলৈ বিচাৰে আৰু তাৰ পাছতে এই প'ষ্ট ভাইৰেল হৈ পৰে।বহুতেই এই বিষয়টোৰ সন্দৰ্ভত তেওঁলোকৰ মতামতো প্ৰকাশ কৰিছে।একাংশৰ মতে, ‘ভাৰতত নিৰ্মিত এখন উৎকৃষ্ট ছবিৰ ভাৱমূৰ্তি নষ্ট কৰাৰ বাবে চিনেমা হলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা উচিত। আন একাংশৰ মতে আকৌ এই ঘটনা যিমান দুখজনক, সিমানেই কৌতুকজনক।'

Also Read: ৩৯৩ ফুট উচ্চতাত বতাহত ওলমি আছে এইখন দোকান