‘ঠিকাদাৰসকলেই ভাৰতীয় ৰে’লৰ ৰজা’

‘ঠিকাদাৰসকলেই ভাৰতীয় ৰে’লৰ ৰজা’

ডিজিটেল ডেস্ক: ৰে’লৰ সেৱা যিমানেই ভাল নহওঁক কিয়, ঠিকাদাৰৰ কৰ্মৰ বাবেই বদনামত পৰে ভাৰতীয় ৰে’ল।এয়া আমাৰ কথা নহয়। ভাৰতীয় ৰে’লৰ বিৰুদ্ধে এইদৰে ছ’চিয়েল মেডিয়াত ক্ষোভ উজাৰিছে ভোক্তভোগী যাত্ৰীয়ে।

প্ৰকৃততে, ১ ফেব্ৰুৱাৰীত বন্দে ভাৰত এক্সপ্ৰেছত ৰাণী কামলাপতিৰ পৰা জবলপুৰলৈ যাত্ৰা কৰা এজন যাত্ৰীয়ে তেওঁৰ আহাৰত এটা মৃত পইতাচোৰা দেখি হতবাক হয়।যাত্ৰীজনে পাছত জবলপুৰ ৰে’ল ষ্টেচনত নামি পশ্চিম মধ্য ৰে'লৱে কৰ্তৃপক্ষক এই সন্দৰ্ভত অভিযোগ দাখিল কৰে। দুদিন পিছত লোকজনে এই ঘটনাটো টুইটাৰত শ্বেয়াৰ কৰে। ইয়াৰ পাছতে বিভিন্ন যাত্ৰীয়ে তেওঁলোকৰ অভিজ্ঞতাবোৰ প্ৰকাশ কৰি ৰে’ল বিভাগৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে।

ডাঃ শুভেন্দু কেশৰী নামৰ ভুক্তভোগী যাত্ৰীজনে এই ঘটনাৰ কেইখনমান ফটোসহ টুইটাৰত প্ৰকাশ কৰা মতে, ‘মই ১/০২/২০২৪ ত ৰে’ল নং ২০১৭৩ আৰকেএমপিৰ পৰা জেবিপিলৈ বন্দে ভাৰত এক্সপ্ৰেছত যাত্ৰা কৰি আছিলো । এই যাত্ৰাকালত তেওঁলোকে দিয়া খাদ্যৰ পেকেটত এটা মৃত পইতাচোৰা দেখি মই হতবাক হৈছিলো।ইয়াৰ পাছত মই পশ্চিম মধ্য ৰে’লৱে - জবলপুৰত আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰিছিলো।' এই ঘটনাৰ সাক্ষী আছিল তেওঁৰ সহযাত্ৰী ৰাজেশ শ্ৰীবাস্তৱ। এই টুইটত আইআৰচিটিচিয়ে যাত্ৰীজনক ক্ষমা বিচাৰি উল্লেখ কৰে যে, ‘মহাশয়, আপোনাৰ এই অভিজ্ঞতাৰ বাবে আমি ক্ষমা বিছাৰিছো।এই বিষয়টো গুৰুত্ব সহকাৰে লোৱা হৈছে আৰু সংশ্লিষ্ট সেৱা প্ৰদানকাৰীৰ বিৰুদ্ধে জৰিমনা আৰোপ কৰা হৈছে।’

লাখ লাখ টুইটাৰ ব্যৱহাৰকাৰীয়ে এই টুইটত মন্তব্য কৰিছে।এজনে লেখিছে, ‘ঠিকাদাৰসকলেই ভাৰতীয় ৰে’লৰ ৰজা।এই ঠিকাদাৰসকলক নিয়ন্ত্ৰণ আৰু শাস্তি দিয়াৰ কিছুমান পদ্ধতি থাকিব লাগে।’ আন এজনে লেখিছে, ‘ৰে’ল খন যিমানেই ভাল নহওঁক কিয়, এই ঠিকাদাৰসকলে যাত্ৰীসকলৰ অভিজ্ঞতা বেয়া কৰে।’ আনহাতে, অধিকাংশই খাদ্য যোগানৰ দায়িত্বত থকাসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰে’ল কৰ্তৃপক্ষক আহ্বান জনাইছে।

‘ঠিকাদাৰসকলেই ভাৰতীয় ৰে’লৰ ৰজা’
'ওম নম: শিৱায়'ৰ অৰ্থ, এই মন্ত্ৰ জপ কৰাৰ লাভালাভবোৰ আজিয়েই জানি লওঁক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in