চিনেমা চোৱাৰ সময়ত খোৱা-বোৱা, ফোনৰ পৰাও বজাই ৰাখিছিল দূৰত্ব

চিনেমাৰ প্ৰতি থকা দুৰ্বলতাৰ বাবেই বিশ্ব অভিলেখ গঢ়িলে এজন বিশেষ ব্যক্তিয়ে।হয়, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন ব্যক্তিয়ে এবছৰত সৰ্বাধিক চিনেমা চাই চিনেমাৰ প্ৰতি থকা তেওঁৰ প্ৰেমক আন এটা পৰ্যায়লৈ নিবলৈ সক্ষম হৈছে। এই বিশেষ ব্যক্তিজনৰ নাম জেক শ্বোপ।

author-image
Asomiya Pratidin
New Update
চিনেমা চোৱাৰ সময়ত খোৱা-বোৱা, ফোনৰ  পৰাও বজাই ৰাখিছিল দূৰত্ব

ডিজিটেল ডেস্ক: চিনেমাৰ প্ৰতি থকা দুৰ্বলতাৰ বাবেই বিশ্ব অভিলেখ গঢ়িলে এজন বিশেষ ব্যক্তিয়ে।হয়, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন ব্যক্তিয়ে এবছৰত সৰ্বাধিক চিনেমা চাই চিনেমাৰ প্ৰতি থকা তেওঁৰ প্ৰেমক আন এটা পৰ্যায়লৈ নিবলৈ সক্ষম হৈছে। এই বিশেষ ব্যক্তিজনৰ নাম জেক শ্বোপ।

Advertisment

২০২২ চনৰ জুলাইৰ পৰা ২০২৩ চনৰ জুলাইলৈকে ৭৭৭ খন চিনেমা চাই জেক শ্বোপে এই কৃতিত্ব অৰ্জন কৰিছে।তেওঁ পূৰ্বৰ এবছৰত ৭১৫খন চিনেমা চোৱাৰ অভিলেখ ভংগ কৰিছে। ২০১৮ চনত এই অভিলেখ গঢ়িছিল ফ্ৰান্সৰ ভিনচেণ্ট ক্ৰহনে।জেক শ্বোপে প্ৰতিদিনে তিনিখনকৈ চিনেমা চাইছিল যদিও শনি আৰু ৰবি বাৰে তিনিখনতকৈ বেছি চিনেমা উপভোগ কৰিছিল।গড় হিচাপত তেওঁৰ লক্ষ্য আছিল সপ্তাহত প্ৰায় ১৬-১৭ খন চিনেমা চোৱা।

৩২ বছৰীয়া শ্বোপে ৰাইজ অফ গ্ৰুৰ সৈতে তেওঁৰ চিনেমা চোৱাৰ এই অভিযান আৰম্ভ কৰিছিল আৰু ইণ্ডিয়ানা জোনছ আৰু ডায়েল অফ ডেষ্টিনিৰ সৈতে সমাপ্ত কৰিছিল।এই ৰেকৰ্ডৰ বাবে শ্বোপে আন একো নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে সকলো চিনেমা চাবলগীয়া হৈছিল।আনকি চিনেমা চোৱাৰ সময়ত তেওঁ ফোন ব্যৱহাৰ কৰা, টোপনি যোৱা আৰু খোৱাৰ পৰাও বিৰত আছিল।ইফালে, স্বোপে আটাইতকৈ বেছি বাৰ চোৱা চিনেমাখন 'পুচ ইন বুটচ: দ্য লাষ্ট উইছ'। তেওঁ এই চিনেমাখন মুঠ ৪৭ বাৰ বাৰ চাইছিল। 'স্পাইডাৰ মেন: এক্ৰছ দ্য স্পাইডাৰ-ভাৰ্চ' তেওঁৰ আটাইতকৈ প্ৰিয় চিনেমা আৰু তেওঁ ভাল নোপোৱা চিনেমাখন আছিল 'দ্য ডেভিল কন্সপিৰেচী'।এই সন্দৰ্ভত শ্বোপে কয়, ‘এইটো এটা আশ্চৰ্যকৰ যাত্ৰা আছিল যাৰ প্ৰতি মই মোৰ জীৱনৰ এটা বছৰ উৎসৰ্গা কৰিলো।এই সকলোবোৰ ভাল কাৰণৰ বাবেই আছিল।পৰৱৰ্তী সময়ত মই মোৰ নিজৰ ৰেকৰ্ড ভাঙিবলৈও আগ্ৰহী।’

Also Read: এপাৰ্টমেণ্টৰ গৰাকী হ'ল পোহনীয়া কুকুৰ, আইনী মেৰপাকত সন্তানহীন দম্পতি