পোহৰলৈ আহিল দিশা পাটানীৰ ফিটনেছৰ ৰহস্য

পোহৰলৈ আহিল দিশা পাটানীৰ ফিটনেছৰ ৰহস্য
পোহৰলৈ আহিল দিশা পাটানীৰ ফিটনেছৰ ৰহস্য

ডিজিটেল ডেস্ক: উজ্জ্বল ছাল আৰু ফিটনেছৰ বাবে সদায় চৰ্চাৰ শীৰ্ষত থাকে বলীউডৰ অভিনেত্ৰী দিশা পাটানী।যাৰ বাবে অনুৰাগীসকল সদায়েই তেওঁৰ সৌন্দৰ্য তথা ফিটনেছৰ ৰহস্য জানিবলৈ উৎসুক হৈ থাকে। দিশা পাটানীয়ে যোগাসনৰে তেওঁৰ দিনটো আৰম্ভ কৰি নিজকে সুস্থ কৰি ৰাখে। যদি আপুনিও দিশা পাটানীৰ দৰে সুস্থ থাকিব বিচাৰে, তেন্তে আপুনি নিশ্চিতভাৱে তেওঁৰ আহাৰ অনুসৰণ কৰিব লাগিব।অভিনেত্ৰীগৰাকী কি খাদ্য গ্ৰহণ কৰি নিজকে ফিট তথা সক্ৰিয় কৰি ৰাখে, আজি জানো আহক-

দিশাৰ পুৱাৰ আহাৰ

শেহতীয়া এক সাক্ষাৎকাৰত দিশায়ে তেওঁৰ ফিটনেছৰ ৰহস্য ফাদিল কৰিছে। হয়, অনুৰাগীসকলকো তেওঁ এই খাদ্য খাই নিজকে ফিট ৰাখিবলৈ পৰামৰ্শ দিছে।দিশায়ে ৰাতিপুৱা ৩টা কণী, টোষ্ট, গাখীৰ বা ফলৰ ৰস খায়। 

দুপৰীয়াৰ আহাৰ

অভিনেত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে দুপৰীয়াৰ আহাৰত তেওঁ সদায় ফলৰ ৰস খায়।ইয়াৰ লগতে তেওঁ চালাড, ব্ৰাউন ৰাইচ আৰু মচুৰ দাইল খায়।

সন্ধিয়াৰ খাদ্য

দিশাই সন্ধিয়া বাদাম আৰু কাঠবাদাম খাবলৈ ভাল পায়।ইয়াত যথেষ্ট পৰিমাণে পুষ্টি থাকে। সন্ধিয়া কেতিয়াবা স্বাস্থ্যকৰ জলপানো খাই অভিনেত্ৰীগৰাকীয়ে।

ৰাতিৰ আহাৰ

ৰাতিৰ আহাৰত দিশাই চুপ, ব্ৰাউন ৰাইচ, সেউজীয়া পাচলি আৰু মচুৰ দাইল অন্তৰ্ভুক্ত কৰে।

কিদৰে কৰে ছালৰ যতন

দিশাই শৰীৰ তথা ছাল হাইড্ৰেটেড ৰাখিবলৈ গোটেই দিনটো যথেষ্ট পানী খায়। 

ব্যায়াম

আন আন দৈনন্দিন ব্যায়ামৰ লগতে দিশা পাটানীৰ ব্যায়ামৰ ৰুটিনত নৃত্যও অন্তৰ্ভুক্ত আছে।তেওঁ নৃত্যক সৰ্বশ্ৰেষ্ঠ ‘ফিটনেছ মুড’ বুলি বিবেচনা কৰে। 

পোহৰলৈ আহিল দিশা পাটানীৰ ফিটনেছৰ ৰহস্য
অনুৰাগীৰ মত: আগতেহে বেছি ধুনীয়া আছি ভূমি পানেকাৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in