Advertisment

'কুম্ভ মেলা ২০২৫' কেতিয়া, কিয় অনুষ্ঠিত হয় জানি লওঁক

কুম্ভ মেলা হিন্দু ধৰ্মৰ এক অন্যতম গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ।এইবাৰ কুম্ভমেলা ১৩জানুৱাৰীত পৌষ পূৰ্ণিমা স্নানৰ পৰা আৰম্ভ হৈ ২৬ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি স্নানৰ সৈতে সমাপ্ত হ'ব।

author-image
Asomiya Pratidin
New Update
kumbh mela

ডিজিটেল ডেস্ক: কুম্ভ মেলা হিন্দু ধৰ্মৰ এক অন্যতম গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ।এইবাৰ কুম্ভমেলা ১৩জানুৱাৰীত পৌষ পূৰ্ণিমা স্নানৰ পৰা আৰম্ভ হৈ ২৬ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি স্নানৰ সৈতে সমাপ্ত হ'ব।পিছে এই বিখ্যাত কুম্ভ মেলাৰ তাৎপৰ্য কি আপুনি জানেনে ? 

Advertisment

কুম্ভ মেলা: আটাইতকৈ ডাঙৰ ধৰ্মীয় অনুষ্ঠান

কুম্ভ মেলা পৃথিৱীৰ অন্যতম বৃহৎ ধৰ্মীয় উৎসৱ।কুম্ভ মেলা প্ৰয়াগৰাজ (এলাহাবাদ), হৰিদ্বাৰ, উজ্জয়িনী আৰু নাছিক এই চাৰিটা স্থানত অনুষ্ঠিত হয়। এই মেলা প্ৰতিখন ঠাইতে ১২ বছৰত এবাৰকৈ অনুষ্ঠিত হয়। বিশ্বাস অনুসৰি, এই মেলাৰ সময়ত পবিত্ৰ নদীত গা ধোৱাটোৱে সকলো পাপ ধ্বংস কৰে আৰু এজন ব্যক্তিয়ে সকলো দুখ-কষ্টৰ পৰা পৰিত্ৰাণ লাভ কৰে।

কুম্ভ মেলা এই ৪ ঠাইত কিয় অনুষ্ঠিত হয় ?

জনশ্ৰুতি অনুসৰি, যেতিয়া সাগৰ মন্থনত দেৱতা আৰু ৰাক্ষসসকলৰ মাজত অমৃতৰ ভাণ্ডাৰৰ বাবে যুদ্ধ হৈছিল, তেতিয়া ১২ টা স্থানত অমৃতৰ টোপাল পৰিছিল, যাৰ ভিতৰত ৪ খন ঠাই পৃথিৱীত আছে।

উল্লেখ্য যে, প্ৰয়াগৰাজ গংগা, যমুনা আৰু সৰস্বতী, হৰিদ্বাৰ গংগা নদী, উজ্জয়িনী শিপ্ৰা নদী আৰু নাছিক গোদাৱৰী নদীৰ সংগম স্থলী। বিশ্বাস কৰা হয় যে এই নদীবোৰত গা ধুই সকলোয়ে পাপৰ পৰা মুক্ত হৈ পুণ্য উপাৰ্জন কৰে।

কুম্ভ মেলা কেতিয়া অনুষ্ঠিত হয় ?

কুম্ভ মেলা প্ৰতি ১২ বছৰত এবাৰকৈ অনুষ্ঠিত হয়।জ্যোতিষীয় গণনা অনুসৰি, হৰিদ্বাৰত পৰৱৰ্তী কুম্ভ মেলা ২০৩৩ চনত অনুষ্ঠিত হ'ব। শেষবাৰৰ বাবে ২০২১ চনত হৰিদ্বাৰত কুম্ভ মেলা অনুষ্ঠিত হৈছিল, য'ত কোটি কোটি ভক্তই গংগা নদীত গা ধুবলৈ আহিছিল।

কুম্ভ মেলা আৰু জ্যোতিষ গণনা

কুম্ভ মেলা কেতিয়া আৰু ক'ত অনুষ্ঠিত হ'ব, সেয়া প্ৰকৃততে জ্যোতিষীৰ গণনাৰ ওপৰতহে নিৰ্ভৰ কৰে। সেই অনুসৰিয়েই তলত উল্লেখ কৰা ধৰণৰে ঠাই অনুসৰি এই মেলা অনুষ্ঠিত হয়।

হৰিদ্বাৰ: যেতিয়া সূৰ্য মেষ ৰাশিত থাকে আৰু বৃহস্পতি কুম্ভৰাশিত থাকে।

প্ৰয়াগৰাজ: যেতিয়া সূৰ্য মকৰ ৰাশিত থাকে আৰু বৃহস্পতি বৃষ ৰাশিত থাকে।

নাছিক: যেতিয়া বৃহস্পতি সিংহ ৰাশিত প্ৰৱেশ কৰে।

উজ্জয়িনী: যেতিয়া সূৰ্য মেষ ৰাশিত থাকে আৰু বৃহস্পতি সিংহ ৰাশিত থাকে।

Also Read: আপুনিও এই ৰাশিৰ এগৰাকী যদি সুখৰ হ’ব আপোনাৰ বৈবাহিক জীৱন