/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-13/wt69fy8g/WhatsApp Image 2024-08-12 at 2.01.06 PM (1).jpeg)
ডিজিটেল ডেস্ক: সুখবৰ ! আপুনি এতিয়া মেকডনাল্ডছত উপভোগ কৰিব পাৰি নিৰামিষ আহাৰ। হয়, নিৰামিষভোজীসকলক আকৰ্ষিত কৰিবলৈকে মেকডনাল্ডছৰ 'মেনু'ত উপলব্ধ কৰা হ'ল নিৰামিষ খাদ্য।
প্ৰকৃততে, মেকডনাল্ডছে শাওন মাহৰ প্ৰতি লক্ষ্য কৰি তেওঁলোকৰ 'মেনু'ত কিছু সাল-সলনি কৰিছে।শাওন মাহটোক হিন্দু বৰ্ষপঞ্জীত এটা অতি শুভ মাহ বুলি গণ্য কৰা হয়। ভগৱান শিৱৰ প্ৰতি সমৰ্পিত এই মাহত ভক্তসকলে বিভিন্ন ৰীতি-নীতি পালন কৰি উপবাস কৰে।এই মাহটোত বহুতেই মাংস, মাছ, কণী, পিয়াজ আৰু নহৰু খোৱাৰ পৰা সম্পূৰ্ণৰূপে বিৰত থাকে। যাৰ বাবে ভক্তসকলে বাহিৰত একো খাব নোৱাৰে।আচুতীয়া সময় অতিবাহিত কৰাত এই ভক্তসকল যাতে অসুবিধাত নপৰে, তাৰ প্ৰতি গুৰুত্ব দিয়েই হয়তো এই পদক্ষেপ গ্ৰহণ কৰিছে মেকডনাল্ডছে।এতিয়াৰে পৰা মেকডনাল্ডছে গ্ৰাহকক যোগান ধৰিব নহৰু-পিয়াজ নথকা বাৰ্গাৰ।
ইফালে, মেকডনাল্ডছৰ এই পদক্ষেপক অধিকাংশই শলাগ লৈছে।এই বিষয়টোক কেন্দ্ৰ কৰি ছ'চিয়েল মেডিয়াত বহুতেই তেওঁলোকৰ মত মুকলিকৈ প্ৰকাশো কৰিছে।
Also Read: একেদিনাই মুক্তি পাব জন আব্ৰাহামৰ ‘বেদা’, আল্লু অৰ্জুনৰ ‘পুষ্পা ২: দ্য ৰুল’