পৃথিৱীৰ আটাইতকৈ বয়সীয়াল মুৰ্গীজনীৰ বিষয়ে জানেনে ?

পৃথিৱীৰ আটাইতকৈ বয়সীয়াল মুৰ্গীজনীৰ বিষয়ে জানেনে ?

ডিজিটেল ডেস্ক: পৃথিৱীৰ আটাইতকৈ পুৰণি জীৱিত মুৰ্গী হিচাপে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ‘পিনাট’য়ে। হয়, পিনাট নামৰ এই মুৰ্গীজনীৰ বয়স ২১ বছৰ।পিনাটক খুব সৰুতেই মাতৃয়ে এৰি থৈ গৈছিল। যাৰ ফলত তাই দেখিবলৈ পৰিত্যক্ত ‘বাদাম’ যেন হৈ পৰিছিল।তেতিয়াই তাইৰ নাম ৰখা হৈছিল পিনাট।পিনাটক আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগানৰ এহাল দম্পতীয়ে চোৱা-চিতা কৰে।তেওঁলোকেই পিনাটৰ নামটো ৰাখিছিল।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভূক্ত কৰা পিনাট মালিকৰ খুবেই প্ৰিয়। প্ৰাৰম্ভিক কেইটামান বছৰত পিনাটে ঘৰৰ ভিতৰতে দিন অতিবাহিত কৰিছিল যদিও পিছলৈ তাই আন মুৰ্গীৰ সৈতে ঘৰৰ বাহিৰত বাস কৰিবলৈ লয়।কিন্তু বয়স হোৱাৰ লগে লগে দম্পতিহালে পিনাটক নিজৰ লগতে ৰাখি চোৱা-চিতা কৰে। টি ভি চাই ভালপোৱা পিনাটৰ বাবে মালিক মাৰ্চীয়ে এটা সৰু বেষ্টনীও নিৰ্মাণ কৰি দিছে।এই বেষ্টনীৰ পৰাই পিনাটে সুৰক্ষিত হৈ বাহিৰৰ পৃথিৱীৰ দৃশ্য উপভোগ কৰিব পাৰে।পিনাটে আন জীৱ-জন্তুবোৰৰ ভিতৰত কেৱল কুকুৰ আৰু মেকুৰীৰ লগতহে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰে।

অসাধাৰণ পিনাটৰ গুণৰ দ্বাৰা অনুপ্ৰাণিত হৈ মাৰ্চীয়ে ‘মাই গাৰ্ল পিনাট এণ্ড মি’ শীৰ্ষক এখন কিতাপো লেখি উলিয়াইছে।মাৰ্চীৰ মতে, এই কিতাপখন লেখাৰ মূল উদ্দেশ্য এয়ে যে বিশ্ববাসীয়ে যাতে পিনাটৰ বিষয়ে আৰু বেছি ভালদৰে জানিব পাৰে।সকলোয়ে যাতে পিনাটক মনত ৰাখে।

পৃথিৱীৰ আটাইতকৈ বয়সীয়াল মুৰ্গীজনীৰ বিষয়ে জানেনে ?
এয়া বিশ্বৰ প্ৰথম ঘটনা, অজগৰৰ গাত হোৱা পেলু হ'ল মানুহৰ মগজুত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in