একেদিনাই মুক্তি পাব জন আব্ৰাহামৰ ‘বেদা’, আল্লু অৰ্জুনৰ ‘পুষ্পা ২: দ্য ৰুল’

বিগত কেইদিনমানৰ পৰা খুব চৰ্চাত আছে ‘পুষ্পা ২, দ্য ৰুল’। ‘পুষ্পা’ উপভোগ কৰা প্ৰতিজন দৰ্শকেই এই ছিকুৱেলখন উপভোগৰ বাবে এতিয়া খুব আগ্ৰহৰে বাট চাই আছে। পিছে শেহতীয়া এক খবৰে দৰ্শকক নিশ্চিতভাৱেই খুব অসুবিধাত পেলাইছে।

author-image
Asomiya Pratidin
New Update
একেদিনাই মুক্তি পাব জন আব্ৰাহামৰ ‘বেদা’, আল্লু অৰ্জুনৰ ‘পুষ্পা ২: দ্য ৰুল’

ডিজিটেল ডেস্ক: বিগত কেইদিনমানৰ পৰা খুব চৰ্চাত আছে ‘পুষ্পা ২, দ্য ৰুল’। ‘পুষ্পা’ উপভোগ কৰা প্ৰতিজন দৰ্শকেই এই ছিকুৱেলখন উপভোগৰ বাবে এতিয়া খুব আগ্ৰহৰে বাট চাই আছে। পিছে শেহতীয়া এক খবৰে দৰ্শকক নিশ্চিতভাৱেই খুব অসুবিধাত পেলাইছে।হয়, ছুপাৰষ্টাৰ জন আব্ৰাহামে ঘোষণা কৰিছে যে তেওঁৰ পৰৱৰ্তী ছবি ‘বেদা’ ১৫ আগষ্টত ছবিগৃহলৈ আহিব। দৰ্শক অসুবিধাত পৰাৰ কাৰণটো এয়ে যে আল্লু অৰ্জুনৰ ‘পুষ্পা ২’য়েও সেই দিনাই মুক্তি লাভ কৰিব।

Advertisment

জনে এই সন্দৰ্ভত ছ’চিয়েল মেডিয়াত এখন নতুন প’ষ্টাৰ শ্বেয়াৰ কৰি লেখিছে, ‘এই স্বাধীনতা দিৱসত তেওঁলোকে ন্যায়ৰ বাবে যুঁজ দিবলৈ আহিব। #Vedaa ১৫ আগষ্টত চিনেমাগৃহত মুক্তি পাব।’ 'বেদা'ৰ পৰিচালনা নিখিল আদৱানীৰ।এই ছবিখন ১২ জুলাইত মুক্তি পোৱাৰ কথা আছিল যদিও পাছত মুক্তিৰ দিন পিছুৱাই দিয়া হৈছিল। ছবিখনত জন আব্ৰাহামৰ লগতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে শৰৱৰী ৱাঘ আৰু তামান্না ভাটিয়াই।

আনহাতে, সুকুমাৰৰ পৰিচালনাৰে ছবিগৃহলৈ আহিবলগীয়া ‘পুষ্পা ২: দ্য ৰুল’ত আল্লু অৰ্জুনৰ লগতে ৰশ্মিকা মান্দন্না আৰু ফাহাদ ফাচিলে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।এই তেলেগু ছবিখন হিন্দী আৰু অন্যান্য দক্ষিণ ভাৰতীয় ভাষাতো মুক্তি পাব। ইফালে, এই দুখন ছবিৰ লগতে উক্ত দিনটোত ৰোহিত চেট্টীৰ বহুচৰ্চিত ছবি ‘ছিংঘম এগেইন’য়েও মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে। ‘ছিংঘম’ ছিৰিজৰ এই ছবিখনত অজয় দেৱগন, দীপিকা পাডুকন আৰু ৰণবীৰ সিঙক দৰ্শকে মুখ্য চৰিত্ৰত দেখা পাব। উল্লেখ্য যে, আটাইকেইখন হাই ভল্টেজ ছবিৰ ভিতৰত দৰ্শকে কোনখন ছবিক আকোঁৱালি লয়, সেয়া অৱশ্যে লক্ষ্যণীয় হ’ব।  

Also Read: অভিভাৱক হোৱাৰ উৎকণ্ঠাত বাঢ়িছে ৰণবীৰ-দীপিকাৰ প্ৰেম !