/asomiyapratidin/media/media_files/2025/02/12/fqoxhKvFWaDctruWgCdt.jpg)
ডিজিটেল ডেস্ক: ভাৰতীয় সংস্কৃতিত মাঘী পূৰ্ণিমাৰ দিনটোক ধৰ্ম, বিশ্বাস আৰু দানৰ এক বিশেষ উৎসৱ বুলি গণ্য কৰা হয়। বিশ্বাস অনুসৰি, এই দিনটোত পৱিত্ৰ নদীত স্নান, দান কৰা আৰু ভগৱান বিষ্ণুক উপাসনা কৰিলে মন শুদ্ধ আৰু আধ্যাত্মিকতাৰে ভৰি পৰে। এই বছৰৰ মাঘী পূৰ্ণিমা অতি বিশেষ। কিয়নো, ১৪৪ বছৰৰ পিছত এইবাৰ মাঘী পূৰ্ণিমা প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা কুম্ভ মেলাৰ সময়তে পৰিছে, যাৰ বাবে এইবাৰ মাঘী পূৰ্ণিমাৰ আধ্যাত্মিক গুৰুত্ব আৰু অধিক বৃদ্ধি পাইছে।
মাঘী পূৰ্ণিমাৰ তাৎপৰ্য
মাঘী পূৰ্ণিমাৰ দিনটোত গংগাত গা ধোৱা আৰু দান কৰাৰ ফলত এজন ব্যক্তিয়ে সকলো ধৰণৰ পাপৰ পৰা মুক্তি লাভ কৰে। এই দিনটোক ধৰ্মীয় আৰু আধ্যাত্মিক দৃষ্টিকোণৰ পৰা অত্যন্ত ফলপ্ৰসূ বুলি গণ্য কৰা হয়। মাঘ মাহত দৈনিক গা ধোৱা, জপ আৰু দান কৰোতাজন স্বৰ্গবাসী হয় বুলি পুৰাণত উল্লেখ আছে । এই দিনটোত ভগৱান বিষ্ণু আৰু হনুমানৰ উপবাস তথা পূজা কৰাটোয়েও বিশেষ গুৰুত্ব বহন কৰে।
মাঘী পূৰ্ণিমাৰ জ্যোতিষীয় তাৎপৰ্য
জ্যোতিষশাস্ত্ৰৰ মতেও মাঘী পূৰ্ণিমাৰ দিনটো অতি বিশেষ। এই দিনটোত সূৰ্য, মকৰ ৰাশিত প্ৰৱেশ কৰে আৰু চন্দ্ৰ কৰ্কট নক্ষত্ৰমণ্ডললৈ যায়। সেয়েহে, এই দিনটোত পৱিত্ৰ নদীত স্নান কৰিলে সূৰ্য আৰু চন্দ্ৰৰ সৈতে সম্পৰ্কিত সকলো অসুবিধা সমাধান হয় বুলি বিশ্বাস কৰা হয়। অৱশ্যে গ্ৰহ-নক্ষত্ৰৰ অৱস্থিতিৰ অমিল হ’লে মাঘী পূৰ্ণিমা কেতিয়াবা ফাগুণ মাহতো পৰে।
মাঘী পূৰ্ণিমাত স্নানৰ গুৰুত্ব
এই দিনটোত অজস্ৰ লোকে আন বহু পৱিত্ৰ নদীত স্নান কৰে যদিও এই ক্ষেত্ৰত গংগা নদীৰেই প্ৰাধান্য অধিক। বিশ্বাস অনুসৰি, এই বিশেষ দিনটোত সকলো দেৱ-দেৱতা পৃথিৱীলৈ নামি আহি ত্ৰিবেণী সংগমত গা ধুই ধ্যান-তপস্যাত বহিবলৈ মানৱ ৰূপ লয়। সেয়েহে, পূৰ্ণিমাৰ দিনা গংগাত গা ধোৱাটোয়ে যথেষ্ট তাৎপৰ্য বহন কৰে। মাঘী পূৰ্ণিমাত স্নান কৰি সূৰ্য দেৱতাক পূজা কৰিলে পাপ খণ্ডন হয় বুলিও বিবেচনা কৰা হয়।
পৌৰাণিক দৃষ্টিভংগী
