ব্যতিক্ৰমী সৃষ্টিৰে কৰিছে শ্ৰীৰাম চন্দ্ৰৰ বন্দনা

ব্যতিক্ৰমী সৃষ্টিৰে কৰিছে শ্ৰীৰাম চন্দ্ৰৰ বন্দনা

ডিজিটেল ডেস্ক: ৰাম বন্দনাৰে মুখৰিত সমগ্ৰ দেশ। বহু প্ৰতীক্ষাৰ অন্তত সোমবাৰে শ্ৰী ৰাম চন্দ্ৰৰ জন্মভূমি আযোধ্যাত নিৰ্মাণ কৰা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল।দেশৰ লগতে সমগ্ৰ বিশ্বতে উলহ-মালহৰে পালন কৰা হ'ল এই বিশেষ দিনটো। এই সময়তে খুব চৰ্চালৈ আহিছে এজন বিশেষ ব্যক্তি। বিশেষ ধৰণৰে ৰাম মন্দিৰৰ প্ৰতিকৃতি নিৰ্মাণ কৰি ভাইৰেল হৈ পৰিছে এই ব্যক্তিজন।হয়, পাৰ্লে-জি বিস্কুটৰে তেওঁ সাজি উলিয়াইছে ৰাম মন্দিৰৰ প্ৰতিকৃতি।

পশ্চিম বংগ নিবাসী এই ব্যক্তিজনে প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে ৰাম মন্দিৰৰ এই বিশেষ প্ৰতিকৃতিটো সাজি শ্ৰীৰামৰ প্ৰতি এক অনন্য শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।প্ৰকৃততে পাৰ্লে-জি বিস্কুটৰে এই মন্দিৰটো সাজি থকা এটা ভিডিঅ' ছ'চিয়েল মেডিয়াত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে।অভূতপূৰ্ব শৈলীৰে নিৰ্মাণ কৰা এই ভিডিঅ'টো দেখি নেটিজেনসকলে এই সৃষ্টিক যথেষ্ট প্ৰশংসা কৰে। 

এই ব্যক্তিজনে ২০ কিলোগ্ৰাম পাৰ্লে-জি বিস্কুট ব্যৱহাৰ কৰি প্ৰতিকৃতিটো সৃষ্টি কৰিছে।ভিডিঅ'টোত দেখা পোৱা মতে, ব্যক্তিজনে এটা পেকেটৰ পৰা বিস্কুট উলিয়াই গাঁথনিটো সৃষ্টি কৰিবলৈ বিস্কুটখিনি টুকুৰা-টুকুৰ কৰি লৈছে।মন্দিৰটোৰ ওপৰত কেইখনমান পতাকা দি তেওঁৰ প্ৰতিকৃতিটো সম্পূৰ্ণ কৰে।নেটিজেনসকলে এই অভূতপূৰ্ব সৃষ্টিৰ একেমূখে শলাগ লৈছে।

ব্যতিক্ৰমী সৃষ্টিৰে কৰিছে শ্ৰীৰাম চন্দ্ৰৰ বন্দনা
আযোধ্যা ভ্ৰমণৰ পৰিকল্পনা কৰিছে যদি এই বিষয়ে জানি লওঁক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in