'ওম নম: শিৱায়'ৰ অৰ্থ, এই মন্ত্ৰ জপ কৰাৰ লাভালাভবোৰ আজিয়েই জানি লওঁক

'ওম নম: শিৱায়'ৰ অৰ্থ, এই মন্ত্ৰ জপ কৰাৰ লাভালাভবোৰ আজিয়েই জানি লওঁক

ডিজিটেল ডেস্ক: সোমবাৰটো ভগৱান শিৱৰ দিন।এই দিনটোত শিৱৰ উপাসনা কৰোতে ভক্তসকলে নিশ্চিতভাৱেই 'ওম নম: শিৱায়' উচ্চাৰণ কৰে।আচলতে, এই মন্ত্ৰ উচ্চাৰণ নকৰিলে পূজা অসম্পূৰ্ণ বুলি গণ্য কৰা হয়।বিশ্বাস কৰা হয় যে, এই মন্ত্ৰ উচ্চাৰণ কৰাৰ ফলত ভগৱান শিৱ সন্তুষ্ট হৈ ভক্তৰ সকলো ইচ্ছা পূৰণ কৰে।'ওম নম: শিৱায়'ৰ অৰ্থ আৰু এই মন্ত্ৰ জপ কৰাৰ লাভালাভবোৰৰ বিষয়ে আজি জানো আহক-

'ওম নম: শিৱায়' মন্ত্ৰৰ অৰ্থ

'ওম নম: শিৱায়'ৰ অৰ্থ হৈছে আত্মা ঘৃণা, তৃষ্ণা, স্বাৰ্থপৰতা, ঈৰ্ষা, কাম, খং, লোভ, আসক্তি আৰু মায়াবিহীন ঈশ্বৰক লগ পোৱা।

'ওম নম: শিৱায়' মন্ত্ৰ উচ্চাৰণ কৰাৰ লাভালাভ

- ধন প্ৰাপ্ত হয়। 

- শত্ৰুৰ বিৰুদ্ধে বিজয় অৰ্জন হয়।

- সকলো দুখ আৰু দুবিধাৰ সমাপ্তি ঘটে।

 -ভোলেনাথৰ আৰ্শীবাদ প্ৰাপ্ত হয়।

'ওম নম: শিৱায়' উচ্চাৰণৰ আগতে এই কথা মনত ৰাখিব

- ৰাতিপুৱা এই মন্ত্ৰ জপ কৰাটো আটাইতকৈ ফলপ্ৰসু বুলি গণ্য কৰা হয়। ৰাতিপুৱা উঠি গা ধুই উপাসনা গৃহ বা মন্দিৰত এই মন্ত্ৰ জপ কৰিব।

- এই মন্ত্ৰ উচ্চাৰণ কৰোতে আপোনাৰ চকু বন্ধ ৰাখিব।

- 'ওম নম: শিৱায়' জপ কৰোতে মনতে শিৱৰ দৰ্শন কৰিব।

-'ওম নম: শিৱায়' জপ কৰোতে মালা ব্যৱহাৰ কৰিব। মনত ৰাখিব যাতে মালাডাল ৰুদ্ৰাক্ষৰ হয়। কিয়নো শিৱৰ সৈতে সম্পৰ্কিত মন্ত্ৰ কেৱল ৰুদ্ৰাক্ষৰ মালা হাতত লৈহে উচ্চাৰণ কৰা হয়।

আপুনি কেতিয়া এই মন্ত্ৰ জপ কৰা উচিত? 

আপুনি প্ৰতিদিনে 'ওম নম: শিৱায়' জপ কৰিব পাৰে। কিন্তু শাস্ত্ৰ অনুসৰি, শাওন, মাঘ আৰু ভাদ মাহত এই মন্ত্ৰ উচ্চাৰণ কৰাটো অতি শুভ। এই সময়ছোৱাত 'ওম নম: শিৱায়' উচ্চাৰণ কৰিলে শিৱ সোনকালেই সুখী হয় আৰু তেওঁ ভক্তৰ প্ৰতিটো ইচ্ছা পূৰণ কৰে।

'ওম নম: শিৱায়'ৰ অৰ্থ, এই মন্ত্ৰ জপ কৰাৰ লাভালাভবোৰ আজিয়েই জানি লওঁক
আঁতৰিব গ্ৰহ-গতিৰ দোষ, সন্তুষ্ট হ’ব মা লক্ষ্মী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in