দীৰ্ঘজীৱন লাভৰ ৰহস্য ভেদ কৰিলে আটাইতকৈ পুৰণি জীৱিত মানৱে

ইউকেৰ আটাইতকৈ পুৰণি জীৱিত মানৱ হিচাপে বিবেচিত হৈছে জন টিনিছউড।তেওঁ শেহতীয়াকৈ সম্পূৰ্ণ কৰিলে ১১১ বছৰ।কিন্তু আচৰিত হ’বলগীয়া এয়ে যে তেওঁ বৰ্তমানেও সবল।হয়, পৰিয়ালৰ মতে তেওঁ বৰ্তমানেও ৫০-৬০বছৰীয়া এজন ব্যক্তিৰ দৰেই সুস্থ-সবল হৈ আছে।

author-image
Asomiya Pratidin
New Update
দীৰ্ঘজীৱন লাভৰ ৰহস্য ভেদ কৰিলে আটাইতকৈ পুৰণি জীৱিত মানৱে

ডিজিটেল ডেস্ক: ইউকেৰ আটাইতকৈ পুৰণি জীৱিত মানৱ হিচাপে বিবেচিত হৈছে জন টিনিছউড।তেওঁ শেহতীয়াকৈ সম্পূৰ্ণ কৰিলে ১১১ বছৰ।কিন্তু আচৰিত হ’বলগীয়া এয়ে যে তেওঁ বৰ্তমানেও সবল।হয়, পৰিয়ালৰ মতে তেওঁ বৰ্তমানেও ৫০-৬০বছৰীয়া এজন ব্যক্তিৰ দৰেই সুস্থ-সবল হৈ আছে।

Advertisment

২৬ আগষ্টত জন টিনিছউডে তেওঁৰ ১১১ সংখ্যক জন্মদিন পালন কৰি পৰিয়ালৰ সৈতে যথেষ্ট ফূৰ্টি কৰে।তেওঁৰ জন্মদিনৰ মুখ্য আকৰ্ষণ আছিল যুক্তৰাজ্যৰ ৰজা তৃতীয় চাৰ্লছ আৰু ৰাণী কেমিলাৰ পৰা পোনপটীয়াকৈ লাভ কৰা কাৰ্ডখন, য’ত তেওঁক বিশেষভাৱে জন্মদিনৰ শুভেচ্ছা জনোৱা হৈছিল। জন্মদিন উপলক্ষে আয়োজন কৰা এক বিশেষ অনুষ্ঠানত তেওঁ কয়, ‘আজিৰ পৰা ১০-২০ বছৰ আগতে যি অনুভৱ কৰিছো, আজিও মোৰ একেই অনুভৱ।’ আনহাতে, বহুজনে তেওঁৰ দীৰ্ঘজীৱনৰ চাবিকাঠিৰ বিষয়ে সোধাত তেওঁ লগতে কয়, ‘সকলো ক্ষেত্ৰতে সংযমেই হৈছে মূল ছাবি-কাঠি।লগিলে সেয়া তুমি খোৱাতেই হওঁক, পঢ়াতেই হওঁক বা আন কিবা কামতেই হওঁক।’

উল্লেখ কৰাৰ প্ৰয়োজন যে, আজিৰ ডিজিটেল যুগতকৈ যথেষ্ট পৃথক যুগত জন্ম গ্ৰহণ কৰা এইগৰাকী বিশেষ ব্যক্তিয়ে প্ৰথম বিশ্বযুদ্ধৰ পিছৰ পৰা মহাকাশ অন্বেষণ আৰু ডিজিটেল বিপ্লৱৰ আগমনলৈকে ইতিহাসত বহু স্মৰণীয় পৰিৱৰ্তন দেখিছে। তেওঁৰ জীৱনে আজি আমি জনা পৃথিৱীখনক গঢ় দিয়া সংগ্ৰাম, বিজয় আৰু পৰিৱৰ্তনবোৰক সামৰি লৈছে।

প্ৰকৃততে, জন টিনিছউডে উল্লেখ কৰা সংযমৰ বিষয়টোয়ে যথেষ্ট গুৰুত্ব বহন কৰে।দৈনন্দিন কাৰ্যকলাপত সংযমৰ দ্বাৰা আমি বহুখিনি উপকৃত হ’ব পাৰো।সংযমে ভাৰসাম্যতা বাহাল ৰাখে। যাৰ ফলত শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নত হয়। সংযমে চাপ নিয়ন্ত্ৰণ কৰাতো যথেষ্ট সহায় কৰে।তদুপৰি ই জীৱনৰ আনন্দ অধিক উপভোগ কৰাতো অৰিহনা যোগায়।

Also Read: পোহৰলৈ আহিল দিশা পাটানীৰ ফিটনেছৰ ৰহস্য