সকলো লোকে পালন কৰিব নোৱাৰে মহাশিৱৰাত্ৰিৰ উপবাস

মহাশিৱৰাত্ৰি, এই দিনটো ভগৱান শিৱৰ আৰাধনাৰ বাবে আটাইতকৈ পবিত্ৰ দিনসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। এইবেলি শিৱৰাত্ৰি ১৫ ফেব্ৰুৱাৰীত পালন কৰা হ'ব। মহাশিৱৰাত্ৰিৰ...

author-image
সংগীতা দাস
New Update
শিৱৰাত্ৰি.jpg

ডিজিটেল ডেস্ক: মহাশিৱৰাত্ৰি, এই দিনটো ভগৱান শিৱৰ আৰাধনাৰ বাবে আটাইতকৈ পবিত্ৰ দিনসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। এইবেলি শিৱৰাত্ৰি ১৫ ফেব্ৰুৱাৰীত পালন কৰা হ'ব। মহাশিৱৰাত্ৰিৰ দিনা ভক্তসকলে উপবাস পালন কৰি চাৰিটা প্ৰহৰত শিৱ পূজা, ৰুদ্ৰাভিষেক সম্পন্ন কৰি গোটেই ৰাতি উজাগৰে মহাদেৱক স্মৰণ কৰে। ধৰ্মীয় বিশ্বাস অনুসাৰে, এই ব্ৰত পালন কৰিলে মনৰ সকৰো কামনা পূৰণ হয় আৰু জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি লাভ হয়।

কিন্তু, যিকোনো ধৰ্মীয় ব্ৰত বা উপবাস পালনৰ আগতে নিজৰ শাৰীৰিক অৱস্থা আৰু স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো অতি প্ৰয়োজনীয়। মহাশিৱৰাত্ৰিৰ ব্ৰত সকলোৰে বাবে উপযোগী নহয়। কিছুমান ক্ষেত্ৰত এই ব্ৰত ক্ষতিকাৰকো হ’ব পাৰে। সেয়েহে কোনে এই ব্ৰত পৰিহাৰ কৰিব লাগে বা কোনে ব্ৰতৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে, জানো আহক-

গৰ্ভৱতী, দুগ্ধপান কৰোৱা মহিলা

গৰ্ভৱতী আৰু দুগ্ধপান কৰোৱা মহিলাসকলৰ দেহক অতিৰিক্ত পুষ্টিৰ প্ৰয়োজন হয়। উপবাস বা পানী এটুপিও খাব নোৱাৰা ব্ৰতে তেওঁলোকৰ লগতে গৰ্ভস্থ বা দুগ্ধপান কৰাই থকা শিশুৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলাব পাৰে। সেয়েহে এই সময়ছোৱাত ব্ৰত পালন নকৰাই উত্তম। ইয়াৰ পাছতো দি কোনো মহিলাই ব্ৰত ৰাখিবলৈ ইচ্ছুক হয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়। বিকল্প হিচাপে ফলমূল বা লঘু সাত্ত্বিক আহাৰ গ্ৰহণ কৰি ভক্তি প্ৰদৰ্শন কৰিব পাৰে।

গুৰুতৰ ৰোগত আক্ৰান্ত লোক

ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হৃদৰোগ, বৃক্কজনিত সমস্যা বা আন কোনো গুৰুতৰ ৰোগত ভোগা লোকসকলেও মহাশিৱৰাত্ৰিৰ উপবাসৰ পৰা বিৰত থাকিব লাগে। কিয়নো, এইসকল লোকে উপবাস কৰিলে ঔষধ গ্ৰহণত ব্যাঘাত জন্মিব পাৰে, শৰীৰত পানীৰ অভাৱ হ’ব পাৰে। যাৰ ফলত স্বাস্থ্যজনিত জটিলতা সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। বিশেষকৈ, বৃদ্ধ লোকসকলেও চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ উপবাস পালন কৰা উচিত নহয়।

ঋতুস্ৰাৱৰ সময়ত মহিলা

ঋতুস্ৰাৱৰ সময়ত সাধাৰণতে মহিলাসকলে শিৱলিংগ স্পৰ্শ কৰি পূজা নকৰে। অৱশ্যে ইচ্ছা কৰিলে এই সময়ছোৱাত উপবাস পালন কৰিব পাৰে। লগতে মানসিক জপ, ধ্যান, ‘ওঁ নমঃ শিৱায়’ মন্ত্ৰ জপ বা ভগৱান শিৱক স্মৰণ কৰিও ভক্তি প্ৰদৰ্শন কৰিব পাৰে। অৱশ্যে, শাৰীৰিক অস্বস্তি থাকিলে উপবাস নৰাখাই উত্তম।

উপবাস পালন কৰিব নোৱাৰিলে কি কৰিব ?

শাস্ত্ৰত স্পষ্টকৈ উল্লেখ আছে যে স্বাস্থ্যজনিত কাৰণ বা প্ৰতিকূল পৰিস্থিতিৰ বাবে যদি কোনো ব্যক্তিয়ে উপবাস পালন কৰিব নোৱাৰে, তেন্তে তাৰ বাবে কেৱল ৰোজা ৰখাটো বাধ্যতামূলক নহয়। তেনে লোকে শিৱ পূজা, মন্ত্ৰ জপ, দান-ধ্যান, সৎকৰ্ম আৰু সাত্ত্বিক খাদ্য গ্ৰহণৰ জৰিয়তেও ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰে।

মহাশিৱৰাত্ৰিৰ উপবাসক নিশ্চয়েই অতি গুণসম্পন্ন বুলি গণ্য কৰা হয়, কিন্তু ইয়াক নিজৰ শাৰীৰিক ক্ষমতা আৰু স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পালন কৰাটোৱেই বুদ্ধিমানৰ কাম। ভক্তই মনত ৰখা উচিত যে কেৱল উপবাসেৰে নহয়, সত্য ভক্তি, শ্ৰদ্ধা আৰু আৱেগেৰেও সন্তুষ্ট হয় ভগৱান শিৱ।