এপাৰ্টমেণ্টৰ গৰাকী হ'ল পোহনীয়া কুকুৰ, আইনী মেৰপাকত সন্তানহীন দম্পতি

পৃথিৱীখনত ঘটি থকা কেতবোৰ ঘটনাই কেতিয়াবা সকলোকে আচৰিত কৰি তোলে।শেহতীয়াকৈ এনে এক ঘটনাই সকলোকে হতবাক কৰিছে। হয়, এহাল দম্পতীয়ে তেওঁলোকৰ পোহনীয়া কুকুৰটোক উপহাৰ দিছে এটা বিলাসী ঘৰ।ঘটনাটো ইৰাণৰ। ছ'চিয়েল মেডিয়াত এই ভিডিঅ' ভাইৰেল হৈ পৰাত সকলো স্তম্ভিত হৈছে।

author-image
Asomiya Pratidin
New Update
এপাৰ্টমেণ্টৰ গৰাকী হ'ল পোহনীয়া কুকুৰ, আইনী মেৰপাকত সন্তানহীন দম্পতি

ডিজিটেল ডেস্ক: পৃথিৱীখনত ঘটি থকা কেতবোৰ ঘটনাই কেতিয়াবা সকলোকে আচৰিত কৰি তোলে।শেহতীয়াকৈ এনে এক ঘটনাই সকলোকে হতবাক কৰিছে। হয়, এহাল দম্পতীয়ে তেওঁলোকৰ পোহনীয়া কুকুৰটোক উপহাৰ দিছে এটা বিলাসী ঘৰ।ঘটনাটো ইৰাণৰ। ছ'চিয়েল মেডিয়াত এই ভিডিঅ' ভাইৰেল হৈ পৰাত সকলো স্তম্ভিত হৈছে। ভিডিঅ'টোত ৰিয়েল ইষ্টেট সংস্থাৰ এজন এজেণ্টক ঘৰটো বিক্ৰীৰ লেনদেনসমূহ কৰা দেখা গৈছে। ইণ্টাৰনেটত এই ভিডিঅ' পোহৰলৈ অহাৰ পিছত ইৰাণত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

Advertisment

প্ৰকৃততে, এহাল মধ্যবয়স্ক ইৰানী দম্পতিয়ে  তেওঁলোকৰ পোহনীয়া কুকুৰ চেষ্টাৰৰ নামলৈ এটা এপাৰ্টমেণ্ট স্থানান্তৰ কৰিব বিচাৰিছিল। এই এপাৰ্টমেণ্টটোৰ মালিকীস্বত্ব পোহনীয়া কুকুৰলৈ আনুষ্ঠানিকভাৱে স্থানান্তৰ কৰা নথি-পত্ৰ কৰা হৈছিল।আনকি চৰকাৰী নথি-পত্ৰত কুকুৰৰ ভৰিৰ প্ৰিণ্ট লোৱাৰ পিছত এই স্থানান্তৰ প্ৰক্ৰিয়াটো চূড়ান্ত কৰা হৈছিল।

ঘৰটো কুকুৰটোৰ নামলৈ স্থানান্তৰ কৰাৰ এনে এক উদ্ভট সিদ্ধান্তৰ আঁৰৰ কাৰণটো অৱশ্যে সৰল আছিল। দম্পতীহালৰ মতে, তেওঁলোকৰ কোনো উত্তৰাধিকাৰী নাই। সেয়েহে এই এপাৰ্টমেণ্টটো তেওঁলোকৰ মৰমৰ কুকুৰটোক স্থানান্তৰ কৰিব বিচাৰিছিল।কিন্তু এই পদক্ষেপৰ বাবে  দম্পতীহাল আইনী মেৰপাকৰ সন্মুখীন হৈছিল। ছ'চিয়েল মেডিয়াত এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই ইৰাণৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি  সম্পত্তিৰ অধিকাৰ স্থানান্তৰৰ সৈতে জড়িত ৰিয়েল ইষ্টেট সংস্থাৰ মুৰব্বীজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ৰিয়েল ইষ্টেট সংস্থাৰ প্ৰতিষ্ঠানটোও আৰক্ষীয়ে অস্থায়ীভাৱে বন্ধ কৰি দিয়ে।

Also Read: দীৰ্ঘজীৱন লাভৰ ৰহস্য ভেদ কৰিলে আটাইতকৈ পুৰণি জীৱিত মানৱে