সুখ-শান্তি অটুট ৰখাৰ বাবে আজিয়েই ঘৰলৈ আনক মৌৰা পাখি

কিন্তু বাস্তু নিয়মত মৌৰা পাখি ঘৰৰ কোন দিশত ৰাখিলে উপকৃত হ'ব পাৰি, সেই বিষয়ে হয়তো বহুতেই জ্ঞাত নহয়। আজি এই বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
সুখ-শান্তি অটুট ৰখাৰ বাবে আজিয়েই ঘৰলৈ আনক মৌৰা পাখি

ডিজিটেল ডেস্ক: ঘৰৰ সুখ আৰু শান্তি বৰ্তাই ৰখা তথা নেতিবাচক শক্তি দূৰ কৰাৰ বাবে শাস্ত্ৰত বহুতো প্ৰতিকাৰৰ কথা উল্লেখ কৰা হৈছে। সেই প্ৰতিকাৰৰ এক অন্যতম হ'ল মৌৰাৰ পাখি।ঘৰত মৌৰাৰ পাখি থাকিলে বাস্তু ত্ৰুটিবোৰ দূৰ হয়। আনহাতে, যদি ইয়াক সঠিক দিশত ৰখা হয়, তেতিয়া ঘৰত কেতিয়াও ধনৰ অভাৱ নহয় আৰু সফলতাৰ বাট মুকলি হয়।কিন্তু বাস্তু নিয়মত মৌৰা পাখি ঘৰৰ কোন দিশত ৰাখিলে উপকৃত হ'ব পাৰি, সেই বিষয়ে হয়তো বহুতেই জ্ঞাত নহয়। আজি এই বিষয়ে জানো আহক-

Advertisment

*মৌৰা পাখি ঘৰৰ দক্ষিণ-পূব দিশত ৰখাটো অতি শুভ।পূব দিশটো সূৰ্য আৰু ইন্দ্ৰ দেৱতাৰ বুলি গণ্য কৰা হয়। সেয়েহে, এই দিশত মৌৰাৰ পাখি ৰাখিলে আপোনাৰ ঘৰত কেতিয়াও ধনৰ অভাৱ নহ'ব। 

*উত্তৰ-পশ্চিম দিশতো মৌৰা পাখি ৰখাটো শুভ।কিন্তু যদিহে আপোনাৰ ৰাশিফলত ৰাহুৰ দশা থাকে, তেতিয়াহে আপুনি এই দিশত মৌৰা পাখি ৰাখিব পাৰে।ই ৰাহু দশা দূৰ কৰি ঘৰলৈ সমৃদ্ধি কঢ়িয়াই আনিব পাৰে।

*মৌৰা পাখি শিক্ষাৰ্থীসকলৰ বাবেও অতি বিশেষ বুলি গণ্য কৰা হয়। যদি শিক্ষাৰ্থীসকলে ইয়াক তেওঁলোকৰ কিতাপখনৰ মাজত বা অধ্যয়ন কক্ষত ৰাখে, তেনেহ'লে তেওঁলোক অধ্যয়নৰ প্ৰতি অধিক আগ্ৰহী হ’ব। 

*যদি আপোনাৰ ঘৰৰ সদস্যসকলৰ মাজত সকলো সময়তে বিভেদ থাকে, তেন্তে আপুনি ঘৰৰ পূব দিশৰ দেৱালত সাতটা মৌৰা পাখি একেলগে ৰাখিব। এনে কৰাৰ ফলত সকলো বিভেদ দূৰ হোৱাৰ লগতে পৰিয়ালকেন্দ্ৰিক সমস্যাবোৰৰ পৰাও পৰিত্ৰাণ পাব। 


*যদি আপোনাৰ বিবাহিত জীৱনত সমস্যা আছে, তেন্তে দুটা ময়ূৰ পাখি আপোনাৰ শোৱনি কোঠাত ৰাখিব। ই আপোনাৰ বৈবাহিক জীৱনৰ সমস্যাবোৰ আঁতৰ কৰাৰ লগতে সম্পৰ্কটো মধুৰ কৰি তুলিব।

Also Read: গ্ৰীষ্মকালত ঘৰৰ ভিতৰত ৰাখক এইকেইবিধ উদ্ভিদ