শীতকালত আপুনিও প্ৰিয়জনৰ সৈতে ভ্ৰমণ কৰক এইকেইখন ঠাই

ঠাণ্ডা বতৰ মানেই যেন ৰোমান্টিক বতৰ ! বিশেষকৈ ভাৰতৰ হিমাচল প্ৰদেশত এই সময়ত উপত্যকাবোৰ আৰু অধিক মনোৰম হৈ পৰে। ঠাণ্ডা বতাহ, ওখ পৰ্বত আৰু দূৰদূৰলৈ কেৱল সেউজীয়া আৰু সেউজীয়া। প্ৰিয় সংগীৰ সৈতে সময় অতিবাহিত কৰিবলৈ ইয়াতকৈ ভাল আৰু কি হ'ব পাৰে ?

author-image
Asomiya Pratidin
New Update
শীতকালত আপুনিও প্ৰিয়জনৰ সৈতে ভ্ৰমণ কৰক এইকেইখন ঠাই

ডিজিটেল ডেস্ক: ঠাণ্ডা বতৰ মানেই যেন ৰোমান্টিক বতৰ ! বিশেষকৈ ভাৰতৰ হিমাচল প্ৰদেশত এই সময়ত উপত্যকাবোৰ আৰু অধিক মনোৰম হৈ পৰে। ঠাণ্ডা বতাহ, ওখ পৰ্বত আৰু দূৰদূৰলৈ কেৱল সেউজীয়া আৰু সেউজীয়া। প্ৰিয় সংগীৰ সৈতে সময় অতিবাহিত কৰিবলৈ ইয়াতকৈ ভাল আৰু  কি হ'ব পাৰে ? হৈ-চৈ লাগি থকা ঠাইৰ পৰা আঁতৰি সংগীৰ সৈতে সুন্দৰ সময় অতিবাহিত কৰিব পৰা হিমাচল প্ৰদেশৰ অতি উত্তম ঠাইকেইখনৰ বিষয়ে আজি জানো আহক-

মানালী

শীতকালত আপুনি আপোনাৰ সংগীৰ সৈতে মানালী ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। মানালীক দেশৰ আটাইতকৈ ধুনীয়া পাহাৰীয়া ঠাই হিচাপে গণ্য কৰা হয়।সেয়েহে আপুনি আপোনাৰ সংগীৰ সৈতে ব্যক্তিগত সময় অতিবাহিত কৰিবলৈ মানালীলৈ লৈ যাব পাৰে।এই ঠাইৰ মনোমোহা দৃশ্য, বৰফৰে আবৃত পৰ্বত, সুন্দৰ হ্ৰদ, বিশুদ্ধ বায়ুয়ে আপোনাৰ সংগীক সম্পূৰ্ণৰূপে ৰোমান্টিক কৰি তুলিব।

চোলাং ভেলী

আপোনাৰ প্ৰিয়জনৰ সৈতে এই সময়ছোৱাত আপুনি হিমাচল প্ৰদেশৰ চোলাং ভেলীও ভ্ৰমণ কৰিব পাৰে।ইয়াত আপুনি সংগীৰ সৈতে প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰাৰ লগতে পেৰাগ্লাইডিং, হৰ্ছ ৰাইডিং, ৰপৱে, মাউণ্টেইন বাইক, স্নো স্কুটাৰ আদি কাৰ্যকলাপো কৰিব পাৰিব।

চিমলা

চিমলা অতি ৰোমান্টিক ঠাই। ইয়াত আপুনি আপোনাৰ সংগীৰ সৈতে ট্ৰেকিং কৰিব পাৰে। ইয়াত খাদ্যও খুবেই সোৱাদযুক্ত আৰু কিছু ব্যতিক্ৰম।যাৰ বাবে আপুনি এই ঠাইত কটোৱা   প্ৰতিটো সময় যে স্মৰণীয় হ’ব, সেয়া নিশ্চিত।

ধৰ্মশালা

এই ঠাইখনে পৰ্যটকসকলক ইয়াৰ সৌন্দৰ্যৰে মন্ত্ৰমুগ্ধ কৰে। যদি আপুনি প্ৰেমিকাৰ সৈতে শান্ত স্থানত বিশেষ সময় কটাব বিচাৰে, তেন্তে নিশ্চিতভাৱে আপুনি ধৰ্মশালা ভ্ৰমণ কৰক।

স্পিতি ভেলী

এই ঠাইখন চাৰিওফালৰ পৰা হিমালয়ৰ দ্বাৰা আগুৰি আছে।এই ঠাইক পৃথিৱীৰ স্বৰ্গ বুলিয়েই অভিহিত কৰা হয়।সেয়েহে আপুনি আপোনাৰ সংগীৰ সৈতে কটোৱা সময় চিৰস্মৰণীয় কৰি তুলিবলৈ ঠাণ্ডাৰ দিনত এই ঠাইলৈ যাব পাৰে।

Also Read: বেছি চিন্তা নকৰি ভ্ৰমণ কৰক এইকেইখন ঠাই