এই ৪ কথাত আপোচ নকৰিব, অন্যথা আধাতে ছিঙিব প্ৰেমৰ বান্ধোন

আজিৰ ব্যস্ত আৰু পৰিৱৰ্তিত জীৱনশৈলীত সম্পৰ্ক বজাই ৰখাটো এক প্ৰকাৰ প্ৰত্যাহ্বান। কামৰ চাপ, ব্যক্তিগত আকাংক্ষা আৰু সামাজিক পৰিৱেশৰ মাজত বহু সময়ত মানুহে সম্পৰ্ক ভালে ৰাখিবলৈ আপোচ কৰে।

author-image
সংগীতা দাস
New Update
প্ৰেম.jpg

ডিজিটেল ডেস্ক: আজিৰ ব্যস্ত আৰু পৰিৱৰ্তিত জীৱনশৈলীত প্ৰেমৰ সম্পৰ্ক বজাই ৰখাটো এক প্ৰকাৰ প্ৰত্যাহ্বান। কামৰ চাপ, ব্যক্তিগত আকাংক্ষা আৰু সামাজিক পৰিৱেশৰ মাজত বহু সময়ত বহুতে সম্পৰ্ক বৰ্তাই ৰাখিবলৈ সহ্য বা আপোচ কৰে। কিন্তু প্ৰশ্ন হয়—সকলোবোৰ সহ্য কৰাটো সঠিক নে ? উত্তৰ স্পষ্ট, নহয়। কিছুমান আপোচে আপোনাৰ পৰিচয়, আত্মসন্মান আৰু মানসিক শান্তি ধ্বংস কৰিব পাৰে। সেয়েহে এটা সৰ্ম্পকত বিশেষ কিছুমান ক্ষেত্ৰত কেতিয়াও আপোচ কৰিব নালাগে।

১. আত্মসন্মান

প্ৰেমৰ অৰ্থ এই নহয় যে আপুনি নিজকে তুচ্ছ বুলি অনুভৱ কৰিব লাগিব। যদি আপোনাৰ সংগীয়ে আপোনাক বাৰে বাৰে অপমান কৰে, কথাই কথাই হেয় প্ৰতিপন্ন কৰে বা ৰাজহুৱা স্থানত লাজ দিবলৈ চেষ্টা কৰে, তেন্তে সেয়া কোনোভাবেই গ্ৰহণযোগ্য নহয়। সম্পৰ্কৰ মূল আধাৰ হ’ল সন্মান। সন্মান নাথাকিলে প্ৰেম দীঘলীয়া সময়লৈ টিকি নাথাকে।

২. সপোন আৰু কেৰিয়াৰ

প্ৰত্যেকজন মানুহৰ নিজস্ব সপোন আৰু লক্ষ্য থাকে। যদি কোনো সম্পৰ্কই আপোনাক আগবাঢ়ি যোৱাত বাধা দিয়ে, আপোনাৰ কেৰিয়াৰ এৰিবলৈ বাধ্য কৰে বা আপোনাৰ সপোনবোৰ তুচ্ছ বুলি গণ্য কৰে, তেন্তে সেয়া সুস্থ সম্পৰ্ক নহয়। সঠিক সংগীয়ে আপোনাৰ উন্নতিত আনন্দ পায় আৰু আপোনাৰ লক্ষ্যত সমৰ্থন আগবঢ়ায়। নিজৰ ভবিষ্যৎ গঢ়াৰ পথত আপোচ কৰিলে পিছত অনুশোচনা বাঢ়ে।

৩. আৱেগিক অত্যাচাৰ 

আৱেগিক অত্যাচাৰ বেছিভাগ সময়তে নীৰৱে ঘটে। যদি আপোনাৰ সংগীয়ে আপোনাক সদায় দোষী অনুভৱ কৰায়, আপোনাৰ অনুভৱক গুৰুত্ব নিদিয়ে বা আপোনাক মনে মনে থাকিবলৈ বাধ্য কৰায়। তেন্তে সেয়া এক বিপদজনক সংকেত। সুস্থ সম্পৰ্কত দুয়োজনে মুকলিকৈ নিজৰ মনৰ কথা ক’ব পাৰে। আৱেগিক অত্যাচাৰ সহ্য কৰি থাকিলে মানসিক চাপ, আত্মবিশ্বাসৰ অভাৱ আৰু দুখ-দুৰ্দশা বৃদ্ধি পায়।

৪. অত্যধিক নিয়ন্ত্ৰণক যত্ন বুলি ভুল নকৰিব

কিছুমান সময়ত মানুহে নিয়ন্ত্ৰণক 'যত্ন' বুলি ভুল কৰে। কিন্তু যদি আপোনাৰ সংগীয়ে আপুনি কাৰ লগত কথা পাতিব, কি পিন্ধিব, কি খাব বা ক’লৈ যাব সেইবোৰত অহেতুক হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰে, তেন্তে সেয়া চিন্তাৰ বিষয়। প্ৰেমত বিশ্বাস আৰু ব্যক্তিগত স্থান দুয়োটাই অতি প্ৰয়োজনীয়। নিয়ন্ত্ৰণে সম্পৰ্কক দমবন্ধ কৰি তোলে।

প্ৰেম মানে নিজৰ সকলো বিসৰ্জন দিয়া নহয়। এটা সুস্থ সম্পৰ্কত আপোনাৰ আত্মসন্মান, সপোন, অনুভৱ আৰু ব্যক্তিগত স্থানৰ সন্মান থাকিবই লাগে। সঠিক সংগী হ’ল সেইজন যিয়ে আপোনাক বুজি পায়, আপোনাৰ সৈতে একেলগে আগবাঢ়ে আৰু বিশ্বাস, সন্মান আৰু সমৰ্থনৰ আধাৰত সম্পৰ্কটো গঢ়ি তোলে। সম্পৰ্ক বাচনি কৰোতে হৃদয়ৰ লগতে আত্মসন্মানকো আগত ৰাখিব—কাৰণ আপুনি নিজেই আপোনাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মানুহ।