৩৯৩ ফুট উচ্চতাত বতাহত ওলমি আছে এইখন দোকান

একাংশ লোকে বিপদৰ সৈতে খেলা কৰি খুব ভাল পায়। এনে লোকসকলৰ বাবেই বতাহত নিৰ্মাণ কৰা হৈছে এখন দোকান। হয়, আচৰিত যেন লাগিলেও এয়া একেবাৰে সঁচা। আপুনি কেৱল আপোনাৰ জীৱন বিপদত পেলাইহে এই দোকানখনলৈ যাব পাৰে।

author-image
Asomiya Pratidin
New Update
৩৯৩ ফুট উচ্চতাত বতাহত ওলমি আছে এইখন দোকান

ডিজিটেল ডেস্ক: একাংশ লোকে বিপদৰ সৈতে খেলা কৰি খুব  ভাল পায়। এনে লোকসকলৰ বাবেই বতাহত নিৰ্মাণ কৰা হৈছে এখন দোকান। হয়, আচৰিত যেন লাগিলেও এয়া একেবাৰে সঁচা। আপুনি কেৱল আপোনাৰ জীৱন বিপদত পেলাইহে এই দোকানখনলৈ যাব পাৰে।

Advertisment

এই আজৱ দোকানখন আছে চীন দেশৰ হুনান প্ৰদেশত।সম্পূৰ্ণৰূপে কাঠৰে নিৰ্মিত এই দোকানখন ৩৯৩ ফুট উচ্চতাত বতাহত ওলমি আছে।দৰাচলতে, এই দোকানখন পৰ্বতাৰোহীসকলৰ সহায়ৰ বাবে নিৰ্মাণ কৰা হৈছে।যিসকলক আৰোহীক বিৰতিৰ প্ৰয়োজন তেওঁলোকে এই দোকানত সোমাই খোৱা-বোৱাৰ লগতে কিছু সময় বিৰতিও ল’ব পাৰে।

এইখনেই পৃথিৱীৰ একমাত্ৰ দোকান, যি পৰ্বতৰ ওপৰত বতাহত ওলমি আছে। এই দোকানত চাহ খাবলৈ মানুহে ৰছীত উঠি এই দুঃসাহসিক অভিযান উপভোগ কৰে। এই দোকানখনক পৃথিৱীৰ আটাইতকৈ 'অসুবিধাজনক সুবিধাৰ দোকান' বুলি অভিহিত কৰা হৈছে। এই বাকচসদৃশ দোকানখনৰ ভিতৰত এটা সময়ত কেৱল এজন শ্ৰমিকহে উপস্থিত থাকে।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে এই দোকানখনৰ ফ’টো ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে আৰু ইয়াৰ পিছৰ পৰাই ই আলোচনাৰ বিষয় হৈ পৰিছে। 

Also Read: এয়া বিশ্বৰ প্ৰথম ঘটনা, অজগৰৰ গাত হোৱা পেলু হ'ল মানুহৰ মগজুত