বেছি চিন্তা নকৰি ভ্ৰমণ কৰক এইকেইখন ঠাই

বেছি চিন্তা নকৰি ভ্ৰমণ কৰক এইকেইখন ঠাই

ডিজিটেল ডেস্ক: সৰুৰে পৰা ডাঙৰলৈ সকলো বয়সৰ লোকেই স্বাভাৱিকভাৱেই ফুৰিবলৈ খুব ভাল পায়।কিন্তু ব্যস্ত সময়সূচী তথা বিভিন্ন সমস্যাৰ বাবে সেয়া হৈ নুঠে, বিশেষকৈ মহিলাসকলৰ বাবে।মহিলাসকলে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ ব্যস্ততাৰ বাবে বহু সময়ত মন থাকিলেও ফুৰিবলৈ যোৱাৰ সপোন ত্যাগ কৰিবলগীয়া হয়।পিছে এতিয়া আৰু চিন্তা নাই। ভাৰতত এনে কেইখনমান ঠাই আছে, য’ত আপুনিআপোনাৰ স্বামী, প্ৰেমিক অথবা পিতৃৰ লগত নগৈ আপোনাৰ বান্ধৱীৰ সৈতে সেই ঠাইৰ সৌন্দৰ্য্য উপভোগ কৰিব পাৰে।মহিলাসকলৰ বাবে আটাইতকৈ সুৰক্ষিত ভাৰতৰ এনে চাৰিখন ঠাইৰ বিষয়ে আজি জানো আহক-

বাৰাণসী

বাৰাণসী ভাৰতৰ আটাইতকৈ পৱিত্ৰ তথা পুৰণি চহৰসমূহৰ ভিতৰত অন্যতম।বাৰাণসী ইমানেই সুৰক্ষিত যে আপুনি এই পৱিত্ৰ ঠাইখনলৈ অকলেও যাব পাৰে বা আপোনাৰ বান্ধৱীৰ  সৈতেও ভ্ৰমণ কৰিব পাৰে।বাৰাণসীৰ গংগা আৰতি খুৱেই জনপ্ৰিয় তথা ভক্তিমূলক।বাৰাণসীত নদীৰ পাৰত বহি আপুনি নিশ্চিতভাৱে সৰগৰ সুখ লাভ কৰিব।

উত্তৰাখণ্ড

এই ধুনীয়া ৰাজ্যখনত বহুতো পৰ্যটন স্থান আছে য'ত আপুনি আপোনাৰ দলটোৰ সৈতে ভ্ৰমণ কৰিব পাৰে। উত্তৰাখণ্ডৰ অলি, হৃষীকেশ, ডেৰাডুন আদিৰ দৰে বহু কেইখন ঠাইক আটাইতকৈ সুৰক্ষিত আৰু ধুনীয়া ঠাই বুলি গণ্য কৰা হয়।

ছিমলা

হিমাচল প্ৰদেশৰ আটাইতকৈ ধুনীয়া চহৰ ছিমলা। ছিমলা ভাৰতৰ আটাইতকৈ সুৰক্ষিত চহৰসমূহৰ ভিতৰত অন্যতম।আপুনি আপোনাৰ পছন্দৰ বান্ধৱী তথা দলটোৰ সৈতে বন্ধৰ দিনত পৰিকল্পনা কৰি ছিমলালৈ যাব পাৰে।

জয়সলমেৰ

জয়সলমেৰ চহৰ ৰাজস্থানৰ আটাইতকৈ ধুনীয়া চহৰসমূহৰ ভিতৰত অন্যতম এখন চহৰ। বহুতো মহিলা পৰ্যটকে ইয়ালৈ অকলে ভ্ৰমণ কৰিবলৈ আহে।জয়সলমেৰক মহিলাসকলৰ বাবে আটাইতকৈ সুৰক্ষিত স্থান বুলি গণ্য কৰা হয়, য'ত মহিলাসকল ৰাতিও অকলে ঘূৰিব পাৰে। জয়সলমেৰ বিখ্যাত উট যাত্ৰা আৰু স্থানীয় বজাৰত পৰ্যটকৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in