লেখক- শিক্ষাবিদ, প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰক কিৰণ চন্দ্ৰ ডেকাৰ দেহাৱসান

বিশিষ্ট শিক্ষাবিদ, অসম মাধ্যমিক শিক্ষা পৰিষদৰ প্রাক্তন পৰীক্ষা নিয়ন্ত্রক, মেঘালয় স্কুল শিক্ষা পৰিষদৰ প্রতিষ্ঠাপক সচিব গুৱাহাটী নিবাসী কিৰণ চন্দ্র ডেকাই মঙলবাৰে তেজপুৰস্থিত নিজা জীয়ৰী ডাঃ অর্চনা ডেকাৰ বাসভৱনত ৯৩ বছৰত শেষ নিশ্বাস ত্যাগ কৰে

author-image
Asomiya Pratidin
New Update
new ap web 2 (26)

ডিজিটেল ডেস্ক : বিশিষ্ট শিক্ষাবিদ, অসম মাধ্যমিক শিক্ষা পৰিষদৰ প্রাক্তন পৰীক্ষা নিয়ন্ত্রক, মেঘালয় স্কুল শিক্ষা পৰিষদৰ প্রতিষ্ঠাপক সচিব গুৱাহাটী নিবাসী কিৰণ চন্দ্র ডেকাই মঙলবাৰে তেজপুৰস্থিত নিজা জীয়ৰী ডাঃ অর্চনা ডেকাৰ বাসভৱনত ৯৩ বছৰত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৩২ চনত জন্ম গ্রহণ কৰা ডেকাই ডিব্ৰুগড়ৰ চৰকাৰী বালক উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্রিক পৰীক্ষা উত্তীর্ণ হৈ গুৱাহাটী কটন কলেজৰ পৰা আই এ, বি এছ চি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পৰিসংখ্যা বিভাগত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল। 

ইম্ফলৰ ডি. এম কলেজত প্রবক্তা, মুৰব্বী অধ্যাপক হিচাপে সেৱা আগবঢ়োৱা শিক্ষাবিদজনে অসম মাধ্যমিক শিক্ষা পৰিষদৰ প্রথমে সহকাৰী সচিব হিচাপে যোগদান কৰি পৰৱৰ্তী পর্যায়ত পৰীক্ষা নিয়ন্ত্রক হিচাপে অতি সুখ্যাতিৰে কার্যনির্বাহ কৰে। উল্লেখ্য যে অতি সততা আৰু দক্ষতাৰে সেৱা আগবঢ়োৱা শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী কিৰণ চন্দ্র ডেকাৰ কার্যকালত হাইস্কুল শিক্ষান্ত পৰীক্ষাসমূহ অতি নিকাভাৱে সম্পন্ন হোৱা পৰিলক্ষিত হৈছিল। 

WhatsApp Image 2025-12-16 at 7.45.49 PM (1)

১৯৯৪ চনত চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰাৰ পিছত তেখেতে বহু ছাত্র-ছাত্রীক বিনামূলীয়াকৈ শিক্ষাদান কৰাৰ লগতে ভৱিষ্যত জীৱন গঢ়াৰ ক্ষেত্ৰত পৰামর্শ আগবঢ়াই সকলোৰে প্রিয়ভাজন হৈছিল। এজন সু-লেখক ডেকাই অসমৰ বহু কাকত আলোচনীত বিভিন্ন চিন্তাগধুৰ প্রবন্ধ, সমালোচনা লেখি সমকালীন সমাজৰ ঘটনাৰাজিক সুন্দৰভাৱে বিশ্লেষণ কৰিছিল। 

এমিল জোলাৰ উপন্যাস 'লা-তেৰা'ক 'পৃথিৱীৰ বুকু' শীর্ষক নামেৰে অনুবাদ কৰা তেখেতৰ গ্ৰন্থখনে পাঠকৰ মাজত যথেষ্ট জনপ্রিয়তা অর্জন কৰিছিল। দুবছৰ পূৰ্বে তেখেতৰ 'তাহানিৰ ইটো সিটো' নামৰ গ্রন্থখনি গুৱাহটী প্ৰেছ ক্লাৱত উন্মোচিত হৈছিল। 

মৃত্যুৰ সময়ত তেওঁ দুই কন্যা ডাঃ অর্চনা ডেকা, অনিতা ডেকা মহন্তসহ দুই জোঁৱাই, নাতি-নাতিনী ইহ সংসাৰত এৰি থৈ যায়। উল্লেখ্য যে, তেখেতৰ কনিষ্ঠ জোঁৱাই শ্যামকানু মহন্ত দূর্ভাগ্যজনকভাৱে জুবিন গাৰ্গ মৃত্যু গোচৰত কাৰাবাস খাটি থকাৰ পৰিপ্ৰেক্ষিতত শহুৰৰ মৃত্যুৰ পিছতো দেখাৰ পৰা বঞ্চিত হৈছে।

শিক্ষাবিদ