ডিজিটেল ডেস্ক: মনৰ অশান্তিত এসময়ত দেশ এৰাৰ সিদ্ধান্ত লৈছিল বলীউডৰ তাৰকা অভিনেত্ৰী শিল্পা ছেট্টীয়ে। স্বামী ৰাজ কুন্দ্ৰা পৰ্ণগ্ৰাফীৰ গোচৰত অভিযুক্ত হোৱাত সময়ে শিল্পাক এই পদক্ষেপ ল’বলৈ একপ্ৰকাৰ বাধ্য কৰাইছিল।হয়, শেহতীয়াকৈ দেশবাসীক এই বিষয়ে জানিবলৈ দিছে শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰাই।
বিগত কেইদিনমানৰ পৰা শিল্পা আৰু ৰাজ কুন্দ্ৰা চৰ্চাৰ শীৰ্ষত আছে।ৰাজ কুন্দ্ৰাৰ জীৱন সন্দৰ্ভত নিৰ্মিত ছবি 'ইউটি ৬৯'এতিয়া মুক্তিৰ অপেক্ষাত।যাৰ বাবে এই তাৰকা যুটিৰ চৰ্চা চৌদিশে চলিছে। 'ইউটি ৬৯'ত ৰাজ কুন্দ্ৰাৰ পৰ্ণগ্ৰাফী গোচৰত কাৰাগাৰত থকা সময়খিনি তথা সেইসময়ত তেওঁলোকৰ পৰিয়ালৰ পৰিস্থিতিৰ বিষয়ে উপস্থাপন কৰা হৈছে।'ইউটি ৬৯'ৰ ট্ৰেইলাৰ মুকলিৰ পিছতে সচৰাচৰ মাস্ক পিন্ধি থকা ৰাজ কুন্দ্ৰাক মাস্কবিহীন ভাৱে দেখা গৈছে। তদুপৰি, ছবিখনৰ প্ৰচাৰ অনুষ্ঠানসমূহত তেওঁ মুকলিকৈ বহু কথাই প্ৰকাশ কৰিছে।
ছবিখনৰ এক প্ৰচাৰ অনুষ্ঠানত ৰাজ কুন্দ্ৰাই কয়, ‘সেই দিনবোৰ বৰ কঠিন আছিল। এই ঘটনাৰ পিছত শিল্পাও যথেষ্ট বিচলিত হৈছিল। তেওঁ দেশ এৰি যাবলৈও বিচাৰিছিল। কিন্তু মই ভাৰতক ভাল পাওঁ। মই এই দেশ এৰি কেতিয়াও বিদেশলৈ নাযাও বুলি শিল্পাক স্পষ্ট কৰি দিছিলো।মানুহে ডাঙৰ কেলেংকাৰী কৰি দেশৰ পৰা পলাই যায়। কিন্তু মই একো কৰা নাই। গতিকে মই দেশ এৰি নাযাও। শিল্পাই সেই কঠিন সময়ত মোক পদে পদে সমৰ্থন কৰিছিল আৰু জীৱন ধাৰণৰ এটা নতুন উপায় দেখুৱাইছিল।'
উল্লেখ্য যে, 'ইউটি ৬৯'ৰ ট্ৰেইলাৰটো নিউজ চেনেলৰ এটা ক্লিপৰ সৈতে আৰম্ভ হৈছে, য'ত লেখা আছে শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক অশ্লীল ছবি নিৰ্মাণৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে। তাৰ পিছত ৰাজ কুন্দ্ৰাক আৰ্থাৰ ৰোড কাৰাগাৰত ৰখা হয়।ছবিখনৰ ট্ৰেইলাৰ মুকলিৰ পিছতে আকৌ সমালোচনাৰো সন্মুখীন হ’বলগীয়া হৈছে ৰাজ কুন্দ্ৰা।একাংশৰ মতে, এই ছবিখনৰ জৰিয়তে ৰাজ কুন্দ্ৰাই তেওঁৰ ভাবমূৰ্তি পৰিস্কাৰ কৰাৰ চেষ্টা কৰিব। মুক্তিৰ পূৰ্বেই বেছ চৰ্চা লাভ কৰা 'ইউটি ৬৯'ৰ পৰিচালনা শ্বাহনাৱাজ আলীৰ।এই ছবিখনে ৩ নৱেম্বৰত সমগ্ৰ দেশজুৰি মুক্তি লাভ কৰিব।
Also Read: কাৰ্তিক-ৰণবীৰ- সিদ্ধাৰ্থৰ প্ৰশংসাত পঞ্চমূখ শিল্পা