নাৰীবাদ সন্দৰ্ভত তীব্ৰ ক্ষোভ প্ৰকাশ অভিনেত্ৰী নীনা গুপ্তাৰ

'আমাৰ সমাজত নাৰীবাদ একেবাৰে অপ্ৰয়োজনীয়। নাৰীবাদ আচলতে এটা একেবাৰে ফাল্টু বস্তু। আমি মহিলা আৰু পুৰুষ সমান বুলি বিশ্বাস কৰাৰ প্ৰয়োজন নাই। ইয়াৰ পৰিৱৰ্তে, প্ৰতিগৰাকী মহিলাই সকলো দিশতে আত্মনিৰ্ভৰশীল আৰু নিজৰ কামত মনোযোগ দিয়াৰ ওপৰত গুৰুত্ব দিয়োটো প্ৰয়োজন।যদি আপুনি এগৰাকী গৃহিনী,তেতিয়াও আপুনি সমাজত উচ্চস্থানত থকা এগৰাকী মহিলা। কিয়নো সকলো গৃহিনী হ'ব নোৱাৰে।

author-image
Asomiya Pratidin
New Update
নাৰীবাদ সন্দৰ্ভত তীব্ৰ ক্ষোভ প্ৰকাশ অভিনেত্ৰী নীনা গুপ্তাৰ

ডিজিটেল ডেস্ক: 'আমাৰ সমাজত নাৰীবাদ একেবাৰে অপ্ৰয়োজনীয়। নাৰীবাদ আচলতে এটা একেবাৰে ফাল্টু বস্তু। আমি মহিলা আৰু পুৰুষ সমান বুলি বিশ্বাস কৰাৰ প্ৰয়োজন নাই। ইয়াৰ পৰিৱৰ্তে, প্ৰতিগৰাকী মহিলাই সকলো দিশতে আত্মনিৰ্ভৰশীল আৰু নিজৰ কামত মনোযোগ দিয়াৰ ওপৰত গুৰুত্ব দিয়োটো প্ৰয়োজন।যদি আপুনি এগৰাকী গৃহিনী,তেতিয়াও আপুনি সমাজত উচ্চস্থানত থকা এগৰাকী মহিলা। কিয়নো সকলো গৃহিনী হ'ব নোৱাৰে। আপোনাৰ আত্মসন্মান বৃদ্ধি কৰক আৰু নিজকে সৰু বুলি ভবাটো পৰিহাৰ কৰক।মই সকলোকে কেৱল এইটোকে বুজাবলৈ চেষ্টা কৰো।আচলতে, যিদিনা পুৰুষে গৰ্ভধাৰণ কৰিব, সেইদিনাহে পুৰুষ-মহিলা সমান হ’ব।’ এই মন্তব্য বলীউডৰ বলিষ্ঠ অভিনেত্ৰী নীনা গুপ্তাৰ।

প্ৰকৃততে, শেহতীয়া সম্প্ৰচাৰিত এক পডকাষ্ট অনুষ্ঠানত নীনা গুপ্তাই নাৰীবাদ সন্দৰ্ভত এইদৰে নিজৰ ক্ষোভ প্ৰকাশ কৰে। অভিনেত্ৰীগৰাকীয়ে নিজৰ জীৱনৰ এটা উদাহৰণ দি লগতে কয়, ‘মহিলাসকলক সদায়েই এজন পুৰুষৰ প্ৰয়োজন হয়। মই এটা সৰু কাহিনী ক'ম।এদিন মই পুৱা ৬ বজাত বিমান বন্দৰত উপস্থিত হ'বলগীয়া আছিল।সেই সময়ত মোৰ কোনো প্ৰেমিক নাছিল। মই পুৱা ৪ বজাত ঘৰৰ পৰা ওলাই আহিছিলো।তেতিয়া ভালকৈ পোহৰ হোৱা নাছিল।সেই সময়তে এজন মানুহে মোক অনুসৰণ কৰিবলৈ আৰম্ভ কৰে।মই ইমানেই ভয় খাইছিলো যে মই যাত্ৰা বাদ দি ঘৰলৈ উভতি গৈছিলো আৰু এজন পুৰুষ বন্ধুৰ ঘৰত আছিলো। পিছদিনা মই একেখন ফ্লাইটকে বুক কৰিছিলো আৰু মোক মোৰ বন্ধুজনে বিমান বন্দৰত থৈ আহিছিল।য’ত মোক এজন মানুহৰ প্ৰয়োজন হৈছিল।’

নাৰীবাদ সন্দৰ্ভত নীনা গুপ্তায়ে মুকলিকৈ প্ৰকাশ কৰা এই মন্তব্যত স্বাভাৱিকভাৱেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অধিকাংশ লোকেই তেওঁক ছ’চিয়েল মেডিয়াযোগে মুকলিকৈ সমৰ্থন কৰাৰ বিপৰীতে আন একাশই আপত্তিও দৰ্শাইছে।উল্লেখ্য যে, অৰ্ধ শতাশিক হিন্দী ছবি তথা অগনন টেলিভিছৰ ধাৰাবাহিক-অনুষ্ঠানত বলিষ্ঠ অভিনয় কৰি ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা নীনা গুপ্তা আজিও তেওঁৰ অপৰূপ সৌন্দৰ্যৰ বাবে চৰ্চাৰ কেন্দ্ৰবিন্দু।

Also Read: স্বামীৰ কৰ্ম-কাণ্ডত দিশহাৰা হৈ পৰিছিল শিল্পা ছেট্টী