পৃথিৱীৰ আটাইতকৈ বয়সীয়াল জীৱিত ব্যক্তিজন কোন জানেনে ?

পৃথিৱীৰ আটাইতকৈ বয়সীয়াল জীৱিত ব্যক্তিজন কোন জানেনে ?

ডিজিটেল ডেস্ক: আজিৰ যুগত এজন ব্যক্তি ৬০বছৰ জীয়াই থকাটোও একপ্ৰকাৰ কঠিন হৈ পৰিছে।এই সময়তে ১২৪ বছৰীয়া জন্মদিন উদযাপন কৰি চৰ্চালৈ আহিছে এজন বিশেষ ব্যক্তি। আচৰিত কথা এয়ে যে, এই বয়সতো ব্যক্তিজন সম্পূৰ্ণ স্বাস্থ্যৱান হৈ আছে। চৰকাৰী তথ্য মতে, মাৰ্চেলিনো আবাদ নামৰ এই ব্যক্তিজনৰ জন্ম ১৯০০ চনত হৈছিল।

মাৰ্চেলিনো কোন ?

জনবসতিপূৰ্ণ মধ্য পেৰুৰ হুয়ানুকো অঞ্চলৰ বাসিন্দা মাৰ্চেলিনো। জীৱনৰ ১২টা দশক অতিক্ৰম কৰাৰ পিছত এই বছৰৰ ৫ এপ্ৰিলত তেওঁ ১২৪ সংখ্যক জন্মদিন উদযাপন কৰে। পেৰুৰ কৰ্তৃপক্ষই গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ বাবে ইতিমধ্যে মাৰ্চেলিনোৰ নাম পঞ্জীয়ন কৰিছে। মাৰ্চেলিনো ২০১৯ চনলৈকে চৰকাৰৰ দৃষ্টিৰ বাহিৰত আছিল। তেতিয়ালৈকে তেওঁক কোনো চৰকাৰী পৰিচয় পত্ৰ আৰু পেঞ্চন দিয়া হোৱা নাছিল। কিন্তু এতিয়া চৰকাৰে তেওঁক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছে।আনহাতে, পেৰুৰ চৰকাৰে মাৰ্চেলিনো আবাদক পৃথিৱীৰ আটাইতকৈ বৃদ্ধ জীৱিত ব্যক্তি বুলিও দাবী কৰিছে।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ দলৰ অনুসন্ধান

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ এটা বিশেষজ্ঞ দলে পৃথিৱীৰ আটাইতকৈ বয়সীয়াল জীৱিত ব্যক্তি বুলি দাবী কৰা মাৰ্চেলিনোৰ চৰকাৰী নথিপত্ৰ আৰু বয়স তথা অন্যান্য প্ৰমাণ পৰীক্ষা কৰিব।উল্লেখ্য যে, পৃথিৱীৰ আটাইতকৈ বয়সীয়াল জীৱিত ব্যক্তিৰ অভিলেখ বৰ্তমান ১১১ বছৰীয়া এজন ব্ৰিটিছ ব্যক্তিৰ হাতত আছে। ১১৪ বছৰ বয়সৰ ভেনিজুৱেলাৰ এজন ব্যক্তিৰ মৃত্যুৰ পিছত তেওঁ এই মাহত এই অভিলেখৰ গৰাকী হৈছে।ইফালে, পৃথিৱীৰ আটাইতকৈ বৃদ্ধ মহিলাগৰাকীৰ বয়স ১১৭ বছৰ।

পৃথিৱীৰ আটাইতকৈ বয়সীয়াল জীৱিত ব্যক্তিজন কোন জানেনে ?
পৃথিৱীৰ আটাইতকৈ বয়সীয়াল মুৰ্গীজনীৰ বিষয়ে জানেনে ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in