পৌৰাণিক কাহিনী অনুসৰি, মাঘী পূৰ্ণিমাক আধ্যাত্মিক, ধৰ্মীয় ৰীতি-নীতি আৰু বিভিন্ন অনুষ্ঠান সম্পাদনৰ বাবে এক পৱিত্ৰ দিন বুলি গণ্য কৰা হয়। এইটোও বিশ্বাস কৰা হয় যে, এই মাহত দেৱতাসকল স্বৰ্গৰ পৰা আহি পৃথিৱীত কিছু সময় কটাোৱাৰ লক্ষৰে গংগা নদীৰ পাৰত থাকে।
বৈজ্ঞানিক দৃষ্টিকোণ
বৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও মাঘী পূৰ্ণিমা বা মাঘ মাহটোৰ বিশেষ মহত্ব আছে। বিজ্ঞানৰ মতে, এই মাহটোৱে মানৱ শৰীৰক পৰিৱৰ্তনশীল ঋতুৰ সৈতে খাপ খোৱাত সহায় কৰে। তদুপৰি, এই দিনটোত বিভিন্ন ইতিবাচক কাৰ্য-কলাপ কৰাৰ ফলত মনটোও ইতিবাচক হৈ পৰে।
ঘৰত মাংগলিক কাৰ্য
এই পৱিত্ৰ দিনটোত অধিকাংশ লোকৰ ঘৰতে মাংগলিক কাৰ্য-কলাপ সম্পন্ন কৰা হয়। মাঘী পূৰ্ণিমাৰ দিনটোত ঘৰৰ পদূলিত অথবা দুৱাৰ মুখত চাকি জ্বলালে ঘৰখনলৈ ইতিবাচক শক্তিৰ আগমণ হয় বুলি বিশ্বাস কৰা হয়।
মাঘী পূৰ্ণিমাত দানৰ গুৰুত্ব
এই দিনটোত দানৰ গুৰুত্ব সৰ্বাধিক। শাস্ত্ৰত উল্লেখ থকা মতে, মাঘী পূৰ্ণিমাৰ এই বিশেষ দিনটোত দান কৰিলে দান কৰোতাৰ জীৱনলৈ সুখ, সমৃদ্ধি আৰু শান্তি আহে। ভাগৱত গীতাতো ভগৱান কৃষ্ণই কোনো উদ্দেশ্য, স্বাৰ্থ অবিহনে দিয়া দানক সৰ্বশ্ৰেষ্ঠ কাৰ্য বুলি উল্লেখ কৰিছে। দানে এজন ব্যক্তিক জীৱনৰ দুখৰ পৰা নিজকে মুক্ত কৰা, মানসিক শান্তি আৰু অতীন্দ্রিয় আনন্দ প্ৰাপ্ত কৰাত সহায় কৰে।
পূৰ্বপূৰুষক স্মৰণ
পিতৃদোষৰ পৰা পৰিত্ৰাণ আৰু পূৰ্বপুৰুষৰ আত্মাৰ শান্তিৰ বাবেও এই দিনটোৰ গুৰুত্ব আছে। ইয়াৰ বাবে তিল দান কৰাটো শুভ বুলি গণ্য কৰা হয়। আনহাতে, এই দিনটোত স্নান কৰোতে পূৰ্বপুৰুষক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি তৰ্পন কৰিব লাগে।
কি দান কৰিব ?
মাঘী পূৰ্ণিমাত খাদ্য দান কৰিব লাগে। এই পৱিত্ৰ দিনটোত গংগাত স্নান কৰি আত্ম-শুদ্ধিৰ বাবে অহা ভক্তসকলক খাদ্য দান কৰাটো অতি শুভ।
মাঘী পূৰ্ণিমাত এইকেইটা কথা মনত ৰাখিব
১) এই দিনটোত মিছা কথা ভুলতো নক’ব।
২) নিৰামিষ খাদ্য গ্ৰহণ কৰিব।
৩) উপবাস ৰাখিলেে সূৰ্য্যোদয়ৰ আগতে শোৱাৰ পৰা উঠিব।
৪) নদীত গা নুধুলেও শোৱাৰ পৰা উঠিয়েই ঘৰতে গা ধুব।
Also Read: আপুনিও যদি এই ৰাশিৰ, তেন্তে লাভ কৰিব মহাদেৱৰ বিশেষ আৰ্শীবাদ