/asomiyapratidin/media/media_files/2026/01/12/mmkkmjk-2026-01-12-16-17-40.jpg)
Magh Bihu Wishes in Assamese | মাঘ বিহুৰ শুভেচ্ছা / ভোগালী বিহুৰ শুভেচ্ছা
ডিজিটেল ডেস্ক: পদুলি মূখত মাঘ বিহু।ভোগৰ উৎসৱ ভোগালীক আদৰাৰ প্ৰস্তুতিত এতিয়া ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া।গাঁৱৰ ঘৰে ঘৰে ঢেকীৰ শব্দ, পিঠাৰ গোন্ধ। মুঠৰ ওপৰত মাঘ বিহুৰ বতৰত এতিয়া চৌদিশ উখল-মাখল।অসমীয়াৰ প্ৰাণৰো প্ৰাণ বিহুত ইজনে সিজনক শুভেচ্ছা দিয়াটো পৰম্পৰা।আপুনিও সহজতে আপোনজনক পঠিয়াব পৰাকৈ মাঘ বিহুৰ বিভিন্ন শুভেচ্ছা বাৰ্তা তলত উল্লেখ কৰা হৈছে-
নিয়ৰ সৰা গধুলি.. মাঘ মাহৰ জাননী.. মেজিৰ তলৰ ধেমালি.. চোৱা আহি পালে ভোগালী.. ভোগালী বিহুৰ আন্তৰিক আৰু হিয়াভৰা ওলগ জনাইছো।
আপােনাক তথা আপােনাৰ পৰিয়ালৰ সকলােলৈকে ভােগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো।
সমূহ অসমবাসী ৰাইজক চেনেহৰ ভোগালী বিহুৰ ওলগ জনাইছো।
Magh Bihu Wishes in Assamese | মাঘ বিহুৰ শুভেচ্ছা / ভোগালী বিহুৰ শুভেচ্ছা
ভোগালীৰ ওলগ জনালো। মেজিৰ জুইয়ে যেন সকলো অমংগল,হিংসা-বিদ্বেষ পুৰি শেষ কৰে। তাৰেই কামনা কৰিছো।
সকলোকে আগতিয়াকৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো।
মোৰ সমূহ বন্ধু, বান্ধৱীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছো।
মেজিৰ পৱিত্র জুইয়ে সকলোৰে হৃদয় উমাল কৰি তোলক।তাৰেই কামনা কৰিছো।
এই মেজিৰ জুইত নিপাত যাওঁক সকলাে অসূয়া-অপ্রীতি।মাঘ বিহুৰ আন্তৰিক শুভকামনা।
ভোগালীৰ ওলগ জনালো। এই বিহুয়ে প্রতিজন অসমীয়াৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা।
ভোগৰ উৎসৱ ভােগালীয়ে সকলােৰে মনবােৰ সমৃদ্ধ কৰি তোলক।
Also Read: Magh Bihu 2026: মাঘ বিহু বা ভোগালী বিহু - ইতিহাস আৰু পৰম্পৰা
এই ভোগালীয়ে কঢ়িয়াই আনক সকলোৰে জীৱনলৈ আনন্দ আৰু উল্লাস। ভােগালী বিহুৰ আন্তৰিক ওলগ জনাইছো।
তোমালৈ মাঘ বিহুৰ হিয়াভৰা শুভকামনা জনালো । পিঠা-পনা খাই জীৱনটো উপভোগ কৰা।
আপোনাৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্যলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালো । আগন্তুক দিন বোৰ যাতে সুখ-শান্তি কঢিয়াই আনক। তাৰে কামনা কৰিলো।
অনাগত দিনবোৰ ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনা।
ভোগালী বিহুৰ হিয়াভৰা ওলগ জনালো। ভোগালীৰ ভোগে জীপাল কৰক অসমবাসীৰ মন।
প্ৰীতিৰ ভোজে সুদৃঢ় কৰক সম্প্ৰীতিৰ এনাজৰী।ভোগালী বিহুৰ আন্তৰিক শুভকামনা।
ভোগালীয়ে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক একতা, শান্তি আৰু ভাতৃত্ববোধ, তাৰে কামনা কৰিলো।
আমাৰ বাপতি সাহোন ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
উৰুকাৰ এই ক্ষণত সকলোকে ভোগালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগে-ভাগে এসাঁজ খোৱাৰ এই সাতামপুৰুষীয়া পৰম্পৰা অটুট ৰাখি উলহ মালহেৰে পাৰ হওঁক ভোগালীৰ উৰুকা।
ভোগালী বিহুয়ে সকলোৰে জীৱনলৈ সূখ সমৃদ্ধি কঢ়িয়াই আনক। ভাতৃত্ববোধৰ এনাজৰী ডাল আৰু সুদৃঢ় কৰক।
Also Read: Richest Actors in The World - ‘ৱৰ্ল্ড অৱ ষ্টেটিষ্টিক্স’য়ে প্ৰকাশ কৰিলে ধনী অভিনেতাৰ তালিকা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us