স্বাধীনতা দিৱসত এইকেইখন ঠাইলৈ যাওঁক

সমাগত স্বাধীনতা দিৱস।দেশ স্বাধীন হোৱাৰ এই বিশেষ দিনটো সকলোয়েই বিশেষভাৱে উদযাপন কৰিবলৈ বিচাৰে।আপুনিও যদি এই দিনটো বিশেষভাৱে উদযাপন কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আপুনি ভাৰতৰ কেইখনমান ঠাইলৈ যাওঁক।

author-image
Asomiya Pratidin
New Update
স্বাধীনতা দিৱসত এইকেইখন ঠাইলৈ যাওঁক

ডিজিটেল ডেস্ক: সমাগত স্বাধীনতা দিৱস।দেশ স্বাধীন হোৱাৰ এই বিশেষ দিনটো সকলোয়েই বিশেষভাৱে উদযাপন কৰিবলৈ বিচাৰে।আপুনিও যদি এই দিনটো বিশেষভাৱে উদযাপন কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আপুনি ভাৰতৰ কেইখনমান ঠাইলৈ যাওঁক। হয়, আপুনি ১৫ আগষ্টৰ দিনটো চিৰস্মৰণীয় কৰিবলৈ নিম্নলিখিত ঐতিহাসিক ঠাইকেইখনলৈ যাব পাৰে।  

Advertisment

লাল কিল্লা (দিল্লী)

লালকিল্লা ভাৰতৰ অন্যতম এক ঐতিহাসিক স্থান। প্ৰতি বছৰে ১৫ আগষ্টত প্ৰধানমন্ত্ৰীয়ে ইয়াত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে।স্বাধীনতা দিৱসৰ দিনটোত লালকিল্লাত বিশেষ সুৰক্ষা আৰু সজ্জাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই দিনটোত আপুনি ইয়াত দিৱান-ই-আম, দিৱান-ই-খাছ, ৰং মহল আৰু নাহৰ-ই-বাহিষ্টৰ সৌন্দৰ্যও উপভোগ কৰিব পাৰিব।

জালিয়ানৱালা বাগ, গ'ল্ডেন টেম্পল (অমৃতসৰ, পঞ্জাৱ)

জালিয়ানৱালা বাগ এখন ঐতিহাসিক ঠাই, য'ত ১৯১৯ চনত নিৰীহ ভাৰতীয়সকলক গুলীচালনা কৰা হৈছিল। এই নিৰীহ লোকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ইয়াত স্বাধীনতা দিৱসত এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। শিখ ধৰ্মৰ আটাইতকৈ পৱিত্ৰ স্থান গ'ল্ডেন টেম্পলটো এই  দিনটোত ভক্তৰ সোঁত বয়।স্বাধীনতা দিৱসৰ এই দিনটোত ভক্তিমূলক গীতৰ প্ৰতিধ্বনিৰে গ'ল্ডেন টেম্পলৰ চৌহদ ৰজনজনাই থাকে।

সাবৰমতী আশ্ৰম (আহমেদাবাদ)

সাবৰমতী আশ্ৰম মহাত্মা গান্ধীৰ বাসগৃহ আছিল। ইয়াৰ পৰাই তেওঁ দাণ্ডি মাৰ্চ আৰম্ভ কৰিছিল। সাবৰমতী আশ্ৰমত ১৫ আগষ্টত বিশেষ প্ৰাৰ্থনা সভা আৰু বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ইয়াত গান্ধীজীৰ চিন্তা আৰু স্বাধীনতা সংগ্ৰামৰ এক আভাস ইয়াত পোৱা যায়।এই ঠাইত আপুনি গান্ধীজীৰ বাসগৃহ, হৃদয় কুঞ্জ, বিনোবা-মীৰাবেন কুটিৰ আৰু গান্ধী স্মাৰক সংগ্ৰহালয়ও চাব পাৰিব।

ভিক্টোৰিয়া মেম'ৰিয়েল, ফৰ্ট উইলিয়াম (কলকাতা)

ভিক্টোৰিয়া মেম'ৰিয়েল হৈছে ব্ৰিটিছ সাম্ৰাজ্যৰ মহিমাৰ প্ৰতীক আৰু ফৰ্ট উইলিয়াম ইণ্ডিয়াৰ সামৰিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অংশ। ১৫ আগষ্টত কলকাতাৰ এই স্থানবোৰত বিশেষ পতাকা উত্তোলন আৰু কাৰ্যসূচী অনুষ্ঠিত হয়, যি দেশপ্ৰেমৰ অনুভূতি অধিক বৃদ্ধি কৰে।

গেটৱে অফ ইণ্ডিয়া, ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাস (মুম্বাই, মহাৰাষ্ট্ৰ)

গেটৱে অফ ইণ্ডিয়া, যি ব্ৰিটিছ ৰাজৰ স্মাৰক। ১৫আগষ্টত গেটৱে অৱ ইণ্ডিয়াক ত্ৰিৰংগা পতাকা আৰু ৰঙীন পোহৰেৰে সজোৱা হয়।তদুপৰি, ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাস হৈছে এক গুৰুত্বপূৰ্ণ ঐতিহাসিক স্থান, য'ত এই দিনটোত বিশেষ কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই উপলক্ষে মুম্বাইলৈ গ’লে আপুনি মেৰিন ড্ৰাইভ আৰু সিদ্ধি বিনায়ক মন্দিৰ দৰ্শন কৰিব পাৰিব।

মহীশূৰ প্ৰাসাদ মহীশূৰ (কৰ্ণাটক)

মহীশূৰ প্ৰাসাদ ইয়াৰ বিশাল স্থাপত্য আৰু ঐতিহাসিক গুৰুত্বৰ বাবে বিখ্যাত। প্ৰতি বছৰে ১৫ আগষ্টত ত্ৰিৰংগা পতাকাৰ সৈতে ইয়াত বিশেষ সজ্জা কৰা হয়। মহীশূৰৰ ঐতিহাসিক তাৎপৰ্য এই দিনটোত বৃদ্ধি পায়।

Also Read: আযোধ্যা ভ্ৰমণৰ পৰিকল্পনা কৰিছে যদি এই বিষয়ে জানি লওঁক