/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-10/1z19xnv7/WhatsApp Image 2024-09-10 at 5.12.40 PM.jpeg)
Mukesh Ambani at the Hospital
ডিজিটেল ডেস্ক: অৱশেষত সেই ভাল খবৰটো আহিল ! পিতৃ ৰণবীৰ সিঙে বিচৰাৰ ধৰণেই ৮ ছেপ্টেম্বৰত এটি কন্যা সন্তান জন্ম দিয়ে বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনে। হয়, ৰণবীৰে দীপিকাৰ দৰেই ধুনীয়া এজনী ছোৱালী জন্ম হোৱাটো বিছাৰিছিল, যি তেওঁ ইতিমধ্যেই মুকলিকৈ ব্যক্ত কৰিছে।
ৰণবীৰ-দীপিকাই ছ’চিয়েল মেডিয়েযোগে এই বিষয়ে অনুৰাগীক অৱগত কৰাৰ পাছতেই স্বাভাৱিকভাৱেই অগনন অনুৰাগীয়ে তেওঁলোকৰ প্ৰিয় যুটিটোক শুভকামনা জ্ঞাপন কৰিছে।ৰণবীৰ-দীপিকাৰ কন্যা সন্তানটিক আৰ্শীবাদ দিবলৈ শেহতীয়াকৈ হাস্পতালত উপস্থিত হয় ভাৰতৰ সবাতোকৈ ধনী তথা প্ৰভাৱশালী ব্যক্তি মুকেশ আম্বানী।উল্লেখ্য যে, দীপিকাই দক্ষিণ মুম্বাইৰ এইচ এন ৰিলায়েন্স চিকিৎসালয়ত কন্যা সন্তানটি জন্ম দিছে, যিখন হাস্পতাল মুকেশ আৰু নীতা আম্বানীৰ মালিকানাধীন।
আনহাতে, ভতিজীৰ খবৰ ল’বলৈ হাস্পতালত উপস্থিত হৈছে ৰণবীৰৰ ভগ্নী তথা দীপিকাক ননদ ৰিতিকা ভৱনানী।তদুপৰি কৃতি ছেনন, পৰিণীতি চোপ্ৰা, অৰ্জুন কাপুৰকে ধৰি বলীউডৰ বহু চেলিব্ৰেটীয়ে ছ’চিয়েল মেডিয়াযোগে দম্পতীহালক প্ৰেম আৰু পৰিয়ালটোক শুভকামনা জ্ঞাপন কৰিছে।
Also Read: Alia Bhatt: আপোনাৰ-মোৰ দৰেই আলিয়া ভাটৰো প্ৰিয় দালি-ভাত